গুৱাহাটী, ২৭ ডিচেম্বৰঃ অসমৰ লােকসংগীত জগতৰ সম্রাজ্ঞী, পদ্মশ্রী প্রতিমা বৰুৱা পাণ্ডেৰ মৃত্যু বার্ষিকী দিনাই তেওঁৰ কন্যা অলকা পাণ্ডেই ভাৰতীয় জনতা পার্টিত আনুষ্ঠানিকভাৱে যােগদান কৰে ৷ ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত অনুষ্ঠিত হােৱা যােগদান কার্যসূচীত বিজেপি, অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাস, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্র নাথ শর্মা, সম্পাদক কৃষ্ণমনি চুতীয়া উপস্থিত থাকে ।
যােগদান কার্যসূচীত উপস্থিত থাকি বিজেপি, অসম প্ৰদেশৰ সভাপতি ৰণজিৎ কুমাৰ দাসে কয় যে, মাতৃৰ মৃত্যু বার্ষিকী দিনাই বিজেপিত যােগদান কৰা অলকা পাণ্ডেক দলৰ মজিয়ালৈ স্বাগতম জনাইছো, অনাগত দিনত তেখেতে দলৰ নীতি-আদর্শ নিষ্ঠা সহকাৰে পালন কৰি দল তথা ৰাইজৰ স্বাৰ্থত কাম কৰি যাব ।
বিজেপিত যােগদান কৰি অলকা পাণ্ডেই নিজৰ মনােভাৱ প্ৰকাশ কৰি কয় যে জাতি, ধর্ম, বর্ণ নির্বিশেষে সকলােকে সুৰক্ষা দিয়াৰ একমাত্র উপায় হৈছে বিজেপি । ভাৰতীয় জনতা পার্টিত প্রতিজন শিল্পীৰ বাবে এখন উপযুক্ত মঞ্চ তথা সন্মান আছে । আজি সেই সন্মান লাভ কৰি গৌৰাৱাম্বিত । এগৰাকী শিল্পী হিচাপে অসম তথা ভাৰতবৰ্ষৰ ৰাইজৰ কাৰণে কাম কৰি যাবলৈ ভাৰতীয় জনতা পার্টিয়ে একমাত্র বিকল্প বুলি অলকা পাণ্ডে মত প্রকাশ কৰে ।
লগতে পঢ়ক : দীৰ্ঘ দিনীয়া সপোন পূৰণ হ'ল গৌৰীপুৰবাসীৰ