ETV Bharat / city

কি হ’ব অখিল গগৈৰ ৰাইজৰ দলৰ ভৱিষ্যত ৰাজনৈতিক পৰিকল্পনা ?

ৰাইজৰ দলৰ শেহতীয়া কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ এই সম্পৰ্কত ইটিভি ভাৰতৰ বিশেষ প্ৰতিবেদন ৷

author img

By

Published : Aug 8, 2021, 10:19 PM IST

akhil-gogoi-on-raijor-dal
কি হ’ব অখিল গগৈৰ ৰাইজৰ দলৰ ভৱিষ্যত ৰাজনৈতিক পৰিকল্পনা

গুৱাহাটী, ৮ আগষ্ট : ক'ভিড মহামাৰী আৰু লকডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা সকলোকে ক্ষতিপূৰণ দিয়াৰ বাবে পেকেজ ঘোষণাৰ দাবী জনাইছে ৰাইজৰ দলে । দেওবাৰে ৰাইজৰ দল(Raijor dal)ৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত দলৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ পাছতে বিধায়ক অখিল গগৈ(Akhil Gogoi)য়ে এখন সংবাদমেল সম্বোধন কৰি এই দাবী উত্থাপন কৰে । ১৩ আগষ্টত সমাপ্ত হ'বলগীয়া বিধানসভাৰ বাজেট অধিবেশনৰ পূৰ্বে পেকেজ ঘোষণাৰ বাবে বিধায়ক অখিল গগৈয়ে চৰকাৰৰ ওচৰত দাবী জনায় ।

এই সংবাদমেলত বিধায়ক গগৈয়ে কয় যে, ১৩ আগষ্টৰ ভিতৰত ক্ষতিপূৰণ দিয়াৰ কথা বিধানসভাত ঘোষণা নকৰিলে ৰাইজৰ দল আন্দোলনত নামিবলৈ বাধ্য হ'ব । আনহাতে, ৩০ অক্টোবৰৰ ভিতৰত সকলো যোগ্য নাগৰিকক ক'ভিড ভেকচিন(covid vaccine) দিয়াৰ কাম শেষ কৰাৰ দাবী জনাই দলটোৱে । অন্যথা ৰাইজৰ দলে ৩১ অক্টোবৰৰ পৰা কেন্দ্ৰীয় আৰু ৰ‍াজ্য চৰকাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ।

ৰাইজৰ দলৰ কাৰ্যনিৰ্বাহকৰ সিদ্ধান্তসমূহ সদৰি কৰি বিধায়ক গগৈয়ে কয়, '৩১ আগষ্টৰ ভিতৰত আমাৰ সকলো গ্ৰীষ্মকালীন ধান(summer crop) এফ চি আই(FCI)য়ে যাতে ক্ৰয় কৰে তাৰ বাবে অসম চৰকাৰ তথা কৃষি বিভাগে(Assam state agriculture department) ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনালো । যদি ৩১ আগষ্টৰ ভিতৰত সকলো খেতিয়কৰ গ্ৰীষ্মকালীন ধান ক্ৰয় কৰাৰ ব্যৱস্থা নকৰে তেন্তে ৰাইজৰ দলে এফ চি আই আৰু অসম চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব ।'

কি হ’ব অখিল গগৈৰ ৰাইজৰ দলৰ ভৱিষ্যত ৰাজনৈতিক পৰিকল্পনা ?
আনহাতে, উপ-নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে, উপ-নিৰ্বাচনত সকলো বিৰোধী শক্তিয়ে ঐক্যবদ্ধভাৱে উপনীত হোৱাটো তেওঁলোকে বিচাৰিছে । কিন্তু ইয়াৰ পৰা এ আই ইউ ডি এফক বাদ দিয়া হ’ব । বিজেপিৰ দৰে এ আই ইউ ডি এফো এটা সাম্প্ৰদায়িক দল হিচাপে আখ্যা দি তেওঁলোকে এই সিদ্ধান্ত ব্যক্ত কৰিছে । বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত এ আই ইউ ডি এফক বাদ দি বিৰোধী শক্তি ঐক্যবদ্ধ হোৱাৰ বাবে দলটোৱে বাৰম্বাৰ আহ্বান জনাইছে বুলিও মন্তব্য কৰে অখিল গগৈয়ে ।

পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জী(West bengal cm Mamta Benarjee)ৰে হোৱা আলোচনাৰ প্ৰসংগত তেওঁ কয় ' ৰাইজৰ দলৰ তৃণমূল কংগ্ৰেছৰে এতিয়ালৈকে তিনিবাৰ আলোচনা হৈছে । এই আলোচনাত প্ৰশান্ত কিশোৰো(Prashant Kishore) বহিছে বুলি তেওঁ উল্লেখ কৰে । তেওঁলোকৰ প্ৰস্তাৱ সম্পৰ্কত মন্তব্য কৰি বিধায়ক গৰাকীয়ে কয় যে, প্ৰস্তাৱ মতে ৰাইজৰ দল তৃণমূল কংগ্ৰেছৰ লগত যোগ হৈ যাব লাগে আৰু অসমত গগৈ দলটোৰ ৰাজ্যিক সভাপতি হ'ব লাগে । অৱশ্যে, তেওঁলোকৰ প্ৰস্তাৱ ৰাইজৰ দলে গ্ৰহণ কৰা নাই যদিও, তৃণমূল কংগ্ৰেছ দলৰ লগত ৰাইজৰ দল থকাৰ ইচ্ছা থকাৰ কথা অখিল গগৈয়ে ব্যক্ত কৰে ৷

লগতে পঢ়ক :বিজেপিক ৰুধিবলৈ মিত্ৰতাৰ দিশে কংগ্ৰেছ আৰু ৰাইজৰ দল !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.