ETV Bharat / city

ৰাজ্যত বন্ধ হ'ল 17 খন চৰকাৰী বিদ্যালয় - ছেবাই বন্ধ ঘোষণা কৰিলে 17খন বিদ্যালয়

শিক্ষামন্ত্ৰীৰ ঘোষণাৰ পিচতে ৰাজ্যত বন্ধ হ'ল 17খন চৰকাৰী মাধ্যমৰ বিদ্যালয় ৷ 2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এজনো শিক্ষাৰ্থী উত্তীৰ্ণ হ'বলৈ সক্ষম নোহোৱা এইকেইখন বিদ্যালয় বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যৰ শিক্ষা বিভাগে ৷

ৰাজ্যত বন্ধ হ'ল 17 খন চৰকাৰী বিদ্যালয়
ৰাজ্যত বন্ধ হ'ল 17 খন চৰকাৰী বিদ্যালয়
author img

By

Published : Jun 8, 2020, 4:28 PM IST

গুৱাহাটী, 8 জুন : ৰাজ্যত বন্ধ হ'ল 17 খন চৰকাৰী বিদ্যালয় ৷ 2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইকেইখন বিদ্যালয়ৰ পৰা কোনো এগৰাকী পৰীক্ষাৰ্থীয়েই উত্তীৰ্ণ নোহোৱাত বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰে শিক্ষা বিভাগে ৷

দেওবাৰে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে এই কথা ঘোষণা কৰিছিল ৷ শেহতীয়াকৈ অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে প্ৰকাশ কৰিছে বন্ধ হোৱা 17খন বিদ্যালয়ৰ তালিকা ৷ এই বিদ্যালয়সমূহৰ ভিতৰত আছে কাছাৰ জিলাৰ 2খন, যোৰহাট জিলাৰ 4খন, ডিমা হাচাওৰ 5খন, কামৰূপ গ্ৰাম্য জিলাৰ 1খন আৰু কাৰ্বি আংলং জিলাৰ 3খন ৷ লক্ষ্যণীয়ভাৱে বন্ধ হোৱা বিদ্যালয়সমূহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে প্ৰতিষ্ঠা কৰা দুখনকৈ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আছে ৷

ছেবাই বন্ধ ঘোষণা কৰা বিদ্যালয়সমূহ হৈছে, কাছাৰ জিলাৰ হেপ্পি ভেলি হাইস্কুল আৰু খুনাও হাইস্কুল, ধুবুৰী জিলাৰ মোহন লাল সোভাচৰিয়া হিন্দী একাডেমি হাইস্কুল, যোৰহাট জিলাৰ বালিগাঁও গিতাৰ্থী ভকেচনেল হাইস্কুল, যোৰহাট বেজবৰুৱা হাইস্কুল, মধ্য আহতগুৰি হাইস্কুল আৰু নামদেউৰী গাৰ্লছ হাইস্কুল, কামৰূপ গ্ৰাম্য জিলাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় চমৰীয়া, কাৰ্বি আংলং জিলাৰ হামৰেণ গাৰ্লছ হাইস্কুল, কাইলামাটি আৰ্লং ৰূপাত হাইস্কুল, ৰংচেক ইংলিছ হাইস্কুল, নগাঁও জিলাৰ কস্তুৰবা গান্ধী বালিকা বিদ্যালয় লাওখোৱা আৰু ডিমা হাচাও জিলাৰ হাদিংমা হাইস্কুল, কেপ্ৰে হাইস্কুল, খাৰথং হাইস্কুল, লেইৰি হাইস্কুল আৰু চিমটুইলং হাইস্কুল ৷

ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈন

ছেবাৰ অধ্যক্ষগৰাকীয়ে এইসমূহ বিদ্য়ালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীসকলক অন্য বিদ্যালয়লৈ বদলি কৰিছে শিক্ষা বিভাগে ৷

লগতে পঢ়কঃ চৰকাৰী বিদ্যালয়ৰ ফলাফলত হতাশ স্থানীয় ৰাইজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.