ETV Bharat / city

Russia Ukraine War : যুদ্ধভূমি ইউক্ৰেইনৰ পৰা মাতৃভূমিলৈ উভতিল অসমৰ ১০০ শিক্ষাৰ্থী

author img

By

Published : Mar 6, 2022, 7:27 PM IST

Updated : Mar 6, 2022, 9:52 PM IST

ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ অব্যাহত আছে (Russia Ukraine War) । সমগ্ৰ বিশ্ববাসী উদ্বিগ্ন হৈ থকাৰ মাজতে ভাৰত পালেহি অসমৰ আৰু কেবাগৰাকী শিক্ষাৰ্থী (Assamese students from Ukraine have arrived in India) ৷

assamese-students-from-ukraine-have-arrived-in-india
যুদ্ধভূমি ইউক্ৰেইনৰ পৰা মাতৃভূমিলৈ উভতিল অসমৰ ১০০ শিক্ষাৰ্থী

গুৱাহাটী, 6 মাৰ্চ : দেওবাৰে বিয়লি 4 বজা পৰ্যন্ত ইউক্ৰেইনৰ পৰা সুকলমে আহি ভাৰতত উপস্থিত হোৱা শিক্ষাৰ্থীৰ সংখ্যাই এশৰ ঘৰ স্পৰ্শ কৰিলে । দেওবাৰ বিয়লি মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই টুইট যোগে এই তথ্য প্ৰকাশ কৰিছে । দেওবাৰে পুৱতি নিশা ছয় গৰাকীকৈ অসমৰ শিক্ষাৰ্থীয়ে নিৰাপদে ইউক্ৰেইনৰ পৰা আহি দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত দেওবাৰেই বিয়লিৰ ভাগলৈ যুদ্ধভূমিৰ পৰা সুকলমে আহি দিল্লীত অৱতৰণ কৰে আৰু চাৰিগৰাকী অসমৰ শিক্ষাৰ্থীয়ে (Assamese students from Ukraine have arrived in India) ।

  • With the arrival of Sneha Deka (Guwahati), Mumshad Hujaef Uddin Ahmed (Nagaon), Ananya Das (Dibrugarh), Udit Bhattacharjee (Silchar), Devangan Barman (Silchar) & Ahmed Nur Emrul Kayes (Dhubri), altogether 100 students from Assam studying in Ukraine have been evacuated.@opganga pic.twitter.com/PRicE5p0ip

    — Himanta Biswa Sarma (@himantabiswa) March 6, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

দিল্লীত উপস্থিত হোৱা এই চাৰিগৰাকী শিক্ষাৰ্থী ক্ৰমে, ডিব্ৰুগড়ৰ অনন্যা দাস, শিলচৰৰ দেৱাংগন বৰ্মন, শিলচৰৰ উদিত ভট্টাচাৰ্য আৰু ধুবুৰীৰ আহমেদ নুৰ ইমৰুল কায়েছ ৷ ইয়াৰ পূৰ্বে দেওবাৰে পুৱতি নিশা আহি দিল্লীত উপস্থিত হৈছিল অসমৰ আৰু ছয়গৰাকী শিক্ষাৰ্থী ৷ এই শিক্ষাৰ্থীসকল ক্ৰমে নগাঁৱৰ নয়নজ্যোতি দাস, মুমশ্বাদ হুজেইফ উদ্দিন আহমেদ, ছাদ্দাম হুছেইন, নলবাৰীৰ মৃগাক্ষী কলিতা আৰু গুৱাহাটীৰ ভাস্বতী গোস্বামী আৰু স্নেহা ডেকা ।

উল্লেখ্য যে, ভাৰত চৰকাৰে বিৰামহীনভাবে চলাই থকা অপাৰেছন গংগা উদ্ধাৰ অভিযানৰ অধীনত এইসকল শিক্ষাৰ্থীক ইউক্ৰেইনৰ পৰা নিৰাপদে স্বদেশলৈ ঘূৰাই অনা হৈছে । ইতিমধ্যে ভাৰতত আহি উপস্থিত হোৱা অসমৰ শিক্ষাৰ্থীৰ সংখ্যাই এশৰ ঘৰ স্পৰ্শ কৰিছে আৰু সেইসকলৰ অধিকাংশই ইতিমধ্যে অসমৰ নিজা নিজা ঘৰত উপস্থিত হৈছে ।

আনহাতে, এতিয়াও ইউক্ৰেইনৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা ভাৰতীয় সকলক তৎকালে গুগুল ফৰ্ম পূৰণ কৰি অনলাইন যোগে দাখিল কৰিবলৈ ভাৰত চৰকাৰৰ বহিঃৰাষ্ট্ৰ পৰিক্ৰমা মন্ত্ৰনালয়ে জৰুৰীভাৱে আহ্বান জনাইছে । ইফালে, যুদ্ধজৰ্জৰ ৰাষ্ট্ৰখন (Russia Ukraine War) ৰ ছুমী অঞ্চলত এতিয়াও একাংশ অসমৰ শিক্ষাৰ্থীৰ লগতে ভালেসংখ্যক ভাৰতীয় শিক্ষাৰ্থী আৱদ্ধ হৈ আছে (Assamese students trapped in Ukraine) ।

লগতে পঢ়ক : ICC Women's World Cup : ভাৰতৰ হাতত 107 ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত পাকিস্তান

Last Updated : Mar 6, 2022, 9:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.