ETV Bharat / city

পুনৰ নাকচ অখিল গগৈৰ জামিন আবেদন

author img

By

Published : Aug 7, 2020, 3:20 PM IST

কৰ'ণাত আক্ৰান্ত হৈ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে কৃষক নেতা অখিল গগৈ । গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে নিয়াৰ আদালতে প্ৰদান কৰিলে এই গুৰুত্বপূৰ্ণ ৰায় ।

akhil-gogoi-bail-petition-cancelled
পুনৰ নাকচ অখিল গগৈৰ জামিন আবেদন

গুৱাহাটী, 7 আগষ্ট: পুনৰ জামিন আবেদন নাকচ কৰা হৈছে কৃষক নেতা অখিল গগৈৰ । শুকুৰবাৰে চানমাৰিস্থিত নিয়াৰ আদালতে কৃষক নেতাগৰাকীৰ জামিন আবেদন নাকচ কৰে । বিগত বৰ্ষৰ ১৭ ডিচেম্বৰৰ পৰাই কৃষক নেতা অখিল গগৈ কাৰাবন্দী হৈ আছে । ইতিমধ্যেই কৃষক মুক্তিৰ নেতা ক্ৰমে মানস কোঁৱৰ, ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালে জামিন লাভ কৰিছে । কিন্তু কা বিৰোধী আন্দোলনক নেতৃত্ব প্ৰদান কৰা অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ বাট পুনৰ ৰুদ্ধ হ'ল ।

উল্লেখ যে, কৰ'ণাত আক্ৰান্ত হৈ সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে কৃষক নেতা অখিল গগৈ । গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে নিয়াৰ আদালতে প্ৰদান কৰিলে এই গুৰুত্বপূৰ্ণ ৰায়।

লগতে পঢ়ক: শিলচৰত গাতত পুতি থোৱা অৱস্থাত উদ্ধাৰ পাঁচ মহীয়া শিশুৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.