ETV Bharat / city

মৰিয়নীত উপস্থিত অসম জাতীয় পৰিষদ 5 জনীয়া উপ-সমিতি - উপ নিৰ্বাচন

ৰাজ্যত অতি শীঘ্ৰে অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন (By Election) ৷ কি শাসক কি বিৰোধী সকলোৱে উপ-নিৰ্বাচনক লৈ নিজ নিজ ৰণ কৌশল প্ৰস্তুতত ব্যস্ত ৷ ইতিমধ্যে প্ৰতিটো ৰাজনৈতিক দলে সমিতি গঠন কৰি উপ-নিৰ্বাচন হ’ব লগীয়া সমষ্টি কেইটা ভ্ৰমণ কৰি প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ দলীয় কৰ্মীক নিৰ্দেশ প্ৰদান কৰিছ ৷ উল্লেখযোগ্য যে, বিজেপি বিৰোধী ৰাজনৈতি দলসমূহে ঐক্যৱদ্ধ এজন সন্মিলিত প্ৰাৰ্থী প্ৰদান কৰাৰ পোষকতা কৰি অহা দেখা গৈছে ৷ অৱশ্যে সময়ত হে লক্ষণীয় হ’ব বিৰোধী ঐক্যৱদ্ধ হ’ব পাৰে নে নাই ৷

মৰিয়নিত উপস্থিত অসম জাতীয় পৰিষদ 5 জনীয়া উপ-সমিতি

author img

By

Published : Aug 10, 2021, 10:48 PM IST

গুৱাহাটী, ১০ আগষ্ট : উপ-নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে । শাসক-বিৰোধী উভয়ে নিজা নিজা ৰণকৌশল অৱলম্বন কৰিছে । বিধানসভা নিৰ্বাচনৰ পূৰ্বে গঠন হোৱা অসম জাতীয় পৰিষদ চমুকৈ এজেপিও (AJP )থমকি ৰোৱা নাই । বিধানসভা নিৰ্বাচনত এখনো আসন লাভ কৰিবলৈ সক্ষম নোহোৱা এজেপিয়ে উপ-নিৰ্বাচনক (By Election) লক্ষ্য কৰি কুচ-কাৱাজ আৰম্ভ কৰিছে ।

মৰিয়নী সমষ্টিৰ উপ-নিৰ্বাচনত (Mariyani By Election) এজেপি দলৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বান সম্পৰ্কে অধ্যয়নৰ বাবে দলীয় নেতৃত্বই গঠন কৰি দিয়া ৫ জনীয়া উপ-সমিতিয়ে মঙলবাৰে সমষ্টিতো ভ্ৰমণ কৰে । উপ-সমিতিখনত আছে ইজৰাইল নন্দ, বাণী দাস, ৰাজু ফুকন, জিয়াউৰ ৰহমান আৰু প্ৰদীপ সেন শৰ্মা ।

আনহাতে, উপ-সমিতিখনৰ সৈতে অহা দলটোৰ লগত আছে অমৃত খাটনিয়াৰ, ৰাজেন গগৈ, প্ৰাণদীপ ভৰালী আৰু মুনটি গগৈ প্ৰমুখ্যে আন কেইবাজনো নেতা । উপ-সমিতিখনে মৰিয়নীৰ জাতীয় পৰিষদৰ নেতা-কৰ্মীসকলৰ লগতে সমষ্টিটোৰ কেইবাগৰাকী জাতীয়তাবাদী নেতাক সাক্ষাৎ কৰে ।

এই সাক্ষাতকালত সকলোৱে বিৰোধীয়ে এজন সন্মিলিত প্ৰাৰ্থী দিয়াৰ পোষকতা কৰে আৰু এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈক (Lurinjyoti Gogoi) প্ৰাৰ্থীত্ব দিলে বিজেপিক পৰাস্ত কৰাটো সহজ হ'ব বুলি মতপোষণ কৰে । উল্লেখযোগ্য যে, এজেপিয়ে এতিয়ালৈকে প্ৰাৰ্থী দিয়া-নিদিয়া সন্দৰ্ভত কোনো সিদ্ধান্ত ৰাজহুৱা কৰা নাই । দলটোৰ সূত্ৰই জনোৱা মতে বিৰোধীপক্ষ সহমতত উপনীত হ’লে বিষয়টো দলীয় মঞ্চত আলোচনা কৰি সিদ্ধান্ত ল'ব ।

লগতে পঢ়কঃ বিজেপি চৰকাৰে অসমক কেৱল প্ৰতাৰণা কৰাৰ অভিযোগ কংগ্ৰেছৰ

লক্ষণীয় বিষয় যে, বিধানসভা নিৰ্বাচনত এজেপি আৰু ৰাইজৰ দলৰ মাজত মিত্ৰতা হৈছিল যদিও সমষ্টি বুজাবুজিক লৈ অসন্তুষ্টি আছিল । বৰ্তমান উপ-নিৰ্বাচনক লৈ ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত মিত্ৰতা হোৱাৰ বাবে আলোচনা প্ৰক্ৰিয়া আৰম্ভ হৈছে । কিন্তু ইয়াৰ বিপৰীতে এজেপিয়ে কিছু দূৰৈত অৱস্থান কৰা পৰিলক্ষিত হৈছে ।

ইফালে মৰিয়নী সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰয়াত অলক ঘোষৰ বাসভৱনত উপস্থিত হৈ আজি অসম জাতীয় পৰিষদৰ এটা প্ৰতিনিধি দলে শোকসন্তপ্ত পৰিয়ালবৰ্গক সাক্ষাৎ কৰে আৰু সমবেদনা জ্ঞাপন কৰে । দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা স্বাক্ষৰিত শোকবাৰ্তা প্ৰয়াত ঘোষৰ পৰিয়ালৰ হাতত অৰ্পণ কৰে দলটোৱে দলৰ উপ-সভাপতি ইজৰাইল নন্দ, সম্পাদকত্ৰয় বাণী দাস, ৰাজু ফুকন আৰু অমৃত খাটনীয়াৰ, প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমান, জাতীয় যুৱ শক্তিৰ ৰাজ্যিক আহ্বায়কদ্বয় প্ৰাণদীপ ভৰালী আৰু মুনটি গগৈয়ে ।

উল্লেখযোগ্য যে, অসম জাতীয় পৰিষদ দল গঠনৰ পিছতে প্ৰয়াত ঘোষে অসম জাতীয় পৰিষদত যোগদান কৰিছিল ।

লগতে পঢ়কঃ দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰিল ভুৱা উগ্ৰপন্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.