ETV Bharat / city

Guwahati Air Quality : প্ৰহসণত পৰিণত মহানগৰীত যানবাহনৰ প্ৰদূষণ পৰীক্ষা ব্যৱস্থা

author img

By

Published : Feb 17, 2022, 5:06 PM IST

ক্ৰমাৎ যতি পৰিছে কেন্দ্ৰবোৰত যানবাহনৰ প্ৰদূষণ পৰীক্ষা ৷ যাৰফলত গুৱাহাটীত প্ৰদূষণ বৃদ্ধি পায় আহিছে (Air pollution from vehicles in Guwahati) । কিছুদিন পূৰ্বে প্ৰকাশ পোৱা Centre for Science and Environment (CSE)ৰ তথ্য অনুসৰি গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে ।

air-pollution-from-vehicles-in-guwahati
প্ৰহসণত পৰিণত মহানগৰীত যানবাহনৰ প্ৰদূষণ পৰীক্ষা ব্যৱস্থা

গুৱাহাটী, 17 ফেব্ৰুৱাৰী : 2019 চনৰ অক্টোবৰ আৰু নৱেম্বৰৰ সময় । গুৱাহাটীত যানবাহনৰ প্ৰদূষণ পৰীক্ষা কৰা কেন্দ্ৰবোৰত পুৱাৰ পৰা ৰাতি লৈ যানবাহন বিশেষকৈ বাইকৰ লানি নিছিগা শাৰী । যাৰফলত যানবাহনৰ প্ৰদূষণ পৰীক্ষা কৰা কেন্দ্ৰ (Vehicle Pollution Testing Centre) বোৰত বাইক থোৱা ঠাই নোহোৱা হৈ পৰে । উল্লেখ্য যে চৰকাৰ আৰু যান বাহন আৰক্ষীয়ে যানবাহনৰ প্ৰদূষণ পৰীক্ষা কৰা প্ৰমাণপত্ৰ নথকা বাহনৰ গৰাকীক ১০০০০ টকা জৰিমণা আদায় কৰাৰ কথা ঘোষণা কৰাৰ পিছতে যান বাহন আৰক্ষীয়ে মহানগৰীত যানবাহনৰ প্ৰদূষণ পৰীক্ষা কৰা প্ৰমাণপত্ৰ নথকা বাহনৰ গৰাকীৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱা আৰম্ভ কৰিছিল ।

পিছে সময় যোৱাৰ লগে লগে লাহে লাহে এই ব্যাপক অভিযান যতি পৰে । কেন্দ্ৰবোৰত যানবাহনৰ প্ৰদূষণ পৰীক্ষা কৰা কমি আহে। এইক্ষেত্ৰত যানবাহন আৰক্ষী অৱহেলা কৰা অভিযোগ পোৱা গৈছে । এনে বহুবৰ কাৰণৰ বাবে গুৱাহাটীত প্ৰদূষণ বৃদ্ধি পায় আহিছে (Air pollution from vehicles in Guwahati) । ইপিনে মহানগৰ যান-বাহন আৰক্ষীৰ আৰক্ষী বিষ‌য়া ৰাজ কুমাৰ শইকীয়াই কয় যে, যান বাহন আৰক্ষীয়ে মহানগৰীত যানবাহনৰ প্ৰদূষণ পৰীক্ষা কৰা প্ৰমাণপত্ৰ নথকা বাহনৰ গৰাকীৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱা আৰম্ভ কৰাৰ পিছৰে পৰা মানুহ সজাগ হৈছে । মহানগৰীত এতিয়া সকলোৱে যানবাহন প্ৰদূষণ পৰীক্ষা কৰে ৷

লগতে, আদাবাৰীত থকা জ্যোতি এমিচন ষ্টেটিং কেন্দ্ৰৰ অভিজিত দেৱে সদৰি কৰা মতে, 2019 চনৰ অক্টোবৰ আৰু নৱেম্বৰত যিধৰণে যানবাহনৰ প্ৰদূষণ পৰীক্ষা কৰা প্ৰমাণপত্ৰ লোৱাৰ বাবে মানুহৰ কৰিছিল । তাৰ পৰৱৰ্তী সেই ভিৰ আৰু দেখিবলৈ নাই । ক’ভিডৰ সময়ত এই ভিৰ নাছিলে । এতিয়া দৈনিক 20-30 খন বাইক আৰু চাৰিচকীয়া বাহন আদাবাৰীস্থিত অভিজিতদেৱৰ জ্যোতি এমিচন ষ্টেটিং কেন্দ্ৰ যানবাহনৰ প্ৰদূষণ পৰীক্ষা কৰা প্ৰমাণপত্ৰ লোৱাৰ বাবে আহে ।

ইয়াৰোপৰি অভিজিত দেৱে সাংবাদিকৰ আগত জনোৱা মতে, BS V আৰু BS VI বাইক আৰু চাৰিচকীয়া বাহন প্ৰদূষণ পৰীক্ষা কৰাৰ বাবদ ক্ৰমে 85 টকা আৰু 110 টকা লোৱা হয় । BS V বাইক আৰু চাৰিচকীয়া প্ৰদূষণ পৰীক্ষা কৰাৰ প্ৰমাণপত্ৰৰ ম্যাদ 6 মাহ আৰু BS V বাইক আৰু চাৰিচকীয়া বাহন প্ৰদূষণ পৰীক্ষা কৰাৰ প্ৰমাণপত্ৰৰ ম্যাদ এবছৰ বুলি কয় অভিজিত দেৱে । তদুপৰি, বাইক আৰু চাৰিচকীয়া বাহন প্ৰদূষণ পৰীক্ষা সময়ত নকৰিলে পৰিবহন বিভাগত 500 টকা জৰিমণা আদায় দিব লাগে বুলি কয় অভিজিত দেৱে ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰকাশ পোৱা Centre for Science and Environment (CSE)ৰ তথ্য অনুসৰি গুৱাহাটী উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে (Guwahati has the most polluted Air in NE ) । গুৱাহাটীত বছৰি গড় PM2.5 পৰিমাণ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে । 2019 চনৰ তুলনাত 2021 চনত গুৱাহাটীত বছৰি গড় PM2.5 পৰিমাণ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে । শীতকালৰ সময়ছোৱাত গুৱাহাটীত PM2.5 পৰিমাণ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে ।

2021 চনৰ 17 জানুৱাৰীত সাপ্তাহিক গুৱাহাটীত PM2.5 পৰিমাণ 189 µg/m3 আছিল (Air quality in Guwahati) । বায়ু প্ৰদূষণৰ ক্ষেত্ৰত যি অতি উব্দেগজনক হাৰ বুলি পৰিগণিত হৈছে । জানিব পৰা মতে, গুৱাহাটী, শ্বীলং,কোহিমাত বায়ু মণ্ডলত NO2 পৰিমাণ জোখাৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা নাই । তাৰ মাজতে কিন্তু Centre for Science and Environment (CSE) গুৱাহাটী, শ্বীলং,কোহিমাৰ বায়ু মণ্ডলত NO2 পৰিমাণ জুখি উব্দেগজনক তথ্য লাভ কৰিছে ।

গুৱাহাটীত দৈনিক দিনৰ 1 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত NO2 পৰিমাণ যথেষ্ট বৃদ্ধি পায় । কাৰণ এই সময়ছোৱাত গুৱাহাটীত গাড়ীৰ চলাচল বেছি হয় । আকৌ সন্ধিয়া 7 জাৰি পৰা 8 বজাৰ ভিতৰত NO2 পৰিমাণ যথেষ্ট বৃদ্ধি পায় । নিশা গুৱাহাটীত NO2 পৰিমাণ উদ্বেগজনক হাৰত বৃদ্ধি পায় । এই সময়ছোৱাত ট্টাকৰ চলাচল বেছি হয় ।

Centre for Science and Environment (CSE)ৰ তথ্য অনুসৰি গুৱাহাটীত বায়ুৰ মান সূচক( air quality index) অতি নিম্ন( very poor)। Centre for Science and Environment (CSE) ৰ অধ্যয়নত প্ৰকাশ পাইছে যে গুৱাহাটীত বায়ু প্ৰদূষণৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগে লগে শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ পৰিমাণ বৃদ্ধি পাইছে (Pollution level in Guwahati) ।

লগতে পঢ়ক : এক লাখ নতুন নিযুক্তি বনাম অৰ্ধ লক্ষাধিক অস্থায়ী কৰ্মচাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.