ETV Bharat / city

বুধবাৰৰ পৰা আৰম্ভ 33তম গুৱাহাটী গ্ৰন্থমেলা - অসম প্ৰকাশন পৰিষদ

বুধবাৰৰ পৰা আৰম্ভ হয় 33তম গুৱাহাটী গ্ৰন্থমেলা ৷ অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰীস্থিত অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হৈছে গ্ৰন্থমেলা ৷

বুধবাৰৰ পৰা আৰম্ভ 33তম গুৱাহাটী গ্ৰন্থমেলা

author img

By

Published : Dec 30, 2020, 10:33 PM IST

গুৱাহাটী, 30 ডিচেম্বৰ : আজিৰে পৰা আৰম্ভ হ'ল 33তম গুৱাহাটী গ্ৰন্থমেলা ৷ অসম প্ৰকাশন পৰিষদৰ উদ্যোগত চানমাৰী অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলা 12 দিনীয়াকৈ অনুষ্ঠিত হ'ব ৷ বুধবাৰে এই গ্ৰন্থমেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে ৷

উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে ত্ৰিপুৰাৰ ৰাজ্যপাল তথাগত ৰায় ৷ লগতে অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট লেখক য়েছে দৰজে ঠংচি ৷ গ্ৰন্থমেলাৰ প্ৰথম দিনটোতে বহুসংখ্যক গ্ৰন্থপ্ৰেমীয়ে ভিৰ কৰে গ্ৰন্থমেলাৰ বাকৰিত ৷

বুধবাৰৰ পৰা আৰম্ভ 33তম গুৱাহাটী গ্ৰন্থমেলা

উল্লেখ্য যে, 33তম গুৱাহাটী গ্ৰন্থমেলাত ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ বহু প্ৰকাশন গোষ্ঠীৰ বিপনীও আহিছে ৷ গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানতে ড৹ থানেশ্বৰ শৰ্মা আৰু সাহিত্যিক ড৹ৰমেশ পাঠকক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰে অসম প্ৰকাশন পৰিষদে ৷ গ্ৰন্থমেলাৰ বাকৰিত এইবাৰ বিভিন্ন সাহিত্য, সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ লগতে তেওঁ এইবাৰ 130খন গ্ৰন্থৰ বিপনী আহিছে বুলিও মন্তব্য কৰে ৷ ৰাজ্যৰ বিভিন্ন প্ৰকাশন গোষ্ঠীৰ উপৰিও দিল্লী, কলকাতা আদিৰ পৰাও আহিছে বহু প্ৰকাশন গোষ্ঠী ৷

লগতে পঢ়ক : 2020ত সফল পৰীক্ষণ সম্পন্ন হোৱা ভাৰতৰ ক্ষেপনাস্ত্ৰ প্ৰণালীসমূহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.