বাইহাটা, 22 জুন : অৱশেষত টোল গেটৰ বিৰোধিতাৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ । বাইহাটা চাৰিআলিৰ মদনপুৰত বিগত ১৬ জুনত মুকলি হৈছিল টোলগেট । মদনপুৰ হাইস্কুলৰ সন্মুখতে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনে নিৰ্মান কৰা টোলগেট বন্ধৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ সহযোগত পূব কামৰূপ ছাত্ৰ সন্থাই সাব্যস্ত কৰে প্ৰতিবাদ ।
টোল গেট বন্ধৰ দাবীত মানৱ শৃংখলেৰে ছাত্ৰ সন্থাই এইদৰে সাব্যস্ত কৰে প্ৰতিবাদ । লকডাউনৰ সময়ত 144 ধাৰা বাহাল থকাৰ সুযোগত জোৰ-জুলুমকৈ টোল গেট নিৰ্মান কৰা বুলি উল্লেখ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে । টোল গেট বন্ধ নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাই গনতান্ত্ৰিকভাৱে আন্দোলন চলাই যোৱাৰো হুঙ্কাৰ দিয়ে ।
ৰাজ্যত বিভিন্ন দল সংগঠনৰ প্ৰতিবাদৰ মাজতে বিগত 16 জুনত মদনপুৰৰ টোলগেট আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আঞ্চলিক বিষয়া এম বি কনছৰটিয়ামে । বিষয়াগৰাকীয়ে মাংগলিক কাৰ্যসূচীৰে ফিটা কাটি উদ্বোধন কৰে মদনপুৰৰ টোলগেট । যাৰ পিচতে 31 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চলাচল কৰা যান-বাহনে এতিয়াৰে পৰা মাছুল ভৰিব লাগিব ৷ অৱশ্যে কামৰূপ জিলাত পঞ্জীকৃত বাহনে এই মাছুলৰ পৰা ৰেহাই পাব ৷
লগতে পঢ়কঃ দল সংগঠনৰ প্ৰতিবাদক নেওচি মুকলি কৰা হ'ল মদনপুৰস্থিত টোলগেট