ETV Bharat / city

কা আন্দোলনৰ বৰ্তমান সন্দৰ্ভত কি কয় ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই ?

author img

By

Published : Dec 11, 2021, 7:34 PM IST

কা বাতিল নোহোৱা পৰ্যন্ত অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত আন্দোলন চলি থকাৰ হুংকাৰ আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷ কা আন্দোলনত ৫ গৰাকী লোকক গুলিয়াই হত্যা কৰা ঘটনাৰ তদন্তৰ দাবী কৰে ভট্টাচাৰ্যই (Samujjal Bhattacharjya demands inquiry on death of CAA martyrs) ৷ জানো আহক কা আন্দোলনৰ বৰ্তমান সন্দৰ্ভত কি কয় ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই ?

aasu-chief-samujjal-bhattacharjya-on-present-status-of-anti-caa-movement
কা আন্দোলনৰ বৰ্তমান সন্দৰ্ভত কি কয় ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই ?

গুৱাহাটী, ১১ ডিচেম্বৰ : কা’ বাতিল নোহোৱা পৰ্যন্ত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত আন্দোলন চলি থকাৰ হুংকাৰ আছুৰ ( AASU says anti CAA movement will continue in NE) । আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই (AASU chief Samujjal Bhattacharjya) ক’লে, নতুন নতুন কৌশলেৰে কা’ আন্দোলন আগবাঢ়ি যাব । গণতান্ত্ৰিক আন্দোলনৰ লগতে আইনগত যুঁজ হ’ব । ইয়াৰ লগতে তেওঁ কা আন্দোলনত ৫ গৰাকী লোকক গুলিয়াই হত্যা কৰাৰ ঘটনাৰ তদন্তৰ দাবী কৰে (Samujjal Bhattacharjya demands inquiry on death of CAA martyrs) ৷

কা আন্দোলনৰ শ্বহীদৰ পৰিয়াল সমূহ আৰু গুলিবিদ্ধ সকলক সংস্থাপনৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰক ল’বলৈ দাবী জনায় তেওঁ । উজান বজাৰস্থিত আছুৰ শ্বহীদ ন্যাসত ক’লা পতাকা আৰু ক’লা বেনাৰ উৰুৱাই শনিবাৰে ক’লা দিৱস পালন কৰি কাৰ বিৰোধীতা কৰি এইদৰে মন্তব্য কৰে ভট্টাচাৰ্যই । তেওঁ কয় যে, বাংলাদেশীৰ ৰক্ষক খিলঞ্জীয়া বিৰোধী, উত্তৰ পূৰ্বাঞ্চল বিৰোধী, সাম্প্ৰদায়িক নাগৰিকত্ব সংশোধনী বিধেয়কখন ২০১৯ চনৰ আজিৰ দিনটোতে ৰাজ্যসভাত অনুমোদন কৰা হৈছিল । বি জে পি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে আজিৰ দিনটোতে বলপূৰ্বকভাৱে নাগৰিকত্ব সংশোধনী আইন ২০১৯ জাপি দিছিল ৷

আজিৰ এই দিনটো উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনেও(নেছ’) ক’লা দিৱস হিচাপে পালন কৰিছে বুলি জানিবলৈ দিয়ে ভট্টাচাৰ্যই (NESO observed black day) ।

তেওঁ পুনৰ কয়, '' কেন্দ্ৰ চৰকাৰে একমাত্ৰ ভোট বেংক সুৰক্ষিত কৰিবলৈ হে উত্তৰ-পূৰ্বাঞ্চল আৰু অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থক জলাঞ্জলি দিছে । এই কথা মানি নলও, নিৰবচ্ছিন্ন ভাৱে আন্দোলন চলি থাকিব । উত্তৰ পূৰ্বাঞ্চলৰ মানুহে কা মনা নাই আৰু কেতিয়াও নামানে । উত্তৰ পূৰ্বাঞ্চল অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়, কা বাতিল হ’বই লাগিব । উচ্চতম ন্যায়লয়ত আছু আৰু নেছ'ৰ তৰফৰ পৰা সুকীয়া সুকীয়াকৈ আবেদন দাখিল কৰা হৈছে । আছু আৰু নেছৰ আবেদন গ্ৰহণ কৰি উচ্চতম ন্যায়লয়েও অসম , ত্ৰিপুৰা , উত্তৰ পূৰ্বাঞ্চলৰ অবৈধ বিদেশী নাগৰিকৰ সমস্যাটো যে সুকীয়া সেই কথাৰ মান্যতা দিছে বুলি তেওঁ মন্তব্য কৰে (SC has given special importance on NE for CAA) ।

লগতে পঢ়ক : Swahid Divas celebrate in Assam : অসম চুক্তি ৰূপায়ণৰ আহ্বান শ্বহীদ পৰিয়ালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.