ETV Bharat / city

Paddy procurement of Assam Govt : ৰাজ্যৰ কৃষকৰ পৰা ১০ লাখ মেট্ৰিকটন ধান ক্ৰয়ৰ লক্ষ্য - কৃষকৰ নাম পঞ্জীয়ন অসম

ৰাজ্যৰ কৃষকসকলৰ পৰা ন্যূনতম সমৰ্থিত মূল্যত ধান ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ অগ্ৰগতিৰ সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয় (Procurement of paddy in the Assam) ৷ এই সম্পৰ্কত মুখ্যমন্ত্ৰীগৰাকীয়ে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা তথা কৃষি বিভাগৰ বিষয়াসকলক কেতবোৰ বিশেষ নিৰ্দেশনা দিয়ে ৷

Paddy procurement of Assam Govt
ৰাজ্যৰ কৃষকৰ পৰা ১০ লাখ মেট্ৰিকটন ধান ক্ৰয়ৰ লক্ষ্য
author img

By

Published : Jan 8, 2022, 10:54 PM IST

গুৱাহাটী, ৮ জানুৱাৰী: ৰাজ্যৰ কৃষকসকলৰ পৰা ন্যূনতম সমৰ্থিত মূল্য(Minimum support price)ত ধান ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিশেষ পদক্ষেপৰ অগ্ৰগতিৰ সম্পৰ্কে আলোচনা কৰাৰ উদ্দেশ্যে আজি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । এফ চি আই, এ এফ চি এছ চি এল, এন এ এফ ই ডি, এন এ চি অ’ এফ, এন চি চি এফ আৰু এ এছ এ এম বিৰ দৰে সংস্থাৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৰাজ্যখনৰ কৃষকৰ পৰা ধান ক্ৰয়ৰ বাবে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, কৃষি আৰু ৰাজহ বিভাগক তথা ক্ৰয় কৰা সংস্থাসমূহক যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে (Procurement of paddy in the Assam)।

উল্লেখ্য যে, কৃষকসকলক বিত্তীয় সকাহ দিয়াৰ লগতে ৰাজ্যৰ কৃষি ব্যৱস্থাটোকআৰু অধিক গতিশীল কৰাৰ উদ্দেশ্যে ৰাজ্যৰ কৃষকসকলৰ পৰা ন্যূনতম সমৰ্থিত মূল্যৰে ১০ লাখ মেট্ৰিকটন ধান ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰে লক্ষ্য নির্ধাৰণ কৰিছে । বৈঠকত মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগ আৰু ধান ক্ৰয় কৰা সংস্থাসমূহে এই ক্ষেত্ৰত লোৱা পদক্ষেপ তথা তেওঁলোকে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে বুজ লয় ।

মধ্যভোগীৰ পৰিৱৰ্তে পোনপটীয়াকৈ কৃষকসকলে যাতে ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ সুবিধা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে । ধান ক্ৰয়ৰ দিশত এক সঠিক ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে এই দিশত খৰতকীয়া পদক্ষেপ গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে ক্ৰয় পৰ্টেলত কৃষকৰ পঞ্জীয়নৰ সংখ্যা বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে । তেওঁ লগতে পঞ্জীয়নৰ সময়ত কৃষকসকলে যিবোৰ সমস্যাৰ মুখামুখি হৈ আহিছে সেই সমস্যাসমূহ আঁতৰ কৰাৰ বাবেও যথোচিত পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে ।

মুখ্যমন্ত্ৰীয়ে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা তথা কৃষি বিভাগৰ বিষয়াসকলক ক্ষেত্ৰ ভিত্তিক পৰিদৰ্শন কৰি এই দিশত কৃষকসকলক সকাহ দিব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । মুখ্যমন্ত্ৰীয়ে ৰাজহ বিভাগৰ বিষয়াসকলক ভূমি সংক্ৰান্তীয় প্ৰমাণপত্ৰ প্ৰদান দ্ৰুততৰ কৰাৰ বাবে প্ৰয়োজনীয় নীতি-নিৰ্দেশনা জাৰি কৰিবলৈ নিৰ্দেশ দিয়ে । যাতে অধিক সংখ্যক কৃষকে এই পৰ্টেলত নাম পঞ্জীয়ন কৰিব পাৰে (Procurement portal Assam) ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ধান ক্ৰয় অভিযান সফল কৰি তুলিবলৈ কৃষকসকলক অধিক সচেতন কৰি তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে । কৃষি বিভাগৰ বিষয়াসকলক কৃষকসকলৰ মাজত যতোচিত প্ৰচাৰ চলোৱাৰ লগতে কৃষি উন্নয়ন বিষয়াসকলৰ দ্বাৰা কৃষকসকলৰ মাজত জনসজাগতা সৃষ্টিৰ বাবেও মুখ্যমন্ত্ৰী ড৹ শৰ্মাই নিৰ্দেশ দিয়ে । ধান ক্ৰয় কৰা সংস্থাসমূহে গ্ৰহণ কৰা পদক্ষেপসমূহ পর্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে এই সংস্থাসমূহক অধিক ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিবলৈ পৰামর্শ দিয়ে । তেওঁ লগতে কৃষি তথা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সহযোগত যুটীয়াভাৱে ক্ৰয় অভিযান চলাবলৈ সংস্থাসমূহক আহ্বান জনায় ।

খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, কৃষি আৰু ৰাজহ বিভাগৰ মাজত অধিক সু-সমন্বয়ৰ পোষকতা কৰাৰ লগতে তিনিওটা বিভাগৰ বিষয়াসকলক যুদ্ধাকালীন তৎপৰতাৰে পদক্ষেপ লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । যাতে নির্ধাৰিত সময়ৰ ভিতৰত ধান ক্ৰয়ৰ লক্ষ্যত উপনীত হ'ব পৰা যায় ।

বৈঠকত কৃষিমন্ত্ৰী অতুল বৰা, এ এফ চি এছ চি এলৰ অধ্যক্ষ ৰাজেন গোঁহাই, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব বিশ্বৰঞ্জন চামাল, কৃষি বিভাগৰ প্ৰধান সচিব ড৹ আশীষ কুমাৰ ভূটানী, ৰাজহ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা প্ৰমুখ্যে শীর্ষ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: নিমাতীঘাটৰ ফেৰী দুর্ঘটনা প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালক নিযুক্তি পত্ৰ প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.