ETV Bharat / city

শিৱসাগৰ-ৰঙাপাৰাৰ উপ-নিৰ্বাচন নিবিচাৰে ৰাজ্য চৰকাৰে: মঙলবাৰে হ'ব সিদ্ধান্ত - Bi-Election of Rangapara and Sivsagar

উল্লেখযোগ্য যে 2019ৰ 10 ডিচেম্বৰত ৰঙাপাৰাৰ বিজেপি বিধায়ক ৰাজেন বৰঠাকুৰ আৰু চলিত বৰ্ষৰ 3 ফেব্ৰুৱাৰীত শিৱসাগৰৰ কংগ্ৰেছ বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ মৃত্যু হোৱাত দুয়োটা সমষ্টিৰে আসন দুখন খালী হৈ পৰিছিল ।

শিৱসাগৰ-ৰঙাপাৰাৰ উপ-নিৰ্বাচন নিবিচাৰে ৰাজ্য চৰকাৰে: মঙলবাৰে হ'ব সিদ্ধান্ত

author img

By

Published : Sep 28, 2020, 10:44 PM IST

গুৱাহাটী, 28 ছেপ্টেম্বৰ : দেশৰ বিভিন্ন ৰাজ্যৰ মুঠ 65টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ সূচী কাইলৈ অৰ্থাৎ মঙলবাৰে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিব । স্বাভাৱিকতে প্ৰশ্ন উঠিছে অসমৰ শিৱসাগৰ আৰু ৰঙাপাৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ দিনো কাইলৈ নিৰ্বাচন আয়োগে ঘোষণা কৰিব নেকি ? ইতিমধ্যে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই দেশৰ নিৰ্বাচন আয়োগক এক পত্ৰ যোগে জনাইছে যে বৰ্তমান নিৰ্বাচন অনুষ্ঠিত কৰিব পৰাকৈ অসমৰ পৰিস্থিতি মুঠেও অনুকূল নহয় । ক'ৰনাই ৰাজ্যত শেহতীয়াকৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইয়াৰোপৰি 2021ৰ মাৰ্চ-এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন । গতিকে মাত্ৰ কেইমাহমানৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষপাতি নহয় ৰাজ্য চৰকাৰ ।

উল্লেখযোগ্য যে 2019ৰ 10 ডিচেম্বৰত ৰঙাপাৰাৰ বিজেপি বিধায়ক ৰাজেন বৰঠাকুৰ আৰু চলিত বৰ্ষৰ 3 ফেব্ৰুৱাৰীত শিৱসাগৰৰ কংগ্ৰেছ বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ মৃত্যু হোৱাত দুয়োটা সমষ্টিৰে আসন দুখন খালী হৈ পৰিছিল ।

নিয়ম অনুসৰি ছমাহৰ ভিতৰত অনুষ্ঠিত হ'ব লাগে উপ-নিৰ্বাচন । কিন্তু ৰাজ্যৰ বিধানসভা নিৰ্বাচন যিহেতু সমাগত তেনেক্ষেত্ৰত এতিয়া এই দুটা সমষ্টিৰ ক্ষেত্ৰত দেশৰ নিৰ্বাচন আয়োগে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক : হৃদৰোগৰ বলি হৈ এমাহত মৃত্যু ছগৰাকী স্থলসেনা বিষয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.