ETV Bharat / city

পানীখাইতীত অঘটনঃ জানত পৰি সলিল সমাধি শিশুৰ

পানীখাইতীৰ আমবাৰীত অঘটন ৷ জান সাঁতুৰি পাৰ হ'বলৈ লওঁতেই পানীত পৰি সলিল সমাধি এটি শিশুৰ ৷ মৃত শিশুটিৰ গৰাকী আমবাৰীৰ প্ৰণৱ সৰকাৰ ৷

author img

By

Published : May 6, 2019, 12:49 PM IST

Updated : May 6, 2019, 1:00 PM IST

শিশুৰ সলিল সমাধি

গুৱাহাটী, 6 মে': ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত পানীখাইতীত আমবাৰীত সোমবাৰে পুৱাই সংঘটিত হয় এক অঘটন ৷ জান এটা সাঁতুৰি পাৰ হ'বলৈ লওঁতেই জানটোত পৰি মৃত্যু ঘটে এটি শিশুৰ ৷ মৃত শিশুটি আমবাৰী গাঁৱৰ বীৰেন সৰকাৰৰ 8 বছৰীয়া পুত্ৰ প্ৰণৱ সৰকাৰ বুলি জানিব পৰা গৈছে ৷ দেওবাৰে নিশা আমবাৰীত এটি পৰিয়ালৰ পূজা উপলক্ষে সোমবাৰে পুৱা প্ৰায় 7 বজাত সমনীয়া এজনৰ সৈতে মাহ প্ৰসাদ খোৱাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই যায় শিশুটি ৷ মাজত এটি জানত থকাত বাঁহৰ দলংখন ভাগি থকাৰ বাবে দুয়োজনে সাঁতুৰি পাৰ হ'বলৈ লওঁতেই প্ৰণৱ সৰকাৰ নামৰ শিশুটি পানীত ডুব যায় ৷ ইপিনে প্ৰণৱ পানীত ডুৱ যোৱাত বন্ধুজনে ওচৰৰ মানুহক চিঞৰি মতাৰ লগে লগে ওচৰৰ লোকসকলৰ দৌৰি আহি শিশুটিক মৃত অৱস্থাত উদ্ধাৰ কৰে ৷

শিশুৰ সলিল সমাধি

পিচত স্থানীয় লোকে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি ছয়গাঁও আৰক্ষীক খবৰ দিয়াত ছয়গাঁও আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে ৷

Intro:ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত পানীখাইতী আমবাৰীত সোমবাৰে পুৱা ঘটে এক অঘটন ৷ জান এটা সাতুৰী পাৰ হবলৈ লওঁতে মৃত্যু হয় এগৰাকী ৭ বছৰীয়া কিশোৰৰ ৷Body:কামৰূপৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত পানীখাইতী আমবাৰীত সোমবাৰে পুৱা ঘটে এক অঘটন ৷ দুগৰাকী কিশোৰে এটি জান সাতুৰি পাৰ হবলৈ লওঁতে থিতাতে মৃত্যুক সাৱতি লয় এগৰাকী কিশোৰ ৷ মৃত কিশোৰ গৰাকী হল আমবাৰী গাঁৱৰ বীৰেন সৰকাৰৰ ৮ বছৰীয়া পুত্ৰ প্ৰণৱ সৰকাৰ ৷ জানিবপৰামতে দেওবাৰে নিশা আমবাৰীত এটি পৰিয়ালৰ পূজা হৈ যোৱা উপলক্ষে সোমবাৰে পুৱা ৭ মান বজাত দুয়োজন কিশোৰে মাহ প্ৰসাদ খোৱাৰ উদ্দেশ্যে ঘৰৰ পৰা ওলাই যায় ৷ মাজত এটি জানত থকা বাঁহৰ দলংখন ভাগি থকাত দুয়োজনে সাতুৰি পাৰ হবলৈ লওঁতেই প্ৰণৱ সৰকাৰ নামৰ কিশোৰজন পানীত ডুব যায় ৷ আনগৰাকী সমনীয়া জানটো পাৰ হৈ লগৰজন অৰ্থাৎ প্ৰণৱ পানীত ডুৱ যোৱাত ওচৰৰ মানুহক চিঞৰিি মাতে ৷ লগে লগে ওচৰৰ লোক দৌৰিি আহি কিশোৰজনক মৃত অৱস্থাত উদ্ধাৰ কৰে ৷Conclusion:স্থানীয় লোকে কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিচত ছয়গাঁও আৰক্ষীক খবৰ দিয়ে ৷পিচত ছয়গাঁও আৰক্ষীৰ দল এটি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো লৈ আহে ৷ আৰক্ষীয়ে মৃতদেহটো ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰাৰ পিচত মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷
Last Updated : May 6, 2019, 1:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.