গুৱাহাটী,১২ জুন: অতি শীঘ্ৰে টেক্সি বাইক চালকসকলৰ বাবে হ’ব নতুন ড্ৰেচ ক’ড ( New dress code for cab drivers in Assam)। অহা ১৫ জুনৰ পৰা পে ইণ্ডিয়া’ চালকসকলে পিন্ধিব লাগিব হালধীয়া ৰঙৰ ইউনিফৰ্ম । একেদৰে 20 জুনৰ পৰা ৰেপিড’ বাইকচালক সকলে পিন্ধিব লাগিব ইউনিফর্ম আৰু 25 জুনৰ অলা-উবেৰ বাইক টেক্সি চালকসকলে পিন্ধিব লাগিব ইউনিফর্ম ।
দেওবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰিছে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া হিমাংশু কুমাৰ দাসে । সংবাদ মাধ্যমৰ আগত পৰিবহণ বিষয়া গৰাকীয়ে কয় যে, অহা ১ জুলাইৰ পৰা মহানগৰীত ইউনিফৰ্ম নিপিন্ধা বাইক চালকসকলৰ বিৰুদ্ধে পৰিবহন বিভাগে চলাব অভিযান । তাৰোপৰি গ্ৰাহকৰ অভিযোগৰ ভিত্তিত আইন অমান্য কৰা, গ্ৰাহকৰ পৰা অধিক ভাড়া সংগ্ৰহ কৰা আৰু যাত্ৰীক বেয়া ব্যৱহাৰ কৰা বহু ৰেপিড’ চালকৰ বিৰুদ্ধে পৰিবহণ বিভাগে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কেইবাজনকো আটক কৰাৰ কথা ব্যক্ত কৰে বিষয়াগৰাকীয়ে (Cab services in Assam)।
তেওঁ লগতে কয়, পৰিবহন বিভাগৰ তৎপৰতাৰ বাবে মহানগৰীত পূৰ্বৰ তুলনাত পথ দুৰ্ঘটনা সংখ্যা হ্ৰাস পাইছে । ইফালে মহানগৰীত ডাম্পাৰৰ দৌৰাত্ম ৰোধ কৰাৰ ক্ষেত্ৰত পৰিবহন বিভাগ অধিক কঠোৰ হোৱাৰ ইংগিত দি পৰিবহন বিষয়া গৰাকীয়ে কয়, পৰিবহন নিয়ম উলংঘা কৰা সকলো বাহনৰ বিৰুদ্ধে অধিক কঠোৰ হ’ব (New uniform for cab drivers)।
দেওবাৰে নাৰেংগীৰ কেন্দুগুৰিত অল আসাম কেব অপাৰেটৰ্চ ইউনিয়নৰ এখন সভাত অংশগ্ৰহণ কৰি জিলা পৰিবহন বিষয়া হিমাংশু কুমাৰ দাসে কেব চালকসকল আৰু জনসাধাৰণৰ মাজত ব্যৱধান দূৰ কৰাৰ বাবে বুজনি দিয়ে । মহাভাৰতৰ আখ্যানৰ উদাহৰণ দাঙি ধৰি বিষয়াগৰাকীয়ে "অৰ্জুনৰ সাৰথি ভগবান নাৰায়ণ আছিল । সেইদৰে চালক সকলৰ সাৰথি জনতা" বুলি উল্লেখ কৰি সেৱাৰ মনোভাৱৰে আগবাঢ়িবলৈ কেৱ চালকসকলক আহ্বান জনায় ।
ইফালে কেব চালক সংগঠন আৰু জিলা পৰিবহন বিষয়াৰ সৈতে হোৱা আলোচনাৰ অন্তত পূৰ্বৰ তুলনাত বৰ্তমানে বহু পৰিমানে অলা আৰু উবেৰ চালকসকলৰ বিৰুদ্ধে যাত্ৰীয়ে অনা অভিযোগ কমা বুলিও তেওঁ ব্যক্ত কৰে ।
লগতে পঢ়ক : KAAC election 2022 : নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বেই পৰাজয় স্বীকাৰ ভূপেন বৰাৰ