গুৱাহাটী, 13 আগষ্ট : ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও বানৰ কৱলৰ পৰা সম্পূৰ্ণ মুক্ত হোৱা নাই ৰাজ্য । বৰ্তমানেও ৰাজ্যৰ তিনিখন জিলা বানৰ কৱলত আছে । ধেমাজি, বাক্সা আৰু মৰিগাঁও জিলাৰ বহু অঞ্চল এতিয়াও বাঢ়নী পানীৰ তলত আছে আৰু এই জিলা তিনিখনত ১৪ হাজাৰতকৈও অধিক লোক প্ৰভাৱিত হৈ আছে ।
যোৱা দুমাহত দুটাকৈ প্ৰলয়ংকাৰী বানৰ কৱলত পৰা ৰাজ্যৰ বান পৰিস্থিতি বৰ্তমান যথেষ্ট উন্নত হৈছে যদিও এতিয়া বহু অঞ্চল সম্পূৰ্ণভাৱে মুক্ত হোৱা নাই বানপানীৰ কৱলৰ পৰা । ধেমাজি,বাক্সা আৰু মৰিগাঁও জিলাৰ বহু অঞ্চল এতিয়াও বাঢ়নী পানীৰ তলত আছে । তিনিওখন জিলাৰ ৪টা ৰাজহ চক্ৰৰ ৮১খন গাঁৱৰ কিছু অঞ্চল এতিয়াও বাঢ়নী পানীৰ তলতে আছে । বৰ্তমানেও বানপানীৰ তলত থকা এই গাঁও সমূহৰ ১৪হাজাৰতকৈও অধিক লোক বানপানীৰ ফলত প্ৰভাৱিত হৈ আছে । বৰ্তমান কেৱল ধেমাজি জিলাতে এটা চৰকাৰী আশ্ৰয় শিবিৰ আছে য'ত ৭৩গৰাকী লোক আশ্ৰয় লৈ আছে ।
বান প্ৰভাৱিত তিনিখন জিলাৰ ৭০০৭.৮৫ হেক্টৰ কৃষিভূমি বাঢ়নী পানীত প্লাৱিত হৈ থকাৰ ফলত এই অঞ্চলসমূহৰ খেতিয়কসকলক খেতিৰ বাবে পথাৰলৈ যাব পৰা নাই । চলিত বছৰত ৰাজ্যত দুটাকৈ বানপানীত ১০০গৰাকীতকৈও অধিক লোক প্ৰাণ হেৰুৱাইছে ।
লগতে পঢ়কঃ এতিয়াও বানৰ কৱলত আছে ৰাজ্যৰ তিনিখন জিলা