আজি 9 বজালৈ দহটা মুখ্য সংবাদ-
বহিঃৰাজ্যৰ পৰা অহা সকলো ব্যক্তি তথা কৰ'ণা সংক্ৰমনৰ সন্দেহ থকা লোকসকলক "মানৱীয় দৰদৰ জড়িয়তে আপোচবিহীনভাৱে কোৱাৰেণ্টাইনত থকাৰ নীতি" মানি চলিবলৈ আহ্বান স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ যদি কোনো লোকে কোৱাৰেণ্টাইনৰ পৰা পলায়ন কৰে তেন্তে তেঁওৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ তৰা হ'ব৷
বৃহস্পতিবাৰে গোলাঘাটৰ দেৰগাঁৱৰ চিকাৰী ঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে ৰাজ্যত কৰ'ণাত আক্ৰান্তৰ সংখ্যা বাঢ়িছে যদিও বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ লগতে দিহিং পাটকাইৰ পৰিস্থিতি সন্দৰ্ভত বনমন্ত্ৰীক মূল স্থানলৈ যাবলৈ নিৰ্দেশ দিছে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
নতুন তালিকা মতে হিতাধিকাৰীসকলক বিতৰণ কৰা হ’ল চৰকাৰী সাহাৰ্যৰ চাউল । পূৰ্বৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছিল বহু ৰেচন কাৰ্ড থকা মানুহৰ ।
জৈৱ বৈচিত্ৰৰে ভৰা দিহিং পাটকাইত কয়লাখনন সন্দৰ্ভত ভূতত্ববিদ ড৹ বিজয় কৃষ্ণ চেতিয়ায়ো নিজৰ মতাতমত প্ৰকাশ কৰে । তেখেতে কয় যে, কয়লাৰ মুক্ত খননৰ বাবে অনুমতি প্ৰদান কৰা হৈছে যদিও সেই অঞ্চলটো দিহিং পাটকাই অভয়াৰণ্যৰ 10 কিলোমিটাৰ ব্যাসাৰ্ধৰ অন্তৰ্ভূক্ত নহয় কিন্তু ই দিহিং পাটকাই হস্তী বনাঞ্চলৰ অন্তৰ্ভূক্ত । সেয়েহে এই অঞ্চলটোৰ জৈৱ বৈচত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰটো চৰকাৰে গুৰুত্ব প্ৰদান কৰাটো জৰুৰী বুলি মন্তব্য কৰে ভূতত্ববিদ গৰাকীয়ে । আনহাতে, হস্তী বনাঞ্চলত খননকাৰ্য চলালে ইয়াৰ পৰা হস্তী মানুহৰ সংঘাত বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰে বিজয় কৃষ্ণ চেতিয়াই ।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সিদ্ধান্তক ভেকোঁভাওনা আখ্যা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ দিহিং পাটকাইত কয়লাৰ মুক্ত খনন সন্দৰ্ভত মুখ্যমন্ত্ৰী সোণোৱালক নিজৰ স্থিতি প্ৰকাশ কৰিবলৈ আহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ ৷
বৃহস্পতিবাৰে দিহিং পাটকাই কয়লা খননৰ প্ৰস্তাৱিত এলেকা পৰিদৰ্শন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে । প্ৰস্তাৱিত ভূমিত উপস্থিত হৈ প্ৰায় অৰ্ধ শতাধিক সদস্যই পাটকাই পাহাৰ সুৰক্ষাৰ বাবে বিভিন্ন লেখা তথা ফেষ্টুন লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
লক ডাউনৰ মাজতো লামডিং অসংৰক্ষিত বনাঞ্চলত অব্যাহত আছে বন ধ্বংস কাৰ্যসূচী । লামডিং অসংৰক্ষিত বনাঞ্চলৰ বহু পাহাৰীয়া মাটি বৰ্তমান সন্দেহযুক্ত বেদখলকাৰীৰ কৱলত ।
‘বিশ্ব চাহ দিৱস’ উপলক্ষ্যে চাহ শ্ৰমিকৰ অনুভৱ প্ৰকাশ ৷ লক ডাউনে জুৰুলা কৰা চাহ শ্ৰমিকসকলৰ মনলৈ নতুন আশাৰ সঞ্চাৰ আহিছে ৷ কাৰণ চাহপাতৰ ডালত নতুন কলি আহিছে ৷ আগন্তুক দিনবোৰ ভাল হ’ব বুলি চাহ শ্ৰমিকসকলে আশা কৰিছে ৷
কাশ্মীৰ বিবাদৰ প্ৰতি আগ্ৰহী নহয় তালিবান ৷ এই মন্তব্য কাবুলস্থিত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰদূত তথা ৰাষ্ট্ৰীয় নিৰাপত্তা পৰামৰ্শ ব’ৰ্ডৰ সদস্য অমৰ সিনহাৰ ৷ স্মিতা শৰ্মাৰ সৈতে অমৰ সিনহাৰ সাক্ষাৎকাৰ ৷
লক ডাউনৰ ফলত কৰ্মবিমুখ হৈ বহিঃৰাজ্যৰ পৰা অসমলৈ ঘূৰি অহা যুৱক-যুৱতীক কৰ্ম সংস্থাপন দিয়াৰ উদ্দেশ্যে শিৱসাগৰত এক অভিনৱ প্ৰচেষ্টা ৷ শিৱসাগৰ জিলা পৰিষদৰ পুৰণি কাৰ্য্যালয়ৰ সভাগৃহত www.helpyouthassam.in নামৰ বিশেষ ৱেব চাইটৰ মুকলি কৰে শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউতে ৷
লগতে পঢ়ক: ৰাইজক স্বেচ্ছাই বিচনা দানৰ আহ্বান দৰং জিলা উপায়ুক্তৰ