ETV Bharat / city

ইউক্ৰেইনৰ পৰা নতুন দিল্লীত উপস্থিত হ'ল অসমৰ আৰু ১৩ গৰাকী শিক্ষাৰ্থী

এতিয়াও অশান্ত জৰ্জৰ যুদ্ধ বিধ্বস্ত ইউক্ৰেইন (Russia Ukraine crisis)৷ ৰাছিয়া ইউক্ৰেইনৰ সংকটৰ মাজতে মঙলবাৰে বিয়লি ইউক্ৰেইনত অধ্যয়নৰত অসমৰ 13 গৰাকী শিক্ষাৰ্থী সুকলমে দিল্লীত উপস্থিত হয় (Assamese students studying in Ukraine to arrive India ) । ইফালে ইউক্ৰেইনত আৱদ্ধ হৈ আছে অসমৰ ১৬০ গৰকী লোক (Assamese people stranded in ukraine) ৷

author img

By

Published : Mar 1, 2022, 10:40 PM IST

13-students-of-assam-arrived-in-new-delhi-from-ukraine
ইউক্ৰেইনৰ পৰা নতুন দিল্লীত উপস্থিত হ'ল অসমৰ আৰু ১৩ গৰাকী শিক্ষাৰ্থী

গুৱাহাটী,1 মাৰ্চ : ইউক্ৰেইত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলক উদ্ধাৰ কৰাৰ বাবে ভাৰত চৰকাৰৰ অভিযান পূৰ্ণ গতিত অব্যাহত আছে । ইয়াৰ মাজতে ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত হৈ পৰা ইউক্ৰেইন (Russia Ukraine War) ত আৱদ্ধ অসমৰ 28 গৰাকী শিক্ষাৰ্থীক এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে । মঙলবাৰে বিয়লি ইউক্ৰেইনত অধ্যয়নৰত অসমৰ 13 গৰাকী শিক্ষাৰ্থী সুকলমে দিল্লীত উপস্থিত হয় (Assamese students studying in Ukraine to arrive India ) । দিল্লীত উপস্থিত হোৱা এই 13 গৰাকী শিক্ষাৰ্থীক অসম ভৱনত ৰখাৰ ব্যৱস্থা কৰা হৈছে আৰু অসম ভৱনৰ ফালৰ পৰা তেওঁলোকক গুৱাহাটীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হ'ব বুলি জানিব পৰা গৈছে ।

দিল্লীত উপস্থিত হোৱা এই 13 গৰাকী শিক্ষাৰ্থীকেইগৰাকী ক্ৰমে, হিৰকজ্যোতি ডেকা, অনমূপল শেখৰ দাস, অনামিকা বৈশ্য, মনজুৰ আলম, সমাদ্ৰিতা হাজৰিকা, মনিষা ৱাহিদ, মনিষা বৈশ্য, অলিভিয়া ৰায়মেধি, ফাৰ্মি নাছৰিন চুলতানা, প্ৰতিক্ষা গগৈ, কিৰণ বৰা, উদাংশ্ৰী বসুমতাৰী আৰু বাস্তৱিকা দাস (13 students of Assam arrived in New Delhi from Ukraine) । উল্লেখ যে, শেহতীয়াকৈ যুদ্ধজৰ্জৰ ইউক্ৰেইনত অসমৰ 160 গৰাকী লোক আৱদ্ধ হৈ থকাৰ তথ্য লাভ কৰিছে অসম চৰকাৰে। পৰিয়ালৰ লোককে ধৰি বিভিন্ন উৎসৰ পৰা অসম চৰকাৰে এই তথ্য লাভ কৰিছে যদিও এই সংখ্যা আৰু অধিক হোৱাৰ সম্ভাৱনা আছে ।

যুদ্ধই বিধ্বস্ত কৰি পেলোৱা ইউক্ৰেইনত অধ্যয়নসূত্ৰে বাস কৰি অহা অসমৰ শিক্ষাৰ্থী সকলক সুকলমে উদ্ধাৰ কৰি আনিবৰ বাবে কেন্দ্ৰীয় বহিঃৰাষ্ট্ৰ মন্ত্ৰনালয়ৰ সৈতে অসম চৰকাৰৰ ফালৰ পৰা বিৰামহীনভাৱে যোগাযোগ ৰক্ষা কৰি চলা হৈছে ৷ উদ্ধাৰ অভিযান অব্যাহত আছে যদিও উদ্বেগজনক কথাটো হ'ল অতি বিপদজ্জনক অৱস্থাত এইপৰ্যন্ত ইউক্ৰেইনত আৱদ্ধ হৈ আছে অসমৰ বহু শিক্ষাৰ্থী (Assamese students trapped in Ukraine) ।

ইফালে ৰাছিয়ান সেনাই ইউক্ৰেইনৰ ৰাজধানী দখলৰ দিশে অগ্ৰসৰ হোৱাৰ সময়ৰে ভাৰত চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰিছে। ভাৰতীয় নাগৰিকসকলক ইউক্ৰেইনৰ ৰাজধানী কীয়েভ ত্যাগ কৰাৰ নিৰ্দেশ দিছে ভাৰত চৰকাৰে (Advisory tells Indian to leave Kyiv immediately) । ইতিমধ্যে বিমান যোগে বহু ভাৰতীয় লোকক ইউক্ৰেইনৰ পৰা ভাৰতলৈ অনা হৈছে যদিও অসমৰেই শতাধিক লোক এতিয়াও আৱদ্ধ হৈ আছে । আনহাতে ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়ক উদ্ধাৰৰ বাবে তীব্ৰতৰ কৰা হৈছে ‘অপাৰেচন গংগা’। ইউক্ৰেইনৰ কাষৰীয় দেশৰ পৰা ভাৰতীয়ক উদ্ধাৰ কৰিবৰ বাবে ভাৰতীয় বায়ু সেনাই অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : ইউক্ৰেইনত নিহত হ’ল ভাৰতীয় ছাত্ৰ নবীন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.