ETV Bharat / city

Video journalist died : নিশা ছয় মহলীয়া বিল্ডিংৰ পৰা পৰি মৃত্যু ভিডিঅ’ সাংবাদিকৰ

author img

By

Published : Oct 11, 2022, 5:02 PM IST

Updated : Oct 11, 2022, 8:33 PM IST

সোমবাৰে নিশা ছয় মহলীয়া বিল্ডিঙৰ পৰা পৰি এজন ভিডিঅ’ সাংবাদিকৰ মৃত্যু (Video journalist died in Guwahati) ৷ নিহত সাংবাদিকজনৰ নাম দেৱজিত শৰ্মা ৷

a-video-journalist-died-after-falling-from-a-six-storey-building-in-guwahati
নিশা ছয় মহলীয়া বিল্ডিংৰ পৰা পৰি মৃত্যু ভিডিঅ’ সাংবাদিকৰ

গুৱাহাটী, 11 অক্টোবৰ: মহানগৰীৰ লাচিত নগৰত অঘটন৷ নিশা ছয় মহলীয়া বিল্ডিঙৰ পৰি এজন ভিডিঅ’ সাংবাদিকৰ মৃত্যু হয় (video journalist died) ৷ ইয়াকে লৈ অঞ্চলটোত সম্প্ৰতি সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ ৷ নিহত সাংবাদিকজনৰ নাম দেৱজিৎ শৰ্মা বুলি জানিব পৰা গৈছে ৷

মঙলবাৰে পুৱা লাচিত নগৰৰ ৮ নং উপপথৰ চিলভাৰ গৃহস্থীৰ তলত ৰহস্যজনকভাৱে উদ্ধাৰ হয় ভিডিঅ’ সাংবাদিক দেৱজিৎ শৰ্মাৰ মৃতদেহ (Video journalist died) ৷ নিহত দেৱজিৎ শৰ্মাৰ ঘৰ ৰঙিয়াত বুলি জানিব পৰা গৈছে ৷ পৰিয়ালৰ সূত্ৰই জনোৱা অনুসৰি, গুৱাহাটীৰ এটা ৱেব পৰ্টেলত কৰ্মৰত ভিডিঅ’ সাংবাদিক দেৱজিৎ শৰ্মা বিগত ৮ মাহ ধৰি চিলভাৰ গৃহস্থীৰ এটা পৰিয়ালৰ লগত বাস কৰিছিল ৷ সোমবাৰে নিশা ১২ বজাত পৰিয়ালটোৱে ভাত খাবলৈ মাতিছিলে দেৱজিতক ।

পিছে দেৱজিতে ভাত খাবলৈ নগৈ বাসগৃহটোৰ তলত কেৰম খেলি থাকে । অৱশেষত দেৱজিত শৰ্মা ভাত খাবলৈ নোযোৱাত পৰিয়ালটো ৰৈ ৰৈ শুই যায় ৷ তাৰ পিছতেই সংঘটিত হয় এই কৰুণ ঘটনাটো ৷ মঙলবাৰে পুৱা প্ৰায় ৫ বজাত দেৱজিতক চিলভাৰ গৃহস্থী এপাৰ্টমেন্টৰ নিৰাপত্তাৰক্ষীয়ে এপাৰ্টমেন্টোৰ তলত পৰি থকা প্ৰত্যক্ষ কৰি পৰিয়ালটোক খবৰ দিয়ে ।

লগে লগে দেৱজিতক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ (Gauhati Medical College and Hospital) লৈ যোৱা হয় যদিও চিকিৎসকে দেৱজিতক মৃত বুলি ঘোষণা কৰে ৷ ইয়াৰ পিছতেই গুৱাহাটী মেডিকেল কলেজ হাস্পতালতে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় দেৱজিতৰ মৃতদেহটো ৷

ইয়াৰ পিছতে পৰিয়ালৰ লোকে দেৱজিতৰ মৃতদেহটো চমজাই লয় ৷ ইফালে ৰহস্যজনকভাৱে ভিডিঅ’ সাংবাদিক দেৱজিৎ শৰ্মাৰ মৃতদেহটো উদ্ধাৰ হোৱাত পৰিয়ালৰ লোকে অবৈধ সম্পৰ্কৰ বাবে পৰিকল্পিতভাৱে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে । ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে পল্টনবজাৰ থানাত এখন এজাহাৰ দাখিল কৰিছে ।

ইতিমধ্যে এই ঘটনাক লৈ সৃষ্টি হৈছে ৰহস্যৰ ৷ দেৱজিতৰ মৃত্যু কেনেকৈ হ’ল ? এয়া হত্যা নে আত্মহত্যা সেয়া এতিয়াই সঠিককৈ ক’ব পৰা হোৱা নাই ৷ ইফালে আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: Fake officer detained at Rangia : ৰঙিয়াত ৰঙাঘৰৰ আলহী হ’ল তিনি ভুৱা বিষয়া

Last Updated : Oct 11, 2022, 8:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.