ETV Bharat / city

কৰ'ণা বিভীষিকাঃ সজাগ ৰাজ্যবাসী - সমগ্ৰ অসমত কৰ'ণা ভাইৰাচক লৈ সজাগতা

বিশ্বজুৰি প্ৰায় 6000 লোকৰ প্ৰাণ কাঢ়ি নিয়া এই ভাইৰাছৰ বিৰুদ্ধে ৰাজ্যৰ সকলোবোৰ গুৰুত্বপূৰ্ণ স্থানত গ্ৰহণ কৰা হৈছে ব্যাপক সতৰ্কতা

সজাগ ৰাজ্যবাসী
সজাগ ৰাজ্যবাসী
author img

By

Published : Mar 18, 2020, 1:25 AM IST

নিউজ ডেস্ক, 17 মাৰ্চঃ সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা কৰ'ণা ভাইৰাছক লৈ এতিয়া শংকিত দেশবাসীৰ লগতে ৰাজ্যবাসী ৷ যাক লৈ এতিয়া তৎপৰ হৈ পৰিছে ভিন্ন প্ৰান্ত ৷

ধেমাজিঃ কৰ'ণাৰ বাবে ধেমাজিবাসীক আতংকিত নহ'বলৈ আহ্বান জিলা উপায়ুক্তৰ ৷ ধেমাজিত জিলাত এতিয়া যোজা চলাইছে প্ৰায় 50 খন বিচনাযুক্ত আইচ'লেশ্যন কোঠাৰ ৷ জিলাখনৰ বিভিন্ন ৰে'লৱে ষ্টেচনত ইতিমধ্যে চিকিৎসক আৰু স্বাস্থ্য বিভাগৰ দল উপস্থিত থাকি দূৰণিবটীয়া ৰে'লত অহা ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৷

কৰ'ণাৰ বাবে ধেমাজিবাসীক আতংকিত নহ'বলৈ আহ্বান জিলা উপায়ুক্তৰ

শিৱসাগৰঃ কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধমূলক সজাগতা সৃষ্টিৰ বাবে মঙলবাৰে শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰৰ সন্মুখত অগ্ৰণী প্ৰতিষ্ঠান সম্প্ৰীতি ক্লাৱে এক হাত ধোৱা সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ শিৱসাগৰ জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে শুভাৰম্ভ কৰা সজাগতা আনুষ্ঠানত শিৱসাগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত বিদিত দাস,পৌৰনেত্ৰী মৃদুস্মিতা সিনহা,জিলা তথ্য আৰু জনসংযোগ বিষয়া হাছনাহানা বেগম, শিৱসাগৰ বিণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সৌমাৰজ্যোতি মহন্ত আদি বহু লোক উপস্থিত থাকে ৷

কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধমূলক সজাগতা সৃষ্টিৰ বাবে আজি শিৱসাগৰ নগৰৰ কেন্দ্ৰীয় বজাৰৰ সন্মুখত সজাগতা অনুষ্ঠান

হাজোঃ হাজোৰ ৰামদিয়াতে কৰ'ণা ভাইৰাছ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰে ভাৰত চৰকাৰৰ মানৱ উন্নয়ন মন্ত্ৰালয়ৰ উদ্যোগত ৷ এই সজাগতা সভাত গোপাজিৎ দাস, যুটীয়া সঞ্চালক কীৰ্তি তিৱাৰী, এল.আৰ.বিশ্ব নাথ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ৰমনী মালাকৰকে ধৰি ৰামদিয়া অঞ্চলৰ বহু লোক উপস্থিত থাকে ৷ ইয়াৰেপৰি কৰ'ণা ভাইৰাছৰ সংক্ৰমনৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে আবেলি ৫ বজাৰ পৰা হাজোৰ শ্ৰী শ্ৰী হয়গ্ৰীব মাধৱ দেৱালয়কে প্ৰমুখ্য কৰি হাজোৰ পঞ্চতীৰ্থ দেৱালয়ৰ দুৱাৰ বন্ধ কৰি ৰাখে ৷

গুৱাহাটীঃ মহানগৰীৰ এটা অন্যতম তীৰ্থস্থান তথা পৰ্যটন ক্ষেত্ৰ হৈছে মা কামাখ্যা ধাম ৷ দেশ-বিদেশৰ পৰা প্ৰতিদিনেই কামাখ্যালৈ আহে হাজাৰ-হাজাৰ দৰ্শনাৰ্থীৰ লগতে পৰ্যটক ৷ কিন্তু দৰ্শনাৰ্থী অহাত কোনো বাধ্যবাধকতা ৰখা নাই যদিও কেইবাটাও সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে । দৰ্শনাৰ্থীৰ পৰা দূৰত্ব বজাই ৰখাৰ লগতে পূজাৰীসকলক চেনিটাইজাৰেৰে বীজাণুমুক্ত আৰু প্ৰতিদিনে কাপোৰ চাফ চিকুণ কৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে স্বাস্থ্য বিভাগে ৷

কেইবাটাও সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে

গুৱাহাটীঃ গুৱাহাটী ৰে'ল ষ্টেচনত ৰে'ল বিভাগে এই ভাইৰাছৰ বিৰুদ্ধে চলাইছে ব্যাপক তৎপৰতা ৷ গুৱাহাটীত প্ৰৱেশ কৰা প্ৰতিটো ৰে'লৰ যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা অবিহনে ওলাই যাবলৈ দিয়া হোৱা নাই ষ্টেচনৰ পৰা ৷ স্বাস্থ্য পৰীক্ষৰ পিছত কিদৰে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজৰ লগতে অন্য লোকক ৰক্ষা কৰিব পাৰি এই সম্পৰ্কেও সজাগতা সৃষ্টি কৰা হৈছে ৰে'ল ষ্টেচনত ৷

গুৱাহাটী ৰে'ল ষ্টেচনত ৰে'ল বিভাগে এই ভাইৰাছৰ বিৰুদ্ধে চলাইছে ব্যাপক তৎপৰতা

জোনাইঃ কৰ'ণা ভাইৰাছক লৈ চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পূৱ চিয়াং জিলা প্ৰশাসনৰ সতৰ্কতা ৷ বিভিন্ন স্থানৰ পৰা ৰে'ল আৰু নৈশ বাছৰ পৰা কৰ্মসূত্ৰে অহা আৰু স্বগৃহলৈ প্ৰত্যাৱৰ্তন কৰা লোকক পূৱ চিয়াং জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে পৰীক্ষা কৰাৰ লগতে সতৰ্কতা অৱলম্বন কৰিছে ৷

কৰ'ণা ভাইৰাছক লৈ চুবুৰীয়া ৰাজ্য আৰুণাচল পূৱ চিয়াং জিলা প্ৰশাসনৰ সতৰ্কতা

ৰঙাপাৰাঃ কৰ'ণা ভাইৰাছক লৈ সষ্টম উত্তৰ পূব সীমান্ত ৰেলৱে বিভাগ । আজি ৰঙাপৰা ৰে'লৱে ষ্টেচনত পুৱা ৰঙাপৰা ৰে'লৱে চিকিৎসালয়ৰ মুখ্য চিকিৎসক ডাঃ ৰামকেশ প্ৰসাদৰ নেতৃত্বত এটি চিকিৎসকৰ দলে ৰেলত অহা প্ৰত্যেকগৰাকী যাত্ৰীৰ উত্তাপ নিৰীক্ষণ যন্ত্ৰৰে স্বাস্থ্য পৰীক্ষা কৰে । ৰঙাপৰাত বৰ্তমানলৈকে এজনো কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগী চিনাক্ত হোৱা নাই বুলি প্ৰকাশ কৰে চিকিৎসক ডাঃ ৰামকেশ প্ৰসাদে ৷

কৰ'ণা ভাইৰাছক লৈ সষ্টম উত্তৰ পূব সীমান্ত ৰেলৱে বিভাগ

শিলচৰঃ ভাৰত চৰকাৰৰ তথ্য আৰু দূৰ সঞ্চাৰ বিভাগৰ অধীনত থকা আঞ্চলিক প্ৰচাৰ দফতৰৰ উদ্যোগত আজি শিলচৰ চহৰৰ বিভিন্ন ঠাইত কৰ'ণা ভাইৰাছ বিষয়ত এক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে ৷ সাধাৰণ মানুহক কৰ'ণা ভাইৰাছৰ বাবে আতংকিত হোৱাৰ পৰিৱৰ্তে কেনে ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা লব পাৰি সেই বিষয়ে সৰল ভাষাত বুজাই দিয়ে ৷ আনহাতে শিলচৰ ৰে'ল ষ্টেছনত বিভিন্ন ঠাইৰ পৰা অহা ৰে'লৰ যাত্ৰীসকলৰ পৰীক্ষা কৰোতে আজি এগৰাকী আৰ্জেণ্টিনাৰ নাগৰিকক শিলচৰ মেডিকেল কলেজত পঠোৱা হয় স্বাস্থ্য পৰীক্ষাৰ বাবে ৷

নাগৰিকক শিলচৰ মেডিকেল কলেজত পঠোৱা হয় স্বাস্থ্য পৰীক্ষাৰ বাবে

নাহৰকটীয়াঃ নাহৰকটীয়াৰ কেন্দ্ৰীয় অখণ্ড ভাগৱত পাঠ সমিতিয়ে স্থানীয় গড়কাপ্টানি বিভাগৰ বাকৰিত বিগত ১৪ মাৰ্চৰ পৰা আয়োজন কৰিছিল ভাগৱত পাঠৰ ৷ কিন্তু কৰ'ণা’ ভাইৰাছ বিয়পাৰ আশংকাত প্ৰশাসনৰ আহ্বানত আয়োজক সকলে মাত্ৰ তিনিটা দিনৰ ভিতৰতে সামৰিলে এই ধৰ্মীয় অনুষ্ঠানটি ৷ উল্লেখ্য যে, ইতিপূৰ্বে ডিব্ৰুগড় জিলা প্ৰশাসনে সাম্প্ৰতিক পৰিস্থিতিত ৰাজহুৱা অনুষ্ঠান আয়োজনৰ ক্ষেত্ৰত সতৰ্ক হ’বলৈ নিৰ্দেশনা জাৰি কৰাৰ উপৰিও ৰাইজক অনাহকত ঘৰৰ পৰা নোলাবলৈকো আহ্বান জনায় ৷

নাহৰকটীয়াতো কৰ'ণাক লৈ তৎপৰতা

চিৰাংঃ আনহাতে চিৰাং জিলাৰ স্বাস্থ্য বিভাগে ভূটান গেটৰ পৰা ডেৰ কি:মি: নিলগত নামমাত্ৰ এটা স্কেনিং কেন্দ্ৰ খুলিছে যদিও এতিয়ালৈ পৰ্যাপ্ত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই কৰ্তৃপক্ষই ৷ অসম চৰকাৰৰ তৰফৰ পৰা ঘোষণা কৰা অনুসৰি বৰ্তমানলৈ আন্তৰ্জাতিক সীমান্ত বন্ধ কৰা নাই চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰি গেটত ৷

চিৰাং জিলাৰ স্বাস্থ্য বিভাগে ভূটান গেটৰ পৰা ডেৰ কি:মি: নিলগত নাম মাত্ৰ এটা স্কেনিং কেন্দ্ৰ খুলিছে যদিও এতিয়ালৈ পৰ্যাপ্ত কোনো ধৰনৰ ব্যৱস্থা লোৱা নাই কৰ্তৃপক্ষই

কটন বিশ্ববিদ্যালয়ঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাচত এইবাৰ কৰ'ণাক লৈ সতৰ্কতা কটন বিশ্ববিদ্যালয়ত । মঙলবাৰে এক জাননীৰ জৰিয়তে কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে হোষ্টেল খালী কৰাৰ নিৰ্দেশ জাৰি কৰিছে ৷ যাৰ বাবে হোষ্টেল বন্ধ হোৱাৰ ফলত বহুতো অসুবিধাৰ সৃষ্টি হৈছে কটনৰ ছাত্ৰ ছাত্ৰী সকল ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাচত এইবাৰ কৰ'ণাক লৈ সতৰ্কতা কটন বিশ্ববিদ্যালয়ত

তিনিচুকীয়াঃ তিনিচুকীয়াতো জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ৰাইজক সজাগ সচেতন হ'বলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে ৷ মঙলবাৰে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ সভা গৃহত জিলা স্বাস্থ্য বিভাগে এক সংবাদমেল অনুষ্ঠিত কৰি কৰ'ণা ভাইৰাছ সংক্ৰমণৰ পৰা কেনেকৈ বাছি থাকিব পাৰি সেই পৰামৰ্শৰ লগতে জনসাধাৰণক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায় |

তিনিচুকীয়াতো জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে ৰাইজক সজাগতা অনুষ্ঠান

তামাৰহাটঃ তামাৰহাট আৰক্ষী আৰু তামাৰহাট থানা নাগৰিক কমিটিয়ে থানাখনৰ অন্তৰ্গত মুঠ ১১৫ খন গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ সদস্যৰ মাজত কৰ’ণা ভাইৰাছ সম্পৰ্কে দেওবাৰে এখন সজাগতা সভা অনুষ্ঠিত কৰে ৷ সভাখনত গাঁওৰক্ষী বাহিনীৰ সদস্যসকলৰ জৰিয়তে প্ৰতিখন গাঁৱৰ কিমানজনকৈ ব্যক্তিয়ে কৰ্মসূত্ৰে বহিঃৰাজ্যত আছে তাৰ এক হিচাপ উলিয়ায় ৷

তামাৰহাটত সজাগতা সভা অনুষ্ঠিত

কাকপথাৰঃ কাকপথাৰ টঙনাৰ চন্দন তাঁতীক উন্নত চিকিৎসাৰ বাবে নিয়াৰ লগতে ওপৰ উবন গাঁৱৰ গনেশ গগৈক এই ৰোগত আক্ৰান্ত হোৱাৰ সন্দেহ কৰিছে ৷ দুয়োগৰাকী কেৰেলাৰ পৰা অহা বুলি জানিব পৰা গৈছে ৷

তামাৰহাটত সজাগতা সভা অনুষ্ঠিত
কাকপথাৰ টঙনাৰ চন্দন তাঁতীক উন্নত চিকিৎসাৰ বাবে নিয়াৰ লগতে ওপৰ উবন গাঁৱৰ গনেশ গগৈক এই ৰুগত আক্ৰান্ত হোৱাৰ সন্দেহ

গোলাঘাটঃ কৰ'ণা ভাইৰাছক লৈ গোলাঘাট জিলা পৰিবহণ বিভাগৰ তৎপৰতা । গুৱাহাটী গোলাঘাট চলাচল কৰা দিবা নৈশ বাছ যাত্ৰীৰ সবিশেষ ল'বৰ বাবে বিশেষভাৱে নিৰ্দেশ জাৰি কৰে গোলাঘাট প্ৰশাসনে । এখন সংবাদমেলযোগে জিলা প্ৰশাসনে বাছ মালিকসকলক বাছ যাত্ৰীৰ সবিশেষ ল'বলৈ এক ফৰ্ম প্ৰদান কৰে আৰু যাত্ৰীৰ সবিশেষ সংগ্ৰহ কৰা ফৰ্ম প্ৰত্যেক দিনাই চৰকাৰী বিষয়াক প্ৰদান কৰাৰ নিৰ্দেশ দিয়ে ৷

কৰ'ণা ভাইৰাছক লৈ গোলাঘাট জিলা পৰিবহণ বিভাগৰ তৎপৰতা

লগতে পঢ়কঃ ৰাজ্যত কৰ'ণাভাইৰাছৰ আতংক : সজাগতামূলক সভাৰ আয়োজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.