ETV Bharat / city

অসম মীন উন্নয়ন নিগমত ভয়ংকৰ বিত্তীয় কেলেংকাৰী ! - অসম মীন উন্নয়ন নিগম

অসম মীন উন্নয়ন নিগমৰ ভয়ংকৰ বিত্তীয় কেলেংকাৰীৰ সন্দৰ্ভত অনুসুচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল (Alleged financial scam in Assam fisheries development corporation ) ৷ বিত্তীয় কেলেংকাৰীৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে সদৌ অসম অনুসুচীত জাতি যুৱ ছাত্ৰ পৰিষদে ।

alleged-financial-scam-in-assam-fisheries-development-corporation
অসম মীন উন্নয়ন নিগমত ভয়ংকৰ বিত্তীয় কেলেংকাৰী !
author img

By

Published : Jan 20, 2022, 2:12 PM IST

গুৱাহাটী, ১৯ জানুৱাৰী: বৃহস্পতিবাৰে দিছপুৰ প্ৰেছ ক্লাবত সদৌ অসম অনুসুচীত জাতি যুৱ ছাত্ৰ পৰিষদে সম্বোধন কৰিলে এক সংবাদমেল । অসম মীন উন্নয়ন নিগমৰ ভয়ংকৰ বিত্তীয় কেলেংকাৰীৰ সন্দৰ্ভত বিস্ফোৰক বিল উন্নয়নৰ নামত অহা কেবা কোটি টকাৰ ধন অসম মীন উন্নয়ন নিগমৰ কেবাগকীও অভিযন্তাই হৰলুকী কৰাৰ অভিযোগ (Alleged financial scam in Assam fisheries development corporation ) । ভয়ংকৰ বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে ইতিমধ্যেই দিশপুৰ থানাত গোচৰ ৰুজু কৰিছিল সদৌ অসম অনুসুচীত জাতি যুৱ ছাত্ৰ পৰিষদে ।

অসম মীন উন্নয়ন নিগমত ভয়ংকৰ বিত্তীয় কেলেংকাৰী !

কিন্তু বৰ্তমান মুহুতলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে সংগঠনটোৱে । সমগ্ৰ বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে সদৌ অসম অনুসুচীত জাতি যুৱ ছাত্ৰ পৰিষদে । বুধবাৰে দিছপুৰ প্ৰেছক্লাৱত পৰিষদৰ মুখ্য উপদেষ্টা ৰুবুল দাসে সংবাদমেল সম্বোধন কৰে ৷ তেওঁ অসম মীন উন্নয়ন নিগম পৰিসীমিতৰ কাৰ্য্যবাহী অভিযন্তা জ্যোতিষ চন্দ্ৰ শইকীয়া, হিচাপ বিষয়া তাৰিণী ডেকা, সহকাৰী কাৰ্য্যবাহী অভিযন্তা ক্রমে জ্যোতিপ্ৰসাদ শইকীয়া, বিৰিঞ্চি অধিকাৰী প্ৰমুখ্যে নিগমৰ অভিযন্তা বিষয়াসকলৰ বিৰুদ্ধে সৰৱ হোৱা দেখা যায় ৷

তেওঁ কয় যে, এই বিষয়া সকলে ২০২০-২১, ২১-২২ বৰ্ষত 'মীন মহল উন্নয়ন আঁচনি'ৰ বিল পৰিশোধৰ নামত "এফ.আৰ.বি.এম আইন, ২০০৩” (The Fishcal Responsibility and Budget Management Act 2003) বহির্ভূতভাবে নিজৰ ব্যক্তিগত বেংক একাউণ্টত মুঠ ৫,২৯,৮৫, ৩৪২.০০ টকা আগধনৰূপে আদায় কৰি এক বৃহৎ ভয়ংকৰ বিত্তীয় কেলেংকাৰী সংঘটিত কৰিছিল ।

আনহাতে আকৌ, নিগমৰ সহকাৰী কাৰ্য্যালয় অধীক্ষক চফিকুৰ ৰহমানে নিগমৰ সংগৃহীত ৰাজহৰ মুঠ ৯৪.৪৫,৩৭৫.০০ টকা প্রত্যক্ষভাবে আত্মসাৎ কৰি নিগমৰ পূজিত আদায় নিদিয়াকৈয়ে যোৱা ৩১ ডিচেম্বৰত চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিলে । অসম চৰকাৰৰ ৰাজহ আৰু দুখীয়া দৰিদ্ৰ মৎস্যজীবিসকলৰ উন্নয়নৰ ধন এনেদৰে দনীতিৰে আত্মসাৎ কৰাৰ কাৰণে উক্ত অভিযন্তা বিষয়াসকলৰ বিৰুদ্ধে তাৎক্ষণিক আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত যোৱা ৩ জানুৱাৰীত নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস(Fishery Development Corporation Chairman Gurujyoti Das)ক অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ তৰফৰ পৰা স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল ।

তাৰোপৰি, উক্ত কেলেংকাৰীৰ বিৰুদ্ধে ২ জানুৱাৰীত দিশপুৰ থানাত গোচৰ নং- ১৪/২২ এজাহাৰ দাখিল কৰি পৰিষদৰ তৰফৰ পৰা গোচৰ ৰুজু কৰা হৈছিল । কিন্তু, উক্ত কেলেংকাৰীৰ সন্দৰ্ভত আজিকোপতি অসম মীন উন্নয়ন নিগম পৰিসীমিতৰ কৰ্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল । ঠিক একেদৰে, দিশপুৰ থানা কর্তৃপক্ষই উক্ত গোচৰটোৰ সন্দৰ্ভত এবাৰেই মাথোঁ নিগম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : চীনা সৈন্যৰ বিৰুদ্ধে অৰুণাচলী যুৱকক অপহৰণৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.