ETV Bharat / city

Encounter in Nagaon: নগাঁৱৰ ঘটনাৰ বাবে পুনৰ মুখ্যমন্ত্ৰীক চোকা সমালোচনা অখিলৰ - আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

ছাত্ৰ নেতাক গুলিয়াই আহত কৰা ঘটনাক লৈ সৰৱ অখিল গগৈ (Akhil Gogoi condemns Nagaon shooting ) ৷ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত গণতন্ত্ৰ পুলিচতন্ত্ৰলৈ পৰ্যবসিত হোৱাৰ দাবী অখিল গগৈৰ ৷

akhil-gogoi-reacts-on-student-leader-shot-by-police-in-nagaon
নগাঁৱৰ ঘটনাৰ বাবে পুনৰ মুখ্যমন্ত্ৰীক চোকা সমালোচনা অখিলৰ
author img

By

Published : Jan 24, 2022, 10:59 AM IST

গুৱাহাটী,২৩ জানুৱাৰী: নগাঁৱত শনিবাৰে আৰক্ষীয়ে এজন ছাত্ৰ নেতাক গুলিয়াই আহত কৰা ঘটনাটোক (Student Leader Shot by Police in Nagaon) গৰিহণা দিছে ৰাইজৰ দলে । দেওবাৰে গুৱাহাটীত আয়োজন কৰা এক সংবাদমেলত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ঘটনাটোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে (Akhil Gogoi condemns Nagaon shooting ) ৷ তেওঁ কয় যে, অসমত এতিয়ালৈকে এনকাউন্টাৰত ৩১ জন মানুহক হত্যা কৰা হ'ল । তাৰ ভিতৰত ১৭ জন জনজাতীয় তথা সাধাৰণ লোক, বাকী ১৪ জন মুছলমান সম্প্ৰদায়ৰ লোক ।

সৰ্বমুঠ ৮৬ টা এনকাউন্টাৰ ঘটনা এতিয়ালৈকে অসমত সংঘটিত হৈছে । নগাঁৱৰ শেহতীয়া ঘটনাই চৰকাৰ আৰু অসম পুলিচৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে । ন্যায় বহিভূৰ্ত হত্যা কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি ৰাইজৰ দলে আগৰে পৰা কৈ আহিছে বুলিও মন্তব্য কৰে তেওঁ । চৰকাৰক তীব্ৰ সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত গণতন্ত্ৰ পুলিচতন্ত্ৰলৈ পৰ্যবসিত হৈছে বুলি দাবী কৰি ৰাজ্যত হিমন্ত বিশ্ব চৰকাৰৰ দিনত মুক্ত হত্যা চলিছে বুলি মন্তব্য কৰে (Himanta government running open killings says Akhil Gogoi) ।

নগাঁৱৰ ঘটনাৰ বাবে পুনৰ মুখ্যমন্ত্ৰীক চোকা সমালোচনা অখিলৰ

বেছিভাগ এনকাউন্টাৰে ভূৱা এনকাউন্টাৰ আৰু এনকাউন্টাৰ কৰাৰ পিছত মিছা অভিযোগ দি অভিযুক্ত জনক দোষী সজোৱাটো হিমন্ত চৰকাৰৰ শাসনৰ ধাৰণা ।হিমন্ত বিশ্ব শৰ্মাৰ আইনৰ শাসনৰ ধাৰণাটোৱে হৈছে অভিযুক্তক গুলিয়াই দিয়া। অসমত এতিয়া আৰক্ষীয়ে মন গ'লেই ৰাইজক গুলিয়াই দিব পাৰে । নগাঁৱৰ ঘটনাই প্ৰমাণ কৰিলে যে অসমৰ নাগৰিক সকল সুৰক্ষিত নহয় ।

ইয়াৰোপৰি, আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ দিনতে ৰাজ্যৰ ভিতৰত নগাঁৱত সৰ্বাধিক এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছে । তথাপিও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক চৰকাৰ আৰু সংবাদ মাধ্যমে হিৰ’ বনাবলৈ চেষ্টা কৰি আছে বুলিও অভিযোগ কৰে গগৈয়ে । এই ঘটনাই আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু চৰকাৰৰ মুখা খুলি দিছে বুলিও কয় গগৈয়ে ৷ আনহাতে, কীৰ্তি কমল বৰাৰ পৰিয়ালক ২০ লাখ টকাৰ ক্ষতিপূৰণৰ লগতে সমগ্ৰ ঘটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰাৰ দাবী জনায় অখিল গগৈয়ে ।

লগতে পঢ়ক : এইবাৰ গণৰাজ্য দিৱসত বন্ধ নিদিয়ে আলফাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.