ETV Bharat / city

জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত চতুৰ্থ বাৰ্ষিক ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক দিৱস উদযাপন - চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত চতুৰ্থ বাৰ্ষিক ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক দিৱস উদযাপন

25 অক্টোবৰত সমগ্ৰ দেশজুৰি পালন কৰা হয় ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক দিৱস ৷

জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত চতুৰ্থবাৰ্ষিক ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক দিৱস উদযাপন
author img

By

Published : Oct 26, 2019, 3:54 AM IST

Updated : Oct 26, 2019, 11:24 AM IST

গুৱাহাটী, 25 অক্টোবৰ: সমগ্ৰ দেশৰ লগতে শুকুৰবাৰে অসমতো পালন কৰা হল চতুৰ্থবাৰ্ষিক ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক দিৱস ৷ এই উপলক্ষে বিভিন্ন কাৰ্যসূচীৰে মহানগৰীৰ জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত পালন কৰা হয় ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক দিৱস ৷ মহাবিদ্যালয়খনত আয়োজিত এই আয়ুৰ্বেদিক দিৱস কাৰ্যসূচীত আয়ুৰ্বেদিক ঔষধ সেৱন কৰি কিদৰে মানুহৰ আয়ুস বৃদ্ধি কৰিব পাৰি, বিভিন্ন ৰোগৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি, কি কি খাদ্য সেৱন কৰাৰ ফলত শৰীৰৰ অংগৰ ক্ষতিসাধন হ'ব পাৰে আদি বিষয়ৰ ওপৰত আলোচনা কৰা হয়।

অনুষ্ঠানত আয়ুৰ্বেদৰ লগত জড়িত বিভিন্ন বিষয়ৰ ওপৰত মূল বক্তৃতা প্ৰদান কৰে কলিকতাৰ ইনষ্টিটিউট অফ পি জি আয়ুৰ্বেদা এডুকেশ্যন এণ্ড ৰিচাৰ্ছৰ প্ৰফেচৰ ডঃ পি চি ত্ৰিপাঠীয়ে ৷ ইফালে এই অনুষ্ঠানত উপস্থিত থাকে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ভাবেশ দাস, প্ৰবক্তা ডঃ বিষ্ণু প্ৰসাদ শৰ্মাৰ লগতে মহাবিদ্যালয়খনৰ আন আন প্ৰৱক্তা আৰু ছাত্ৰ ছাত্ৰীসকল ৷ উল্লেখযোগ্য যে, শনিবাৰে আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ প্ৰাংগনত পৱিত্ৰ ধনতেৰাছ কাৰ্যসূচীও পালন কৰা হয় ৷ ধনতেৰাছ দেৱতাৰ পূজা অৰ্চনা কৰি ভাৰতবৰ্ষৰ সকলো লোক যাতে নিৰোগী হৈ থাকে তাৰ বাবে প্রার্থনা কৰে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক সমাজে ৷

25 অক্টোবৰত সমগ্ৰ দেশজুৰি পালন কৰা হয় ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক দিৱস

Intro:আজি চতুৰ্থবাৰ্ষিক ৰাষ্ট্ৰীয় আয়ুৰ্বেদিক দিৱস। সমগ্ৰ ভাৰতৰ লগতে জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়তো উদযাপন কৰা হয় আয়ুৰ্বেদিক দিৱস। এই আয়ুৰ্বেদিক দিৱসত আয়ুৰ্বেদিক ঔষধ সেৱন কৰি কিদৰে মানুহৰ আয়ুস বৃদ্ধি কৰিব পাৰি, বিভিন্ন ৰোগৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি, কি কি খাদ্য সেৱন কৰাৰ ফলত শৰীৰৰ অংগৰ ক্ষতিসাধন হ'ব পাৰে আদি বিষয়ৰ ওপৰত আলোচনা কৰা হয়। কলিকতাৰ ইনষ্টিটিউট অফ পি জি আয়ুৰ্বেদা এডকাশ্যন এণ্ড ৰিচাৰ্ছৰ প্ৰফেচৰ ডঃ পি চি ত্ৰিপাঠীয়ে বিভিন্ন বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰে। উক্ত অনুষ্ঠানটোত উপস্থিত থাকে চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ভাবেশ দাস, প্ৰবক্তা ডঃ বিষ্ণু প্ৰসাদ শৰ্মাৰ লগতে মহাবিদ্যালয়খনৰ প্ৰৱক্তা আৰু ছাত্ৰ ছাত্ৰীসকল। ইফালে শনিবাৰে মহাবিদ্যালয়ৰ প্ৰাংগনত পালন কৰিব পৱিত্ৰ ধনতেৰাছ। ধনতেৰাছ দেৱতাৰ পূজা অৰ্চনা কৰি ভাৰতবৰ্ষৰ সকলো লোক যাতে নিৰোগী হৈ থাকে তাৰ বাবে প্রার্থনা কৰিব ছাত্ৰ ছাত্ৰী তথা শিক্ষকসমাজে।Body:Guwahati Conclusion:Hirul Haque
Last Updated : Oct 26, 2019, 11:24 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.