গুৱাহাটী,৩ জুলাই : বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া হ'ব (Free higher education admission for the poor) । দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ মাচুল ৰেহাই দি নামভৰ্তি বিনামূলীয়া কৰিবলৈ ইতিমধ্যে উচ্চ শিক্ষা বিভাগে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ পঞ্জীয়ক আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে ।
মাধ্যমিক শিক্ষা সঞ্চালকে প্ৰেৰণ কৰা এই পত্ৰত উল্লেখ কৰিছে যে, ২০২২-২৩ শৈক্ষিক বৰ্ষতো বিনামূলীয়া হ'ব দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি । যিসকল ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখ টকাৰ ভিতৰত তেওঁলোকেহে এই সুবিধা লাভ কৰিব ৷
এই সুবিধা লাভৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে ৰাজহ চক্ৰ বিষয়াৰ পৰা আয়ৰ প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰিব লাগিব । চাকৰিয়াল পিতৃ-মাতৃৰ সন্তানে এই সুবিধা নাপাব বুলি এই পত্ৰত উল্লেখ আছে ৷ উল্লেখ্য যে, প্ৰাথমিক পৰ্যায়ৰ পৰা স্নাতকোত্তৰ পৰ্যন্ত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া কৰাৰ উপৰিও চৰকাৰে পাঠ্যপুথি, ইউনিফর্ম আদি যোগান ধৰি আহিছে (Free higher education for the poor)।
আনহাতে, যিসকল নিয়মীয়া ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই বিনামূলীয়া নামভৰ্তি আঁচনি । ছাত্ৰ-ছাত্ৰীৰ শ্ৰেণীকোঠাত উপস্থিতি কমেও ৭৫ শতাংশ হ’ব লাগিব । অৱশ্যে কোনো ছাত্ৰ-ছাত্ৰীয়ে আয়ৰ ভুৱা প্ৰমাণ-পত্ৰৰে বিনামূলীয়া নামভৰ্তি কৰিলে বাতিল কৰা হ’ব সংশ্লিষ্ট ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি ।
লগতে পঢ়ক : Covid cases in India : দেশত যোৱা ২৪ ঘণ্টাত ক'ভিডত ৩১ গৰাকী লোকৰ মৃত্যু