ETV Bharat / city

শীঘ্ৰেই 1800 চিকিৎসক সংযুক্ত কৰা হ'ব অসমত - Directorate of Secondary Education

শীঘ্ৰেই অসমত নাটনি হৈ থকা চিকিৎসকৰ পদ সমূহ ভৰ্তি কৰা হ'ব ৷ 1800 চিকিৎসক অতি সোনকালেই সংযুক্ত কৰা হ'ব বুলি উল্লেখ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷

শীঘ্ৰেই 1800 চিকিৎসক সংযুক্ত কৰা হ'ব অসমত

author img

By

Published : Mar 14, 2020, 3:21 PM IST

নিউজ ডেস্ক, 12 মাৰ্চ: শেহতীয়াকৈ প্ৰকাশ পাইছে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ এক ভয়ংকৰ তথ্য ৷ বৃহস্পতিবাৰে সদনত স্বয়ং স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে, ৰাজ্যত বৰ্তমানেও খালী হৈ আছে প্ৰায় 1000 টা চিকিৎসৰ পদ ৷ যাৰ বাবে ইতিমধ্যে 1800 চিকিৎসকক সংযুক্ত কৰাৰ যো-জা চলাইছে ৰাজ্য চৰকাৰে ৷

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, 1,115 টা পদত নিযুক্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈ আছে ৷ বৰ্তমানে ৰাজ্য চৰকাৰখনে তৎকালীন ভাৱে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন (NHM) অধীনত 1,792 গৰাকী চিকিৎসক ঠিকাভিত্তিত নিযুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ কংগ্ৰেছৰ মৰিয়নীৰ বিধায়ক ৰূপজ্যেতি কুৰ্মীৰ প্ৰশ্নৰ উত্তৰত এই ব্যক্তব্য প্ৰদান কৰে অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত বহু পদ খালী হৈ থকাৰ লগতে অন্যান্য স্থানত 1342 টা পদ খালী হৈ ৰৈছে ৷ আনহাতে স্বাস্থ্য শিক্ষা সঞ্চালকত 366 টা আৰু আয়ুষ সঞ্চালকত 57 টা পদ খালী আছে বুলি উল্লেখ কৰে ৷ আনহাতে, চৰকাৰী মহাবিদ্যালয়ত মুঠ 355 টা সহকাৰী অধ্যক্ষ আৰু 22,938 টা পদ উচ্চ মাধ্যমিক সঞ্চালয়কৰ (Directorate of Secondary Education) অধীনত খালী আছে বুলি উল্লেখ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে চাওক- দুই এদিনতে গাত গেৰুৱা বৰণ সানিব এগৰাকী কংগ্ৰেছী বিধায়কে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.