ETV Bharat / city

অন্ত পৰিল ১০৪ দিনীয়া উৎকণ্ঠাৰ, নুমাল বাঘজানৰ জুই !

author img

By

Published : Sep 8, 2020, 4:21 PM IST

অইল কৰ্তৃপক্ষই মঙলবাৰে বাঘজানৰ এই জুই এক পদ্ধতিৰে নুমুৱাবলৈ সক্ষম হৈছে বুলি দাবী কৰিছে যদিও স্থানীয় ৰাইজে এই কথা মানি লোৱা নাই । কাৰন মুল খাদৰ জুই নুমুৱাবলৈ গৈ অইলে আন দুই ঠাইৰে গেছ নিৰ্গমন কৰাবলৈ বাধ্য হৈছে ।

baghjan gas leak update
অন্ত পৰিল ১০৪ দিনীয়া উৎকণ্ঠাৰ, নুমাল বাঘজানৰ জুই !

গুৱাহাটী, 8 ছেপ্তেম্বৰঃ অৱশেষত ১০৪ দিনীয়া উৎকণ্ঠাৰ অন্ত পৰিল ৷ বাঘজানৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হ’ল অইল কৰ্তৃপক্ষ ৷ বিদেশী বিশেষজ্ঞ দলৰ আপ্ৰাণ প্ৰচেষ্টাত সোমবাৰে বাঘজানৰ পাঁচ নং খাদৰ প্ৰায় তিনি হাজাৰ ফুট তলত গেছ নিৰ্গত হৈ থকা পাইপডালৰ মূৰত কেপিং কৰিবলৈ সক্ষম হয় ৷ এই দাবী কৰিছে অইল কৰ্তৃপক্ষই ৷ বিগত ১০৪ দিনত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছিল অইল কৰ্তৃপক্ষ ৷ ক্ষতিগ্ৰস্ত প্ৰায় শতাধিক পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ লগতে জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছিল অইলৰ কোটি টকীয়া সা-সামগ্ৰী ৷

অভিশপ্ত ৯ জুন ৷ তিনিচুকীয়াৰ বাঘজানৰ ৫ নং তৈলখাদত সংঘটিত হৈছিল ভয়ানক বিস্ফোৰণ ৷ নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰিছিল সমগ্ৰ অঞ্চল ৷ জুইৰ তীব্ৰতা ইমানেই ভয়ংকৰ আছিল যে প্ৰায় দুই কিলোমিটাৰ নিলগৰ পৰাই স্পষ্টকৈ প্ৰত্যক্ষ কৰিব পৰা হৈছিল বাঘজানৰ অগ্নিশিখা ৷ ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হৈছিল দুৰ্লভ গগৈ আৰু তীক্ষেশ্বৰ গোঁহাই ৷

২৭ মে’ ২০২০ত বাঘজানৰ ৫ নং খাঁদৰ পাইপত সংঘটিত হৈছিল এক ভয়ানক বিস্ফোৰণ ৷ বিকট শব্দ কৰি তেতিয়াৰে পৰা ভূগৰ্ভৰ পৰা নিৰ্গমন হৈ আছিল তেলৰ লগতে বিষাক্ত মিথেন আৰু প্ৰপেন গেছ ৷

তৈল খাদটোত বিস্ফোৰণ সংঘটিত হোৱাৰ পাছতেই স্থানীয় লোকসকলক স্থানান্তৰিত কৰা হৈছিল নিৰাপদ স্থানলৈ ৷ নিৰ্গত হৈ থকা বিষাক্ত গেছ আৰু তেলৰ নিৰ্গমন ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ আৰু অইল কৰ্তৃপক্ষৰ নিমন্ত্ৰণ ক্ৰমে বাঘজানত উপস্থিত হৈছিল ছিংগাপুৰৰ বিশেষজ্ঞৰ দল ৷

৪ জুন ২০২০,বাঘজানত উপস্থিত হৈ গেছ নিৰ্গমন ৰোধৰ বাবে নিয়োজিত হৈছিল ছিংগাপুৰৰ বিশেষজ্ঞৰ দলটো ৷ চেষ্টা অব্যাহত ৰাখিছিল গেছ নিৰ্গত হৈ থকা স্থানত নতুনকৈ কেপিং কৰি গেছৰ নিৰ্গমন ৰোধ কৰিবলৈ ৷ কিন্তু দুৰ্ভাগ্যবশতঃভাৱে বিশেষজ্ঞৰ দলটোৱে তেল আৰু গেছৰ নিৰ্গমন ৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে ভয়ংকৰ বিস্ফোৰণ সংঘটিত হয় তৈলখাঁদটোত ৷ আৰু লগে লগে অগ্নিকাণ্ডৰ সুত্ৰপাত হয় অইলৰ পাঁচ নং তৈল খাঁদত ৷ লগে লগে সমগ্ৰ অঞ্চলটো জুইৰ লেলিহান শিখাই আগুৰি ধৰে ৷ ফলত অঞ্চলটোৰ প্ৰায় শতাধিক আৱাসগৃহ জুইত ভস্মীভূত হোৱাৰ লগতে জুইত জাহ যায় বিস্তীৰ্ণ কৃষি ভূমি অঞ্চল ৷ জীৱন্তে অগ্নিদগ্ধ হৈ দুজনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰাণ গ’ল ভালেসংখ্যক জীৱকূলৰ ৷

ঘটনা সংঘটিত হোৱাৰ পাছতেই ১১ জুনৰ দিনা সমগ্ৰ ঘটনাক তদন্ত ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে, তদন্তৰ ভাৰ দিছিল অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিঙক ৷

তদন্ত প্ৰক্ৰিয়াৰ সমান্তৰালভাৱে চলি আছিল জুই নিৰ্বাপনৰ প্ৰচেষ্টা ৷ বিশেষজ্ঞসকলৰ নিৰলস প্ৰচেষ্টাত জুই প্ৰায় ৭০ শতাংশ নিৰ্বাপনৰ দিশে গতি কৰিছিল যদিও ২২ জুনত পুনৰ বিস্ফোৰণ সংঘটিত হয় তৈল খাঁদটোত ৷ ফলত গুৰুতৰভাৱে আহত হয় ছিংগাপুৰৰ বিশেষজ্ঞ এন্টনী ষ্টিভেন ৰেনল্ডছ, ড’গ ডালাছ আৰু ক্ৰেইগ নীল জন ৷ যাৰ বাবে জুই নিৰ্বাপনৰ আশা পুনৰ মাৰ যায় ৷

প্ৰণিধানযোগ্য যে, বাঘজানৰ এই দুৰ্যোগৰ ফলত প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হৈছে প্ৰায় দহ হাজাৰৰো অধিক লোক । এই সময়ছোৱাত ন হাজাৰ লোকক স্থানীয়ভাৱে আশ্ৰয় শিবিৰত ৰাখিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় । ইতিমধ্যে অইল কৰ্তৃপক্ষই কেইবাটাও পৰিয়াললৈ বিশ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰিছে । এই দুৰ্যোগ সন্দৰ্ভত প্ৰাকৃতিক তথা জৈৱ বৈচিত্ৰ কিমান ক্ষতি হ'ল সেই সন্দৰ্ভত আইআইটি-গুৱাহাটী, মেচাৰ্চ টেৰে,মেচাৰ্চ ইআৰএম তথা চিএছআইআৰ-এনইআইএছটি প্ৰমুখ্যে কেইবাটাও সংস্থাই অধ্যয়ন চলাই আছে যদিও চুড়ান্ত প্ৰতিবেদন কোনোৱে প্ৰকাশ কৰা নাই । আনহাতে, এই অপ্ৰত্যাশিত ঘটনাৰ বাবে যোৱা আগষ্ট মাহৰ শেষ সপ্তাহ পৰ্যন্ত অইল কৰ্তৃপক্ষই 30,677 মেট্ৰিক টন খাৰুৱা তেল আৰু 72.21 মিলিয়ন মেট্ৰিক টন ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰ প্ৰাকৃতিক গেছ হেৰুৱাব লগা হৈছে । উল্লেখ্য যে অইল কৰ্তৃপক্ষই মঙলবাৰে বাঘজানৰ এই জুই এক পদ্ধতিৰে নুমুৱাবলৈ সক্ষম হৈছে বুলি দাবী কৰিছে যদিও স্থানীয় ৰাইজে এই কথা মানি লোৱা নাই । কাৰন মুল খাদৰ জুই নুমুৱাবলৈ গৈ অইলে আন দুই ঠাইৰে গেছ নিৰ্গমন কৰাবলৈ বাধ্য হৈছে । এতিয়া ইয়াৰ ফল ৰাইজে কি সমস্যাৰ সন্মুখীন হয় সেয়া সময় হে ক'ব ।

লগতে পঢ়ক: জেক ৱেলৰ সৌন্দৰ্যই হাত বাউলি মাতিছে পৰ্যটকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.