ETV Bharat / city

ৰঙিয়াৰ কেন্দ্ৰীয় মছজিদ কমিটিৰ সমূহীয়া নামাজ বৰ্জন

author img

By

Published : May 12, 2021, 4:30 PM IST

ৰঙিয়াৰ কেন্দ্ৰীয় মছজিদ কমিটিৰ ঈদত সমুহীয়া নামাজ নপঢ়াৰ সিদ্ধান্ত ৷ কৰ’ণাৰ ভয়াৱহ সংক্ৰমণ বাবেই সমুহীয়া নামাজ বৰ্জনৰ সিদ্ধান্ত ৷ সকলোকে ঘৰতে নামাজ পঢ়াৰ আহ্বান ৷

মুকলি আকাশৰ তলত সমুহীয়া নামাজ নপঢ়াৰ সিদ্ধান্ত ৰঙিয়াৰ কেন্দ্ৰীয় মছজিদ কমিটিৰ

ৰঙিয়া,12 মে': কৰ’ণাৰ সংহাৰৰ মাজতে পালেহি পবিত্ৰ ঈদ উল ফিটৰ । কিন্তু ৰঙিয়াৰ কেন্দ্ৰীয় মছজিদ কমিটিয়ে ঈদৰ সমূহীয়া নামাজ পঢ়াৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে ৷ চৰকাৰী নিয়ম-নীতি মানি সকলোকে ঈদৰ নমাজ আদায় কৰাৰ আহ্বান জনাইছে ৰঙিয়াৰ কেন্দ্ৰীয় মছজিদ কমিটিয়ে । মুছলমান লোকসকলে এমাহ ৰোজা ৰাখি উলহ-মালহেৰে প্ৰত্যেক বছৰে পালন কৰে ঈদ-উল-ফিটৰ ।

ৰঙিয়াৰ কেন্দ্ৰীয় মছজিদ কমিটিৰ সমূহীয়া নামাজ বৰ্জন

মুকলি আকাশৰ তলত ঈদগাহ ময়দান সমূহত কেইবা সহস্ৰাধিক লোকে ৰাজহুৱাভাৱে ঈদৰ নমাজ আদায় কৰে । কিন্তু এইবাৰ কৰ'ণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সমূহীয়াকৈ পালন নকৰে ঈদ ৷ ৰঙিয়াৰ ঈদগাহ ময়দানসমূহত সমূহীয়াভাৱে নামাজ পঢ়াৰ পৰা বিৰত থাকিব ইছলাম ধৰ্মাৱলম্বী লোকসকলে । তাৰ বিপৰীতে সামাজিক দূৰত্ব বজাই ৰাখি, অনুষ্টুপীয়াকৈ ঘৰে ঘৰে পালন কৰিব ঈদ ।

প্ৰত্যেককে নিজৰ নিজৰ ঘৰতে ঈদৰ নামাজ আদায় কৰিবলৈ কৰিবলৈ আহ্বান ৰঙিয়াৰ কেন্দ্ৰীয় মছজিদ কমিটিয়ে । কৰ’ণাৰ পৰা পৰিত্ৰাণ পাবৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে । লগতে ৰঙিয়াৰ কেন্দ্ৰীয় মছজিদ কমিটিয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলক ঈদৰ দিনা আনন্দ-স্ফূৰ্তি কৰি চৰকাৰী নিয়ম-নীতি ভংগ নকৰাৰ আহ্বান জনায় ।

লগতে পঢ়ক : কৰ'ণাত আক্ৰান্ত হৈ বৰপেটাৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা আব্দুল কায়েমৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.