ETV Bharat / city

অসম আৰক্ষীৰ জোৱানৰ প্ৰসংশনীয় কৰ্তব্যনিষ্ঠা

author img

By

Published : Jan 10, 2021, 3:12 PM IST

অসম আৰক্ষীৰ দিশপুৰ থানাৰ অন্তৰ্গত যানবাহন শাখাত কৰ্মৰত কনিষ্টবল অমিয় কলিতাৰ প্ৰসংশনীয় কাৰ্যৰ পিচতেই আৰক্ষী সঞ্চালকপ্ৰধানৰ পুৰস্কাৰ ঘোষণা ৷

অসম আৰক্ষীৰ জোৱানৰ প্ৰসংশনীয় কৰ্তব্যনিষ্ঠা
অসম আৰক্ষীৰ জোৱানৰ প্ৰসংশনীয় কৰ্তব্যনিষ্ঠা

নিউজ ডেস্ক, 10 জানুৱাৰী : মহানগৰ আৰক্ষীৰ দিশপুৰ থানাৰ যানবাহন শাখাত কৰ্মৰত কনিষ্টবল অমিয় কলিতাৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ৷ দিশপুৰত আন্তঃগাঁথনিগত নিৰ্মাণ কাৰ্য হৈ থকাৰ সময়তে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল পাইপেৰে পানী দি পথ চাফা কৰি থকা অমিয় কলিতাৰ এখন ফটো ৷ কলিতাৰ এই কৰ্তব্যনিষ্ঠাক বহুতেই প্ৰসংশা কৰি সামাজিক মাধ্যম ভৰাই পেলাইছিল ৷

অসম আৰক্ষীয়ে কনিষ্টবল কলিতাৰ ফটোখন টুইটাৰযোগে প্ৰকাশ কৰি তেওঁৰ কৰ্তব্যনিষ্ঠা আৰু "জনহিত জনসেৱাৰ্থে" আপ্তবাক্যশাৰী প্ৰমাণ কৰি দেখুওৱা দায়িত্বৰ বাবে উচ্চহাৰে প্ৰসংশা কৰে কনিষ্টবল অমিয় কলিতাক ৷

  • UBC 439 Amiya Kalita of Dispur Traffic branch was seen cleaning the road at Supermarket point for convenience of commuters. We salute his sense of public service. @DGPAssamPolice has announced a money reward of Rs 5000 for his dedication to his duty @assampolice pic.twitter.com/HPFzuEcxlS

    — Guwahati Traffic Police (@GhtyTrafficPol) January 9, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই কনিষ্টবল কলিতাৰ কৰ্মনিষ্ঠা আৰু দায়িত্ববোধৰ বাবে তেওঁলৈ 5 হাজাৰ টকাৰ নগদ পুৰস্কাৰ ঘোষণা কৰে ৷

লগতে পঢ়ক : কৰিমগঞ্জত ৰহস্যজনক অৱস্থাত আৰক্ষী বিষয়াৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.