গুৱাহাটী, 15 জুলাই : ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ আতংক ক্ৰমাৎ বৃদ্ধি পাইছে (Japanese encephalitis cases increased)। চৰকাৰী তথ্য মতে ৰাজ্যত এতিয়া ক’ভিডতকৈ জাপানীজ এনকেফেলাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । দৈনিক দ্ৰুত হাৰত বাঢ়িছে জাপানীজ এনকেফেলাইটিছ ৰোগীৰ সংখ্যা আৰু মৃতকৰ সংখ্যা (Japanese encephalitis in Assam)। অসম স্বাস্থ্য মিছনৰ তথ্য মতে যোৱা 24 ঘন্টাত জাপানীজ এনকেফেলাইটিছত 23 জন লোক নতুনকৈ আক্ৰান্ত হৈছে ।
যোৱা 24 ঘন্টাত জাপানীজ এনকেফেলাইটিছত নতুনকৈ 3 জন লোকৰ মৃত্যু হৈছে । দৰং, ওডালগুৰি আৰু শোণিতপুৰ জিলাত এজনকৈ ৰোগীৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে । জাপানীজ এনকেফেলাইটিছত এতিয়ালৈকে 19 জন ৰোগীৰ মৃত্যু হৈছে (Death troll in Japanese encephalitis in Assam)। জাপানীজ এনকেফেলাইটিছে ৰাজ্যৰ নগাঁও, যোৰহাট, কামৰূপ, লখিমপুৰ, বৰপেটা, ধেমাজি, শিৱসাগৰ আৰু শোণিতপুৰ জিলাত সংহাৰী ৰূপ ধাৰণ কৰিছে ।
ইফালে ৰাজ্যত ক’ভিড ৰোগৰ সংক্ৰমণ দ্ৰুত গতিত বাঢ়িবলৈ ধৰিছে (Covid cases in Assam)। দৈনিক ক’ভিড আক্ৰান্তৰ হাৰ উদ্বেগজনকভাৱে 11 শতাংশতকৈ অধিক হাৰত বৃদ্ধি পাইছে ।
আনহাতে, এতিয়ালৈকে ৰাজ্যত বহু সংখ্যক ডেংগু ৰোগী ধৰা পৰিছে যদিও চৰকাৰে তথ্য ৰাজহুৱা কৰা নাই । আক্ৰান্তৰ হাৰ ১১.৫৮ শতাংশৰো অধিক ।
মনকৰিবলগীয়া যে জাপানীজ এনকেফেলাইটিছৰ যি প্ৰতিষেধক, সেয়া ৰোগ প্ৰতিৰোধ কৰাত বিশেষভাৱে কাৰ্যক্ষম । এই প্ৰতিষেধক প্ৰদান কৰিলে জাপানীজ এনকেফেলাইটিছ হোৱাৰ সম্ভৱনা ৯০ শতাংশই কম থাকে । কিন্তু অসম চৰকাৰৰ এই জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধক প্ৰদানত গুৰুত্ব কম । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা এপ্ৰিলৰ পৰা 12 জুলাই পর্যন্ত অসমত 144 জন জাপানীজ এনকেফেলাইটিছ ৰোগী ধৰা পৰিছে (Total JE cases in Assam) ।
এই সন্দৰ্ভত গুৱাহাটীৰ আজাৰা চিকিৎসালয়ৰ চিকিৎসা বিষয়া ডাঃ ধ্ৰুৱজ্যোতি বৰুৱাই কয় যে, জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক ৰোগ প্ৰতিৰোধ কৰাত বিশেষভাৱে কাৰ্যক্ষম । জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক এজন লোকৰ শৰীৰত দিয়াৰ পিছত তিনি মাহৰ পৰা ছয় মাহৰ ভিতৰত লোকজনৰ শৰীৰত জাপানীজ এনকেফেলাইটিছ ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠে ।
তেওঁ লগতে কয় যে চৰকাৰী হাস্পতালত শিশুৰ জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধক দিয়াৰ ব্যৱস্থা আছে । ৯ মাহৰ পৰা শিশুক জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক দিয়া হয় । কিন্তু প্ৰাপ্তবয়স্কৰ বাবে জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধক চৰকাৰী হাস্পতালত দিয়াৰ ব্যৱস্থা নাই । চৰকাৰে কেতিয়াবা শিৱিৰ কৰিলে জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক প্ৰাপ্তবয়স্কক দিয়া হয় । কিন্তু এই শিৱিৰ কেতিয়াবাহে হয় ।
এই সন্দৰ্ভত শুকুৰবাৰে আজাৰা চিকিৎসালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহাৰ সময়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে চৰকাৰীভাৱে প্ৰাপ্তবয়স্কৰ বাবে জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক দিয়াৰ ব্যৱস্থা অহা ছেপ্টেম্বৰৰ পৰা কৰা হ’ব (JE vaccine to adults)। জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধক দিয়া শিবিৰ বছৰত কম পৰিমাণে হোৱাৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থাকে মন্ত্ৰী মহন্ত ।
লগতে পঢ়ক : Japanese encephalitis in Assam : হোজাইত তিনিজনৰ দেহত জাপানীজ এনকেফেলাইটিছ