ETV Bharat / city

'কা'ৰ বিধি প্ৰস্তুতৰ বাবে গৃহ মন্ত্ৰণালয়ে বিচাৰিলে আৰু তিনিমাহ

নাগৰিকত্ব সংশোধনী আইন (CAA) ৰ বিধি প্ৰস্তুতৰ বাবে অতিৰিক্ত ভাবে আৰু তিনি মাহ সময় প্ৰদান কৰিছে গৃহ মন্ত্ৰণালয়ক । কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অনুৰোধ মৰ্মে সংসদীয় সমিতিয়ে বৃদ্ধি কৰে এই সময়সীমা ৷

author img

By

Published : Jun 9, 2021, 6:11 PM IST

'কা'ৰ  বিধি প্ৰস্তুতৰ বাবে গৃহ মন্ত্ৰণালয়ে বিচাৰিলে আৰু তিনিমাহ
'কা'ৰ বিধি প্ৰস্তুতৰ বাবে গৃহ মন্ত্ৰণালয়ে বিচাৰিলে আৰু তিনিমাহ

গুৱাহাটী, ৯ জুন : কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ অনুৰোধত সংসদীয় সমিতিয়ে নাগৰিকত্ব সংশোধনী আইন (CAA) ৰ বিধি প্ৰস্তুতৰ বাবে অতিৰিক্ত ভাবে আৰু তিনি মাহ সময় প্ৰদান কৰিছে গৃহ মন্ত্ৰণালয়ক ।

উল্লেখ্য যে, লোকসভা আৰু ৰাজ্যসভা উভয়তে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত হোৱাৰ পিছত ই আইনলৈ ৰূপান্তৰিত হৈছিল । কিন্তু উক্ত আইন কাৰ্যকৰী কৰিব পৰাকৈ কোনো বিধি প্ৰস্তুত হোৱা নাছিল । বিধি প্ৰস্তুতৰ দায়িত্ব ন্যস্ত কৰা হৈছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক । কিন্তু ক'ৰনাসৃষ্ট পৰিস্থিতিৰ বাবে নিৰ্দ্ধাৰিত সময়মতে আইনখনৰ বিধি প্ৰস্তুত কৰাত ব্যৰ্থ হোৱাৰ বাবে অতিৰিক্ত সময় বিচাৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে পত্ৰ প্ৰেৰণ কৰিছিল সংসদীয় স্থায়ী কমিটি (Parliamentary Standing Committee on Subordinate Legislation) লৈ ।

মন কৰিবলগীয়া যে, উক্ত আইনৰ বিধি প্ৰস্তুতৰ বাবে লোকসভাৰ সমিতিখনে ৯ এপ্ৰিল আৰু ৰাজ্যসভাৰ সমিতিখনে ৯ জুলাই সময়সীমা বান্ধি দিছিল গৃহ মন্ত্ৰণালয়ক । কিন্তু সেয়া সম্ভৱ নহ'ব বুলি পত্ৰ যোগে অৱগত কৰাত শেহতীয়াকৈ গৃহ মন্ত্ৰণালয়ক পুনৰ অতিৰিক্ত সময় প্ৰদান কৰিছে সংসদৰ স্থায়ী সমিতিয়ে ।

ইপিনে "কা"ৰ বিধি প্ৰস্তুত নোহোৱাকৈয়ে গৃহ মন্ত্ৰণালয়ে দেশৰ পাঁচখন ৰাজ্যৰ ১৩ খন জিলাত আশ্ৰয় লৈ থকা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা অহা সেই দেশৰ ধৰ্মীয় সংখ্যালঘু (অনা মুছলমান) লোকসকলক নাগৰিকত্ব প্ৰদানৰ নিৰ্দেশ জাৰি কৰিছে । একে সময়তে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ‌ পৰা দীৰ্ঘম্যাদী ভিছা লৈ যিসকল লোক অসমত বসবাস কৰি আহিছে তেওঁলোককো নাগৰিকত্ব প্ৰদান কৰিবলৈ চৰকাৰ সাজু হৈছে ।

অন্য এক খবৰৰ বাবে: CO-WIN ত নতুন সুবিধা সংযোজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.