গুৱাহাটী,20 মাৰ্চ: সংশোধিত নাগৰিকত্ব আইন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে ৰাজ্যজুৰি শনিবাৰে ৰূপায়িত হ’ল প্ৰতিবাদী কাৰ্যসূচী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই উলিয়ালে বৃহৎ প্ৰতিবাদী বাইক ৰেলী ৷ মহানগৰীৰ উজান বজাৰৰ শ্বহীদ ন্যাসৰ পৰা উলিওৱা হয় এই প্ৰতিবাদী ৰেলী ৷ চানমাৰী, জু ৰোড তিনিআলি, গণেশগুৰি হৈ ভঙাগড়, উলুবাৰীৰ পৰা পুনৰ শ্বহীদ ন্যাসত অন্ত পৰে এই প্ৰতিবাদী বাইক ৰেলী ৷

শনিবাৰৰ প্ৰতিবাদস্থলীত মহানগৰ ছাত্ৰ সন্থাৰ হুংকাৰ- "কা বাতিল নোহোৱা পৰ্যন্ত ছাত্ৰ সন্থাৰ প্ৰতিবাদ অব্যাহত থাকিব ৷ আজিৰ বাইক ৰেলীৰ যোগেদি আমি পুনৰ অসমৰ জনগণক 'কা' সন্দৰ্ভত সজাগ কৰি তুলিব বিচাৰিছো ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বলপূৰ্বকভাবে 'কা' জাপি দিছে ৷ 'কা'ৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই ধাৰাবাহিক আন্দোলন চলাই যাব" ৷

লগতে পঢ়ক: পোষ্টেল ভোট সংগ্ৰহ কৰিবলৈ গৈ আৱদ্ধ নিৰ্বাচনী বিষয়া