ETV Bharat / city

পুনৰ এনআৰচি প্ৰসংগ : তালিকাৰ পৰা বাদ পৰিব অযোগ্য লোকৰ নাম

author img

By

Published : Oct 16, 2020, 12:24 PM IST

অসমৰ এনআৰচি সম্পৰ্কত জাৰি কৰা হৈছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৷ চূড়ান্ত তালিকাৰ পৰা কৰ্তন যাব বহু লোকৰ নাম ৷

তালিকাৰ পৰা বাদ পৰিব অযোগ্য লোকৰ নাম
পুনৰ এনআৰচি প্ৰসংগ

গুৱাহাটী, 16 অক্টোবৰ : দীৰ্ঘ সময়ৰ বিৰতিৰ পিছত পুনৰ চৰ্চালৈ আহিছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী । বিগত বৰ্ষৰ 31 আগষ্টত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকা প্ৰকাশ পাইছিল আৰু সেই তালিকাত প্ৰায় 19 লাখ লোকৰ নাম বাদ পৰিছিল । মন কৰিবলগীয়া যে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ এই চূড়ান্ত তালিকাখনক লৈ প্ৰথমৰে পৰা অসন্তুষ্টি ব্যক্ত কৰি আহিছিল শাসকীয় দল বিজেপিকে ধৰি কেইবাটাও দল-সংগঠনে ।

পৰৱৰ্তী সময়ত ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সকলো কাম-কাজ প্ৰায় স্থবিৰ হৈ পৰে । কিন্তু শেহতীয়াকৈ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মাই সকলো উপায়ুক্তলৈ প্ৰেৰণ কৰা এক নিৰ্দেশে পুনৰ‌ এনআৰচি প্ৰসংগ চৰ্চিত কৰি তুলিছে ।

13 অক্টোবৰত জাৰি কৰা এক গুৰুত্বপূৰ্ণ নিৰ্দেশ অনুসৰি "ডি" ভোটাৰ আৰু তেওঁলোকৰ সতি-সন্ততি, বিদেশী ন্যায়াধীকৰণত গোচৰ চলি থকা লোক আৰু তেওঁলোকৰ সতি সন্ততি আৰু ইতিমধ্যে বিদেশী বুলি চিনাক্ত বা ঘোষিত হোৱা লোক আৰু তেওঁলোকৰ সতি সন্ততিৰ নাম শীঘ্ৰে তালিকাৰ পৰা কৰ্তন কৰিবলৈ জিলা উপায়ুক্তসকলক‌ নিৰ্দেশ দিছে । ফলত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা আৰু বৃহৎ সংখ্যক লোকৰ নাম বাদ পৰাটো নিশ্চিত হৈ পৰিছে ।

লগতে পঢ়ক : অগপৰ দূৰ্গখ্যাত পাটাছাৰকুছি সমষ্টিত প্ৰাৰ্থী দিব বিজেপিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.