ETV Bharat / city

ৰাজ্যপালৰ ভাষণৰে আৰম্ভ বিধানসভাৰ বাজেট অধিৱেশন - Budget session of assembly begins with Governor speech

বিধানসভাৰ এইবাৰৰ বাজেট অধিৱেশনত কমেও সাতখনকৈ বিধেয়ক সদনত উত্থাপন কৰা হ’ব । ১৬ মাৰ্চত সদনত বিত্ত মন্ত্ৰী অজন্তা নেওগে (Assam first female finance minister Ajanta Neog) দাখিল কৰিব ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট ৷

budget-session-of-assam-assembly-begins-with-governor-speech
বিধানসভাৰ বাজেট অধিবেশন
author img

By

Published : Mar 14, 2022, 10:21 AM IST

গুৱাহাটী, 14 মাৰ্চ : সোমবাৰৰ পৰা এঘাৰদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন 2022 (Assam Assembly Budget Session 2022) ৷ ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হোৱা এই অধিৱেশন চলিব ১ এপ্ৰিল পৰ্যন্ত ।

বুধবাৰে অৰ্থাৎ ১৬ মাৰ্চত সদনত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব ২০২২-২৩ বিত্তীয় বৰ্ষৰ বাজেট (Ajanta Neog to table Budget on March 16) । মন কৰিবলগীয়া যে, এইবাৰৰ বাজেট অধিৱেশন ১ এপ্ৰিললৈকে চলিলেও অধিৱেশনৰ মুঠ কৰ্মদিন হ’ব ১১ দিনহে ।

একেদৰে ৯ এপ্ৰিলৰ পৰা যিহেতু অসম বিধানসভাত অনুষ্ঠিত হ’ব কমনৱেলথ সন্মিলন, যি সন্মিলনত ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ বিধানসভাৰ অধ্যক্ষসকল উপস্থিত থাকিব, তাৰ প্ৰতি লক্ষ্য ৰাখিও এইবাৰৰ বাজেট অধিৱেশনত ৰখা হোৱা নাই কেইবাটাও কাৰ্যক্ৰমণিকা । তাৰ ভিতৰত অন্যতম হৈছে স্পীকাৰ্ছ ইনিচিয়েটিভ শীৰ্ষক কাৰ্যসূচী ।

আনহাতে, বিধানসভাৰ এই বাজেট অধিৱেশনতে কমেও সাতখনকৈ বিধেয়ক সদনত উত্থাপন হ’ব । ইয়াৰে এখন হৈছে বিত্ত বিভাগৰ, এখন সংখ্যালঘু উন্নয়ন বিভাগৰ, দুখন সমাজ কল্যাণ বিভাগৰ, দুখন গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন বিভাগৰ আৰু এখন উদ্যোগ বিভাগৰ বিধেয়ক ।

অধিৱেশনৰ প্ৰথম দিনটোত ৰাজ্যপালে তেওঁৰ ভাষণ আগবঢ়োৱাৰ উপৰিও বিধানসভাৰ অধ্যক্ষই বিধানসভাৰ বিভিন্ন সমিতিসমূহ ঘোষণা কৰে । অধিৱেশনৰ দ্বিতীয় দিনাৰ পৰা সদনত প্ৰশ্নোত্তৰ কাল, শূন্যকালীন ঘণ্টা আদি নিয়মীয়া কাৰ্যসূচীসমূহ অনুষ্ঠিত হ’ব ।

লগতে পঢ়ক : বিজেপিত যোগদান কৰিলেই সকলো জ্যেষ্ঠ হৈ পৰে : ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.