গুৱাহাটী, 22 নৱেম্বৰ : ৰাজনৈতিক পথাৰখনত দুই শত্ৰু বুলি বিশেষভাৱে পৰিচিত যদিও মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা(Himanta Biswa Sarma) আৰু অখিল গগৈ(Akhil Gogoi) দেওবাৰে সন্ধিয়া একলগ হৈ প্ৰায় এঘন্টাজোৰা এক আলোচনাত মিলিত হয় ৷ গুৱাহাটীৰ কইনাধৰাৰ চৰকাৰী অতিথিশালাত অনুষ্ঠান হোৱা এই আলোচনাত মূলতঃ শিৱসাগৰ সমষ্টিৰ বিভিন্ন সমস্যা সমাধানৰ বাবে আৰু সমষ্টিটোৰ কেতবোৰ নতুন প্ৰকল্পৰ আঁচনিৰ বিষয়ে আলোচনা কৰা বুলি প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে ।
![Akhil met CM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13699659_d.jpg)
এই এঘন্টীয়া আলোচনাৰ সময়চোৱাত মুখ্যমন্ত্ৰীৰ হাতত 16 দফীয়া এখন স্মাৰকপত্ৰও দাখিল কৰে শিৱসাগৰৰ বিধায়ক গৰাকীয়ে ৷ উক্ত স্মাৰকপত্ৰখনত শিৱসাগৰ সমষ্টিৰ বিভিন্ন সমস্যাৰ বিষয়ে মূলতঃ উল্লেখ কৰা হয় বুলি জানিব পৰা গৈছে ৷
![Akhil met CM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13699659_a.jpg)
মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰা এই স্মাৰকপত্ৰত উল্লেখ কৰা কেইটামান অন্যতম বিষয় হ'ল- বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, বৃটিছৰ দ্বাৰা নিৰ্মিত দিখৌ দলং সংৰক্ষণ কৰা, শিৱসাগৰ নগৰৰ উন্নয়ন সাধন কৰা, সমষ্টিটোত এশ শতাংশ জলসিঞ্চনৰ আন্তঃগাঁঠনি নিৰ্মাণ কৰা, স্বাস্থ্য খণ্ডৰ আন্তঃগাঁঠনি নিৰ্মাণ কৰা, খিলঞ্জীয়া ইছলামধৰ্মীৰ ঐতিহ্য সংৰক্ষণ কৰা, থলুৱা গ্ৰাম্য জীৱন আৰু বিহু সংৰক্ষণ কৰা, ভূমি আৰু বানপানীৰ সমস্যাৰ সমাধান কৰা, ৰাস্তাঘাটৰ আন্তঃগাঁঠনি নিৰ্মাণ কৰা, আধুনিক শিৱসাগৰৰ ঐতিহ্য সংৰক্ষণ কৰা ইত্যাদি ।
![Akhil met CM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13699659_b.jpg)
এই আলোচনাৰ পাচতে মুখ্যমন্ত্ৰীয়ে শিৱসাগৰৰ ৰাস্তা–ঘাটসমূহ ভাল কৰি দিবৰ বাবে নিৰ্দেশ দিয়ে বিভাগীয় কৰ্তৃপক্ষক । লগতে 5 বছৰৰ ভিতৰত অখিলে বিচৰা শিৱসাগৰৰ সকলো কাম কৰি দিম বুলি মুখ্যমন্ত্ৰীয়ে বিধায়কগৰাকীক প্ৰতিশ্ৰুতি দিয়ে ।
![Akhil met CM](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13699659_c.jpg)
লগতে পঢ়ক : North East Education Conclave : সামৰণি অনুষ্ঠানত অংশগ্ৰহণ ৰাজ্যপাল জগদীশ মুখীৰ