ETV Bharat / city

শিল্পী দিৱসত ৰূপকোঁৱৰলৈ জাতীয় পৰিষদৰ শ্ৰদ্ধাঞ্জলি - AJP observes Silpi divas

ৰাজ্যজুৰি সোমবাৰে পালন কৰা হৈছে শিল্পী দিৱস (Silpi Divas observed in memory of Jyoti Prasad Agarwala) ৷ শিল্পী দিৱসৰ দিনটোত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে অসম জাতীয় পৰিষদ দলেও ৷

AJP observes Silpi divas paying tribute to Jyoti Prasad Agarwala
শিল্পী দিৱসত ৰূপকোঁৱৰলৈ জাতীয় পৰিষদৰ শ্ৰদ্ধাঞ্জলি
author img

By

Published : Jan 17, 2022, 9:09 PM IST

গুৱাহাটী, ১৭ জানুৱাৰী : অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয়ত সোমবাৰে শিল্পী দিৱসৰ দিনটোত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ( AJP observes Silpi divas) । এক অতি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা (AJP general secretary Jagadish Bhuyan) ই ৰূপকোঁৱৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

সম্পাদক প্ৰিন্স ফাইজুল হকে আঁত ধৰা কাৰ্যসূচী মুকলি কৰে সাধাৰণ সম্পাদক জগদীশ ভূঞাই ৷ ভাষণ প্ৰসংগত অসমৰ জাতীয় জীৱনলৈ শিল্পীগৰাকীয়ে আগবঢ়োৱা অৱদানৰ কথা শ্ৰদ্ধাৰে সুঁৱৰিলে দলটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে । ৰূপকোঁৱৰে দেখুৱাই যোৱা জোনাকী বাটেৰে জাতীয় পৰিষদ সদায় আগবাঢ়ি যাব বুলি ভূঞাই দৃঢ়তাৰে ঘোষণা কৰে ।

কাৰ্যসূচীত দলৰ সম্পাদক ৰাজীৱ ভট্টাচাৰ্য, অমৃত খাটনিয়াৰ, যুটীয়া সম্পাদক গিৰীণ তালুকদাৰ, অমিতাভ বৰঠাকুৰ, প্ৰচাৰ সম্পাদক দেৱজিৎ অধিকাৰী, কামৰূপ মহানগৰ জিলাৰ সম্পাদক প্ৰণৱ ডেকা প্ৰমুখ্যে দলৰ কেইবাগৰাকী বিষয়-ববীয়াই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক : ৰূপকোঁৱৰৰ স্মৃতিত ৰাজ্যবাসীয়ে পালন কৰিলে শিল্পী দিৱস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.