গুৱাহাটী, ১০ নৱেম্বৰ : মধ্য প্ৰদেশৰ বিদিশাত অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া অল ইণ্ডিয়া স্কুল নেচনেল ভলীবল চেম্পিয়নশ্বিপ, ২০১৯ ৰ বাবে অসমৰ ১৪ জনীয়া 19 বছৰ অনুৰ্ধ দলে যাত্ৰা কৰে ৷ ৰেলযোগে যাত্ৰা কৰা দলটোৰ সৈতে আছে মেনেজাৰ জলটি ৰাম কাকতি আৰু প্ৰশিক্ষক দেৱজিৎ ডেকা ৷
প্ৰশিক্ষক দেৱজিৎ ডেকাই এই সম্পৰ্কত মন্তব্য কৰে যে, ৰাজ্যৰ সকলো জিলাৰ পৰা ৮০ গৰাকী খেলুৱৈয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুশীলন কৰে আৰু ইয়াৰ পৰাই ১৫ গৰাকী খেলুৱৈক বাছনি কৰা হয় ৷ অসম চৰকাৰৰ সৌজন্যত যোৱা ২৯ অক্টোবৰত দহদিনীয়া শিবিৰৰ আয়োজন কৰা হৈছিল আৰু ক্ৰীড়া আৰু যুৱ কল্যান মন্ত্ৰণালয়ে ১২ গৰাকী খেলুৱৈৰ বাচনি কৰে । অসমত ভলীবলৰ জগতখন বৰ্তমান খুবেই ভাল বুলি মন্তব্য কৰে প্ৰশিক্ষকগৰাকীয়ে ৷