ETV Bharat / city

JE at Sonapur: সোণাপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত তিনি - ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসম

ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে জাপানীজ এনকেফেলাইটিছে । ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে প্রকাশ কৰা তথ্য অনুসৰি বিগত এপ্ৰিলৰ পৰা 12 জুলাই পর্যন্ত অসমত 115 গৰাকী লোক জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছে আৰু মৃত্য়ু হৈছে 13 গৰাকীৰ(Death toll rises to 13 in Japanese encephalitis) ৷

3-affected-in-japanese-encephalitis-in-sonapur-block-phc
সোণাপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনত ৩ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত
author img

By

Published : Jul 13, 2022, 10:32 PM IST

গুৱাহাটী, ১৩ জুলাই: ৰাজ্যত অব্যাহত আছে জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহতা । বানে জুৰুলা কৰা পাছত এইবাৰ ভূতৰ ওপৰত দানহ পৰা দি প্ৰাদুৰ্ভাৱ ঘটা জাপানীজ এনকেফেলাইটিছে অসমৰ সাত জিলাত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে । অসমৰ কেইবাখনো জিলাত এই ৰোগ চিনাক্তকৰণ হোৱাৰ পিছত বৰ্তমান বহু ৰোগী চিকিৎসাধীন হৈ আছে বিভিন্ন চিকিৎসালয়ত(Japanese encephalitis cases in Assam) ।

মহকুমা স্বাস্থ্য বিষয়া

এইবাৰ গুৱাহাটীৰ সমীপৱৰ্তী ডিমৰীয়াত প্ৰাদুৰ্ভাৱ ঘটিছে জাপানীজ এনকেফেলাইটিছৰ(Death toll rises to 13 in Japanese encephalitis) । জানিব পৰা মতে, সোণাপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ তিনিজন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে(3 affected in Japanese encephalitis in Sonapur Block PHC) । আক্ৰান্ত লোক তিনিজন হৈছে ক্ষেত্ৰী উলনিৰ যতীন্দ্ৰ নাথ কাকতি(৭৫), সোণাপুৰ যোগদলৰ জয়া দুৱৰা(৭০) আৰু পানীখাইটিৰ সন্তোষ কুমাৰ মাহাতো(১৩) নামৰ এটি কিশোৰ ।

জানিব পৰা মতে, ২ জুলাইৰ পৰা সাধাৰণ জ্বৰত আক্ৰান্ত হৈ আছিল কিশোৰগৰাকী । পিছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰাত কিশোৰজন জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱাটো ধৰা পৰে । ইফালে আক্ৰান্ত তিনিওজনেই বৰ্তমান চিকিৎসাধীন হৈ আছে যদিও এজনৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে মহকুমা স্বাস্থ্য বিষয়াই ।

লগতে পঢ়ক : JE in Assam: ৰাজ্য়ত জাপানীজ এনকেফেলাইটিছৰ প্ৰকোপ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.