ETV Bharat / city

বিজেপিত যোগদান কৰিলে মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিয়ে

মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণে যোগদান কৰিলে বিজেপিত ৷

author img

By

Published : Jan 7, 2021, 12:46 PM IST

বিজেপিত যোগদান কৰিলে মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিয়ে
বিজেপিত যোগদান কৰিলে মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিয়ে

নিউজ ডেস্ক, 7 জানুৱাৰী : বৃহস্পতিবাৰে বিজেপিত যোগদান কৰে সদৌ অসম মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণে ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত গেৰুৱা বসন পিন্ধে অৰুণজ্যোতিয়ে ৷

লগতে পঢ়ক : জামিন নাপালে অখিল গগৈয়ে

বিগত বৰ্ষত অসমত নাগৰিকত্ব (সংশোধনী) আইন, 2019ৰ বিৰুদ্ধে হোৱা আন্দোলনত বিজেপিৰ বিৰুদ্ধে হোৱা প্ৰতিবাদক সন্মুখৰ পৰা নেতৃত্ব দিছিল মৰাণে ৷ বিজেপিত যোগদান কৰা অৰুণজ্যোতিয়ে ডিগবৈ সমষ্টিৰ পৰা 21’ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে ৷

অৰুণজ্যোতি মৰাণৰ লগতে যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক সুৰেশ হাজৰিকায়ো আজি গেৰুৱা বসন পৰিধান কৰে ৷ ইয়াৰ লগতে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰো বহুকেইগৰাকীয়ে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ৷

লগতে পঢ়ক : পতাকা উত্তোলনেৰে আৰম্ভ হ'ল 'ৰাইজৰ দল'ৰ অভিৱৰ্তন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.