ETV Bharat / city

27 জানুৱাৰীত অসম-মিজোৰামৰ সীমা উত্তেজনাক লৈ জনোৱা আবেদনৰ শুনানি - অসমত মিজো দুস্কৃতিকাৰীৰ বলপূৰ্বক প্ৰৱেশ

অসম - মিজোৰাম সীমান্তত উত্তেজনাক লৈ আদালতত জনস্বাৰ্থ জনিত আবেদন দাখিল ৷ 27 জানুৱাৰীত এই সন্দৰ্ভত আদালতে শুনানি গ্ৰহণ কৰিব ৷ অসমত মিজো দুস্কৃতিকাৰীৰ বলপূৰ্বক প্ৰৱেশ আৰু বন ধ্বংস ৰোধৰ ক্ষেত্ৰত প্ৰশাসনৰ ফালৰ পৰা উপযুক্ত পদক্ষেপ গ্ৰহণৰ দাবী জনাই দাখিল কৰা হৈছিল এই আবেদন ৷

apw high court order on assam mizoram border dispute
27 জানুৱাৰিত অসম-মিজোৰামৰ সীমা উত্তেজনাক লৈ জনোৱা আবেদনৰ শুনানি
author img

By

Published : Dec 11, 2020, 5:55 PM IST

নিউজ ডেস্ক, 10 ডিচেম্বৰ: অসম-মিজোৰাম সীমান্ত অঞ্চলৰ অসম ভূমিত মিজো দুস্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চ ন্যায়ালয়ে ৷ শুকুৰবাৰে এক নিৰ্দেশনা যোগে ন্যায়াধীশ মনিষ চৌধুৰীয়ে জনাই যে অসম-মিজোৰাম সীমান্তত অব্যাহত থকা অস্থিৰতা সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি উচ্চ ন্যায়ালয়ে 2021 চনৰ 27 জানুৱাৰিত গ্ৰহণ কৰিব ৷

শুকুৰবাৰে জাৰি কৰা এই নিৰ্দেশনাত কোৱা হৈছে যে বন বিভাগৰ অধিবক্তা ডি গগৈয়ে এই কথা জনাইছে যে অসম-মিজোৰাম সীমান্তৰ যিসমূহ ঠাইত অস্থিৰ পৰিৱেশ উদ্ভৱ হোৱা বুলি প্ৰশাসনৰ ফালৰ পৰা পদক্ষেপৰ আহ্বান জনোৱা হৈছিল সেই ঠাইসমূহত বন বাহিনী মোতায়েন কৰা হৈছে আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান অঞ্চলটোত শান্তিৰ পৰিৱেশ বৰ্তি আছে ৷ ইয়াৰ বিপৰীতে মিজোৰামৰ অধিবক্তা চৌধুৰীয়েও অসম আৰু মিজোৰাম দুয়োখন ৰাজ্যত সীমান্ত অঞ্চলত চলি থকা কিছু বিবাদৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হৈছিল বুলি জানিবলৈ দিছে ৷ তেওঁ উল্লেখ কৰে যে বৰ্তমান এই অঞ্চলত এনে কোনো ধৰণৰ অস্থিৰতা নাই আৰু দুয়োপক্ষৰ মাজত সৌহাদ্যপূৰ্ণভাৱে এই বিবাদ নাইকিয়া কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে ৷

লগতে পঢ়ক : সীমান্তত কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েনৰ ক্ষেত্ৰত মান্তি নহয় মিজোৰাম

উল্লেখ্য যে কুলিচেৰা অংশ-2 ৰ বনাঞ্চল, কাচাৰ জিলাৰ ধলাই আৰক্ষী থানাৰ অন্তৰ্গত বনাঞ্চলৰ গাঁও আৰু কৰিমগঞ্জ জিলাৰ ৰাতাবাৰি আৰক্ষী থানাৰ অন্তৰ্গত সিংলা সংৰক্ষিত বনাঞ্চলৰ পৰা দুস্কৃতিকাৰীক উচ্ছেদ কৰাৰ আহ্বানেৰে ভাৰতীয় সংবিধানৰ 226 নং অনুচ্ছেদ আধাৰত এখন জনস্বাৰ্থ জনিত আবেদন দাখিল কৰা হৈছিল ৷

উক্ত আবেদনৰ মূল বিষয় আছিল অসমৰ বনাঞ্চল সমূহ দখলৰ পৰা ৰক্ষা কৰা আৰু অনুপ্ৰৱেশকাৰী সকলক উচ্ছেদ কৰা ৷ আবেদনকাৰীসকলে অভিযোগ কৰিছিল যে বৰাক উপত্যকাৰ স্থানীয় লোকসকলৰ অভিযোগ অনুসৰি কোনো অচিনাক্ত দুস্কৃতিকাৰীয়ে কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী আৰক্ষা থানাৰ অন্তৰ্গত সিংলা সংৰক্ষিত বনাঞ্চলত অনুপ্ৰৱেশৰ চেষ্টা কৰিছে ৷ অনুৰূপ ঘটনা কাচাৰ জিলাৰ ধলাই আৰক্ষী থানাৰ অন্তৰ্গত কুলিচেৰা আৰু হাৱাইথাঙত সংঘটিত হৈছে ৷ উক্ত ঠাইত অচিনাক্ত দুস্কৃতিকাৰীয়ে অস্ত্ৰ শস্ত্ৰৰে সজ্জিত হৈ অসমৰ বনাঞ্চলত অগ্নি সংযোগ কৰি বন ধ্বংস কৰাৰ অভিযোগ আবেদনকাৰী সকলে উত্থাপন কৰিছিল ৷

লগতে পঢ়ক : অসম-মিজো সীমান্তত প্ৰিন্সিপাল চেক্ৰেটেৰীক বাধা বি এছ এফৰ

অসমৰ ভূমিত বলপূৰ্বকভাৱে প্ৰৱেশ কৰি কাচাৰ আৰু কৰিমগঞ্জ জিলাৰ স্থানীয় বাসিন্দা সকলৰ জীৱন আৰু সম্পত্তিৰ বাবে ভাবুকি স্বৰূপ হৈ পৰা বুলি উল্লেখ কৰি অসম মিজোৰাম সীমান্তত মিজোৰামৰ ফালৰ পৰা অসমৰ ভিতৰত অনুপ্ৰৱেশকাৰীৰ প্ৰবেশত বাধা দিয়া আৰু সেই অঞ্চলত বাস কৰা স্থানীয় বাসিন্দাৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত উপযুক্ত পদক্ষেপৰ দাবীৰে এই আবেদন দাখিল কৰা হৈছিল ৷

প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগ গ্ৰহণ কৰি মিজো দুস্কৃতিকাৰীয়ে বনাঞ্চলৰ লগতে অসমৰ ভূমিত বলপূৰ্বকভাৱে প্ৰৱেশ কৰি গছ গছনি ধ্বংস কৰি স্থানীয় বাসিন্দাৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰি আবেদনকাৰী সকলে এইসকল দুস্কৃতিকাৰীৰ পৰা অসমৰ বনাঞ্চল তথা স্থানীয় বাসিন্দা সকলক ৰক্ষা কৰিবৰ বাবে জনস্বাৰ্থ জনিত আবেদন খনৰ জৰিয়তে সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাইছিল ৷

লগতে পঢ়ক : মিজোৰামৰ পাচত অসম ভূমিত আগ্ৰাসন মেঘালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.