ETV Bharat / city

লোক মন্থন অনুষ্ঠানৰ নামত অসমীয়া ভাষা সংস্কৃতিক অপমান ! - লোক মন্থন অনুষ্ঠান

অসম চৰকাৰৰ পৰ্যটন বিভাগে কোটি কোটি টকা খৰছ কৰি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লোক মন্থন নামৰ অনুষ্ঠানত প্ৰজন্ন প্ৰভাৰ ৰাষ্ট্ৰীয় সমম্বয়ক জে নন্দকুমাৰে অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ' ভূপেন হাজৰিকাই লিখা বুলি মন্তব্য কৰি অসমৰ জাতীয় সংগীত আৰু অসমৰ জাতীয় সংগীতৰ ৰচক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক চৰম অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে (J Nandakumar insulting state Anthem Of Assam ) ।

J Nandakumar insulting state Anthem Of Assam
লোক মন্থন অনুষ্ঠানত অসম সংগীতক অপমান প্ৰজন্ন প্ৰভাৰ ৰাষ্ট্ৰীয় সমম্বয়ক জে নন্দকুমাৰৰ
author img

By

Published : Sep 22, 2022, 7:44 PM IST

গুৱাহাটী, 22 ছেপ্টেম্বৰ: অসম চৰকাৰৰ পৰ্যটন বিভাগে কোটি কোটি টকা খৰছ কৰি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত (Srimanta Sankaradeva Kalakshetra) লোক মন্থন নামৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ নামত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বৰ্ণময় সংস্কৃতিক অপমান কৰাৰ অভিযোগ উঠিছে । প্ৰজন্ন প্ৰভা নামৰ আৰ এছ এছৰ লগত সম্পৰ্কিত এটা সংগঠনৰ সহযোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত লোক মন্থন নামৰ অনুষ্ঠানত হিন্দু সংস্কৃতি তথা হিন্দু ধৰ্মৰ প্ৰয়োভৰ কৰা দেখা গৈছে ।

বিগত ২১ ছেপ্টেম্বৰৰ পৰা অহা ২৪ ছেপ্টেম্বৰলৈ অনুষ্ঠিত এই অনুষ্ঠানটি বৃহস্পতিবাৰে দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে উদ্বোধন কৰে (VP Jagdeep Dhankhar inaugurates Lokmanthan 2022) । এই উৎসৱৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক প্ৰতিফলিত কৰায়ে প্ৰধান উদ্দেশ্য বুলি মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত মন্তব্য কৰে ৷ কিন্তু অসমীয়া জাতিক উজ্জ্বীবিত কৰা শ্ৰীমন্ত শংকৰদেৱ তথা মাধৱদেৱৰ কোনো প্ৰতিচ্ছবি তথা তেওঁলোকৰ সৃষ্টি ৰাজিৰ কোনো আভাস এই উৎসৱত দেখা পোৱা নগ’ল ।

লোক মন্থন অনুষ্ঠানত অসম সংগীতক অপমান প্ৰজন্ন প্ৰভাৰ ৰাষ্ট্ৰীয় সমম্বয়ক জে নন্দকুমাৰৰ

বেছিভাগ ঠাইত হিন্দু ধৰ্ম তথা শাক্ত ধৰ্মৰ দেৱ দেৱীৰ প্ৰতিচ্ছবি থকাৰ বিপৰীতে শ্ৰীমন্ত শংকৰদেৱ তথা মাধৱদেৱৰ কোনো প্ৰতিচ্ছৱি তথা বৈষ্ণব সংস্কৃতিৰ কোনো প্ৰতিচ্ছবি দেখা নগ’ল (Allegation of insulting Assamese language and culture) । তদুপৰি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰান্তীয় জনজাতীয়সকলৰ কোনো বিশেষ প্ৰতিফলনো দেখা নগ’ল ৷ মন কৰিবলগীয়া যে, এই উৎসৱত আৰ আৰ এছ তথা বিশ্ব হিন্দু পৰিষদৰ বিভিন্ন সদস্য এই উৎসৱ প্ৰতিনিধি হিচাপে অহা দেখা গৈছে । এক প্ৰকাৰ এই উৎসৱ আৰ এছ এছৰ সাংস্কৃতিক উৎসৱ বুলি ক’ব পাৰি ।

উল্লেখ যে, উদ্বোধনী অনুষ্ঠানত উপ-ৰাষ্ট্ৰপতিৰ সমূখতে উৎসৱৰ উদ্যোক্তা প্ৰজন্ন প্ৰভাৰ ৰাষ্ট্ৰীয় সমম্বয়ক জে নন্দকুমাৰে অসমৰ জাতীয় সংগীতক অপমান কৰি মন্তব্য প্ৰদান কৰাৰো অভিযোগ উত্থাপন হৈছে ৷ তেওঁ অসমৰ জাতীয় সংগীত অ' মোৰ আপোনাৰ দেশ' ভূপেন হাজৰিকাই লিখা বুলি মন্তব্য কৰিছিল ।

প্ৰজন্ন প্ৰভাৰ ৰাষ্ট্ৰীয় সমম্বয়ক জে নন্দকুমাৰৰ এই মন্তব্যই অসমৰ জাতীয় সংগীত আৰু অসমৰ জাতীয় সংগীত ৰচক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাক চৰম অপমান কৰা দেখা গ’ল (J Nandakumar insulting state Anthem Of Assam ) । উল্লেখ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৫০০ ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা লোক মন্থন উৎসৱৰ অহা ২৪ ছেপ্টেম্বৰত সামৰণি পৰিব (3rd edition of Lokmanthan 2022 in Guwahati) ।

লগতে পঢ়ক: শিক্ষাক ৰাজনীতিকৰণ কৰিব নালাগে: উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.