ETV Bharat / city

আক্ৰোশী নেকি অসম আৰক্ষী, দায়বদ্ধতা আয়োগ নিস্ক্ৰিয় কিয় ?

গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানিক অসম আৰক্ষীয়ে আক্ৰোশমুলকভাৱে গ্ৰেপ্তাৰ কৰাৰ অভিযোগে সচেতন জনৰ মনত অসম আৰক্ষীৰ দৰে এটা সংস্থাৰ বিশ্বাস যোগ্যতাৰ প্ৰতি প্ৰশ্নৰ সৃষ্টি কৰিছে (controversy over Jignesh Mevani's arrest) । শেহতীয়া সময়চোৱাত যেন অধিক লক্ষনীয় হৈ পৰিছে অসম আৰক্ষীৰ বাধাহীন দৌৰাত্ম । পঢ়ক বিশেষ প্ৰতিবেদন ৷

author img

By

Published : Apr 30, 2022, 8:14 PM IST

assam-police-stumbles-upon-another-controversy-over-jignesh-mevani
আক্ৰোশী নেকি অসম আৰক্ষী, দায়বদ্ধতা আয়োগ নিস্ক্ৰিয় কিয় ?

গুৱাহাটী ৩০ এপ্ৰিল : সাধাৰণ জনতাৰ সেৱাৰ বাবে দায়বদ্ধ অসম আৰক্ষীৰ শেহতীয়া ভুমিকাক লৈ ৰাজ্যৰ সচেতন মহলত এতিয়া সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷ বিশেষকৈ শুকুৰবাৰে গুজৰাটৰ কংগ্ৰেছ বিধায়ক তথা দলিত নেতা জিগনেশ মেৱানিৰ জামিন মঞ্জুৰ কৰি বৰপেটাৰ ন্যায়িক দণ্ডাধীশৰ আদালতে দিয়া ৰায়ে (Jignesh Mevani got bailed) যথেষ্ট তাৎপৰ্য বহন কৰিছে ।

এই ৰায়ত আদালতে আঙুলিয়াই দিছে যে, বৰপেটাৰ থানাত জনপ্ৰতিনিধি গৰাকীৰ বিৰুদ্ধে যি গোচৰ আৰক্ষীয়ে দিছে আৰু দ্বিতীয় বাৰৰ বাবে গ্ৰেপ্তাৰ কৰিছে সেই গোচৰৰ এজাহাৰ খনেই উদ্দেশ্য প্ৰনোদিত । আনকি আদালতে আৰক্ষী প্ৰশাসনক‌ এই বিষয়ত সকিয়নীও দিছে । মনকৰিবলগীয়া যে, শেহতীয়া এটা বছৰত অসম আৰক্ষীয়ে আইন শৃংখলা ৰক্ষাৰ নামত চলোৱা অভিযান আৰু তাৰ মাজতে খোৱা মুখ ঠেকেচা অতি লক্ষনীয় ।

ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমোলৰ যোৱা এটা বছৰত প্ৰায় নিয়মীয়াকৈ হৈ থকা 'এনকাউন্টাৰ' অভিযানক লৈ আৰক্ষীৰ ভুমিকা ইতিমধ্যে সমালোচিত হৈছে । আৰু তাৰ বৰ্তমানতে দিন দুপৰতে নগাঁও চহৰত কীৰ্তিকমল বৰা নামৰ আছুৰ নেতা এজনকো আৰক্ষীয়ে আক্ৰমণ কৰা ঘটনাই ৰাজ্য জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ।

তদানিন্তন আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই কীৰ্তিকমল ড্ৰাগছ সৰাবৰাহৰ লগত জড়িত বুলি প্ৰতিষ্ঠা কৰিব বিচাৰিছিল যদিও পিছত সেয়া ফুটুকাৰ ফেনত পৰিণত হয় (AASU leader Kirti Kamal Bhuya controversy) । ইয়াৰ পিছতে, আৰক্ষীৰ জোৱানে বঙাইগাঁও চহৰত এজন জ্যেষ্ঠ সাংবাদিকক ৰাজপথতে আক্ৰমণ কৰে । এই‌ ঘটনাইয়ো আৰক্ষীৰ মৰ্যদা লাঘৱ কৰে ।

আনহাতে, অতি‌ শেহতীয়াকৈ মহানগৰ আৰক্ষীৰ যানবাহন শাখাৰ বিষয়া এগৰাকীয়ে পল্টন বজাৰত সন্তানসহ বাইক আৰোহী দম্পতীক আক্ৰমণ কৰা কথাই ৰাজ্য জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। পিছত আৰক্ষীৰ ভুলেই প্ৰতিপন্ন হয় ।

ইপিনে, আৰক্ষীয়ে আলফাৰ ভিতৰত অসমীয়া যুৱককে গুপ্তচৰ (Spy in ULFA I camp) হিচাবে নিয়োগ কৰাৰ কথা পোহৰলৈ অহাৰ পিছত তাকেলৈয়ো আৰক্ষীৰ বিশ্বাস যোগ্যতাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে ।

ৰাজনৈতিক উদ্দেশ্য প্ৰনোদিত হোৱাৰ উপৰি কেৱল কাৰাগাৰত নিক্ষেপ কৰাৰ উদ্দেশ্যে আৰক্ষীয়ে জিগনেশ মেৱানিৰ ওপৰত মহিলা আৰক্ষীক অপদস্থ কৰাৰ অভিযোগ তুলি দলিত নেতাজনক পুনৰ গ্ৰেপ্তাৰ কৰা বুলিও উত্থাপিত হৈছে অভিযোগ ৷ এই কাৰ্যক স্বয়ং আদালতে ধিক্কাৰ দিয়া কাৰ্যই অসম আৰক্ষীৰ স্বৰূপ পুনৰবাৰ উদঙাই দিছে বুলিও আলোচিত হৈছে সচেতন মহল।

শনিবাৰে জিগনেশ মেৱানিয়ে সংবাদ মাধ্যমৰ আগত আদালতৰ ভুমিকাক প্ৰশংসা কৰি কয় যে, আদালতে আৰক্ষীক জবাবদিহি কৰিবলগীয়া হোৱা ঘটনা ধিক্কাৰ যোগ্য । উল্লেখ্য যে, জিগনেশ মেৱানিৰ জামিন কেন্দ্ৰীক আদালতৰ ৰায় সন্দৰ্ভত আৰক্ষীৰ প্ৰতিক্ৰিয়া আগবঢ়োৱাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই এতিয়াও মৌনতা অৱলম্বন কৰি‌ আছে (Assam police top cop's silence over Jignesh Mevani ) ।

আৰক্ষীৰ বিশেষ শাখাৰ দায়িত্বত থকা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথেও শনিবাৰে এই বিষয়টোত মন্তব্য কৰাৰ পৰা কৌশলেৰে বিৰত থাকে।আনহাতে, জিগনেশ মেৱানিৰ অধিবক্তা অংশুমান বৰাই সাংবাদিকৰ আগত আদালতৰ ৰায়ৰ বিশ্লেষণ আগবঢ়াই কয় যে, আৰক্ষীৰ গাড়ী চি চি কেমেৰাৰে নিৰীক্ষণত ৰাখিবলৈ অহা পৰিবেশ চিন্তা জনক ।

মনকৰিবলগীয়া যে, আৰক্ষীৰ দায়বদ্ধতা নিশ্চিত কৰাৰ বাবে গঠিত আৰক্ষী দায়বদ্ধতা আয়োগৰ দৰে সংস্থাক চৰকাৰে পৰিকল্পিতভাৱে কাৰ্যত: নিস্ক্ৰিয় কৰি ৰখাৰ অভিযোগো এই মূহুৰ্তত প্ৰাসংগিক হৈ পৰিছে ।

লগতে পঢ়ক : সংগঠন শক্তিশালী কৰাৰ লক্ষ্যৰে ভূপেন বৰাৰ মাহজোৰা কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.