ETV Bharat / city

পদূলিমুখত হেঁপাহৰ ৰঙালী

ৰাজ্যৰ চৌদিশে এতিয়া বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি

author img

By

Published : Mar 28, 2019, 7:41 PM IST

বাপতিসাহোনক আদৰাৰ ব্যাপক প্ৰস্তুতি

গুৱাহাটী, 28 মাৰ্চঃবসন্তৰ আগমণে আনিছে ৰঙালীৰ বতৰা ৷ অসমীয়াৰ আদৰৰ ৰঙালী বিহুটিক আদৰিবলৈ সাজু ৰাজ্যবাসী ৷ ঢোল-পেঁপা গগণাৰ মাতত ৰজনজনাইছে ৰাজ্য ৷ আপোনজনক বিহুৱান দিবলৈ তাঁতশালত যদি বোৱনীৰ ব্যস্ততা আনহাতে আকৌ ডেকা গাভৰুসকল ব্যস্ত বিহুৰ আখৰাত ৷ চৌদিশে মাথো কেৱল চেনেহৰ বিহুটিক আদৰাৰ প্ৰস্তুতি ৷

বাপতিসাহোনক আদৰাৰ ব্যাপক প্ৰস্তুতি
ইপিনে ডেকা-গাভৰু, বোৱনীৰ সমান্তৰালকৈ ব্যস্ততা বাঢ়িছে ঢোল বিক্ৰী কৰা দোকানসমূহতো । ঢোলৰ সমাহাৰ লৈ বিহুটিক আদৰিবলৈ ঢোল ব্যৱসায়ীসকল ব্যস্ত হৈ পৰিছে যদিও গ্ৰাহকৰ সীমিত সঁহাৰিয়ে হতাশ কৰি তুলিছে ঢোল ব্যৱসায়ীসকলক ৷ তেওঁলোকৰ মন্তব্য ঢোলবাদন অথবা বিহুৰ প্ৰতি নৱপ্ৰজন্ম আগ্ৰহী নোহোৱাৰ ফলতে হ্ৰাস পাইছে ঢোলৰ চাহিদা ৷ যাৰ বাবে ঢোলৰ বজাৰত সৃষ্টি হৈছে মন্দাৱস্থাৰ ৷সেয়া যিয়েই নহওক, বাপতি সাহোন বিহুটিক লৈ ৰঙিয়াল হৈ পৰিছে সকলোৰে মন ৷

Intro:পদূলি মুখত হেপাঁহৰ ৰঙালী বিহু ।চৌদিশে এতিয়া বাপতিসাহোন ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ।সমান্তৰালভাৱে ব্যস্ততা বাঢ়িছে ঢোল বিক্ৰী কৰা দোকান সমূহতো ।

PTC

কিন্তু পূৰ্বৰ তুলনাত ঢোলৰ চাহিদা যথেষ্ট পৰিমাণে হ্ৰাস পাইছে ।মাত্ৰ সীমিত পৰিমাণৰ লোকহে ঢোলৰ মেৰামতি আৰু ক্ৰয়ৰ বাবে আহিছে বুলি মন্তব্য কৰিলে বিক্ৰেতা সকলে ।

বাইট

ঢোল বাদন অথবা বিহুৰ প্ৰতি প্ৰকৃততে আজিৰ প্ৰজন্মৰ আগ্ৰহ কমিছে নেকি?ইন্টাৰনেট,মবাইলৰ আগ্ৰাসনৰ বাবেই ঢোলৰ বজাৰ খনত মন্দাৱস্থা হৈছে বুলিও মন্তব্য কৰিলে ঢোল।বিক্ৰেতাই ।

বাইট

সেয়া যিয়েই নহওঁক কিয় বাপতি সাহোন বিহুটিক লৈ প্ৰতিগৰাকী লোকৰ মন অতি ৰঙিয়াল ।প্ৰস্তুতি চলাইছে চেনেহৰ বিহুটিক আদৰিবলৈ ।

Body:লিপিকা ডেকা ।

Conclusion:গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.