ETV Bharat / city

বেংক কৰ্মচাৰীৰ দেহত পোৱা গ'ল কোভিড-19 পজিটিভ

আৰক্ষী, চিকিৎসকৰ পিছত পুনৰ এইবাৰ বেংকৰ কৰ্মচাৰী কোভিড-১৯ত আক্ৰান্ত হৈছে । বামুণীমৈদামস্থিত ভাৰতীয় ষ্টেট বেংকৰ এগৰাকী মহিলা কৰ্মচাৰীৰ দেহত পোৱা গৈছে মাৰাত্মক কোভিড-১৯ ।

বেংক কৰ্মচাৰীৰ দেহত পোৱা গ'ল কোভিড-19 পজিটিভ
বেংক কৰ্মচাৰীৰ দেহত পোৱা গ'ল কোভিড-19 পজিটিভ
author img

By

Published : Jun 23, 2020, 10:29 PM IST

গুৱাহাটী, 23 জুন : গুৱাহাটীত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ'ণা ভাইৰাছে । আৰক্ষী, চিকিৎসকৰ পিছত পুনৰ এইবাৰ বেংকৰ কৰ্মচাৰী কোভিড-১৯ত আক্ৰান্ত হৈছে । বামুণীমৈদামস্থিত ভাৰতীয় ষ্টেট বেংকৰ এগৰাকী মহিলা কৰ্মচাৰীৰ দেহত পোৱা গৈছে মাৰাত্মক কোভিড-১৯ । বামুণীমৈদামৰ নিউ গুৱাহাটীৰ এছ বি আই শাখাত কৰ্মৰত আক্ৰান্ত মহিলাগৰাকীৰ নাম নিভা দলে (২৭) বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, মহিলাগৰাকী মংগলবাৰে কৰ্তব্যস্থলীত উপস্থিত নাছিল মহিলাগৰাকী । আক্ৰান্ত মহিলাগৰাকীক স্বাস্থ্য বিভাগে চিকিৎসাৰ বাবে MMC হাস্পতাললৈ ইতিমধ্যে প্ৰেৰণ কৰিছে । কৰ্মচাৰীগৰাকীৰ কোনো ভ্ৰমণ ইতিহাস নাই । জু-ৰোডৰ হাতীগড়ত বাস কৰা বেংক কৰ্মচাৰীগৰাকীৰ দেহত কৰ'ণাৰ অৱস্থিতি ধৰা পৰাৰ পাছত ইতিমধ্যে বেংকটোৰ মূল প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়া হৈছে লগতে গ্ৰাহকৰ লেন-দেন বন্ধ কৰি দিছে বেংক কৰ্তৃপক্ষই ৷

লগতে পঢ়কঃ ডিব্ৰুগড়ৰ সৌৰভ হত্যাত জড়িতৰ অভিযোগত আটক এজন নাবালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.