ETV Bharat / city

বিজেপিয়ে অসমীয়াৰ কলিজাত গোৰ মাৰিলে: অখিল গগৈ

পুনৰ সদনৰ পৰা বহিষ্কাৰ হল বিধায়ক অখিল গগৈ । মাধ্যম বিতৰ্কত লৈ প্ৰতিবাদ কৰিবলৈ গৈ বাহিৰ হ'ল বিধায়ক গৰাকী (Akhil Gogoi suspended from Assam Assembly) ।

author img

By

Published : Sep 19, 2022, 8:46 PM IST

Akhil Gogoi suspended from Assam Assembly
বিজেপিয়ে অসমীয়াৰ কলিজাত গোৰ মাৰিলে: অখিল গগৈ

গুৱাহাটী, 19 ছেপ্টেম্বৰ: মাধ্যম বিতৰ্ককলৈ বিধানসভাৰ অধিৱেশনৰ শেষৰ দিন অৰ্থাৎ সোমবাৰে এক উত্তাল পৰিৱেশৰ সৃষ্টি হয় (Tense situation at Assam legislative Assembly) । মাধ্যম বিতৰ্ককলৈ বিশেষকৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে সদনৰ বাহিৰে ভিতৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । যাৰ বাবে বিধানসভাৰ অধিৱেশনৰ শেষৰ দিনটোত বিধায়ক অখিল গগৈয়ে দুৱাৰকৈ সদনৰ বাহিৰত অৱস্থান কৰিবলগীয়া হয় ।

বিধানসভাৰ অধিৱেশনত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Education Minister Ranoj Pegu) চৰকাৰী বিদ্যালয়ত ইংৰাজী মাধ্যম সন্দৰ্ভত আলোচনা আগবঢ়াই থকাৰ সময়তে বিধায়ক অখিল গগৈয়ে বিধানসভাৰ অধ্যক্ষৰ সম্মূখলৈ গৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে অখিল গগৈক বিধানসভাৰ অধ্যক্ষই পাঁচ মিনিটৰ বাবে সদনৰ পৰা বহিস্কাৰ কৰি মাৰ্চেল লগাই বাহিৰ কৰি দিয়ে (Akhil Gogoi suspended from Assam Assembly) ।

পিছত আকৌ অধিৱেশন চলি থকাৰ মাজতে বিদ্যালয়ত ইংৰাজী মাধ্যম সন্দৰ্ভত আলোচনা কৰা বাবে বিধায়ক অখিল গগৈয়ে বিধানসভাৰ অধ্যক্ষৰ পৰা পাঁচ মিনিট সময় বিচাৰে যদিও বিধানসভাৰ অধ্যক্ষই আলোচনা কৰাৰ বাবে অখিল গগৈক অস্বীকাৰ কৰাৰ বাবে এইবাৰ অখিল গগৈয়ে নিজেই সদন ত্যাগ কৰ ৷

অখিল গগৈয়ে সদন ত্যাগ কৰি বিধানসভাৰ বাহিৰত সাংবাদিকক সম্বোধন কৰি বিজেপি চৰকাৰে অসমীয়া মানুহৰ পৰা অসমীয়াক বিচ্ছেদ কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে বুলি উল্লেখ কৰে ৷ তেওঁ লগতে অসমত চৰকাৰী প্ৰাথমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী মাধ্যমত পঢ়োৱা হ’ব বুলি চৰকাৰে চূড়ান্ত সিদ্ধান্ত লয় বুলি বিধানসভাত শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰা বুলি মন্তব্য কৰে ।

এই সিদ্ধান্ত গ্ৰহণ কৰি অসমীয়া জাতিৰ প্ৰতি চৰম অপমান কৰাৰ লগতে বিজেপিয়ে অসমীয়াৰ কলিজাত গোৰ মাৰিলে বুলিও বিধায়কগৰাকীয়ে উল্লেখ কৰে ৷ তেওঁ বৃটিছ শাসনৰ সময়ৰ অসমীয়া ভাষা বিৰোধী বৃটিছৰ স্কুল পৰিদৰ্শক উইলিয়াম ৰবিনচৰ লগত ৰণোজ পেগুক তুলনা কৰি সুবিধাবাদী বুলি কঠোৰ ভাষাৰে সমালোচনা কৰি "বিজেপিক অসমৰ ৰাইজে বৃটিছ হিচাপে মনত ৰাখিব । অসমীয়া বিৰোধী হিচাপে ঘৃণা কৰিব " বুলি কয় (MLA Akhil Gogoi criticize BJP) ৷

লগতে পঢ়ক: আঠখেলীয়া নামঘৰত ওলমিল তলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.