ETV Bharat / city

গুজৰাট মডেল: অভিভাৱক মন্ত্ৰীৰ সৈতে থাকিব ১৩ আই এ এছ বিষয়া

মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈয়েই ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta BIswa Sarma)ই ৰাজ্যৰ প্ৰশাসনিক ব্যৱস্থাটোত এক ব্যাপক পৰিৱৰ্তন অনাৰ চেষ্টা ৷ ইতিমধ্যে মন্ত্ৰীসভাৰ সদস্যসকলৰ মাজত দুখন বা ততোধিক জিলাৰ দায়িত্ব ভগাই দিয়া হৈছে ৷ জিলাৰ দায়িত্ব লাভ কৰা "অভিভাৱক মন্ত্ৰী" সকলক কামত সহায় কৰি দিবলৈ মঙলবাৰে ১৩ গৰাকীকৈ আই এ এছ বিষয়াক নিযুক্তি প্ৰদান কৰা হয় ৷

author img

By

Published : Jun 16, 2021, 7:00 PM IST

13 IS officer appointed with district wise charge ministers
গুজৰাট মডেল : অভিভাৱক মন্ত্ৰীৰ সৈতে থাকিব ১৩ আই এ এছ বিষয়া

গুৱাহাটী, ১৬ জুন : ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈয়েই ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta BIswa Sarma)ই প্ৰশাসনিক ব্যৱস্থাটোত এক ব্যাপক পৰিৱৰ্তন অনাৰ চেষ্টাত নামি পৰিছে । গুজৰাটৰ আৰ্হিত তেওঁ শাসনকাৰ্য চলোৱাৰ কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে । মন্ত্ৰীসভাৰ সদস্যসকলৰ মাজত দুখন বা ততোধিক জিলাৰ দায়িত্ব ভগাই দিয়া হৈছে । এইদৰে জিলাৰ দায়িত্ব লাভ কৰা "অভিভাৱক মন্ত্ৰী" সকলক কামত সহায় কৰি দিবলৈ মঙলবাৰে ১৩ গৰাকীকৈ আই এ এছ বিষয়া (IAS)ক চৰকাৰে নিযুক্তি দিছে ।

এইসকল আই এ এছ বিষয়া (IAS) অভিভাৱক মন্ত্ৰীৰ সচিব ৰূপে থাকিব । সেই অনুসৰি দৰং, কামৰূপ আৰু কামৰূপ মহানগৰৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী (Chandramohan Patowary)ৰ লগত সচিব ৰূপে থাকিব ড৹ কে কে দ্বিবেদী, গোৱালপাৰা, নলবাৰী আৰু দক্ষিণ শালমাৰাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগ (Ajanta Neog)ৰ লগত থাকিব মুকেশ চাহু, বৰপেটা, বঙাইগাঁও আৰু ধুবুৰীৰ দায়িত্বত থকা মন্ত্ৰী ৰনজিৎ দাস (Ranjit Das)ৰ লগত থাকিব ডাঃ জে বি এক্কা ৷

বাক্সা আৰু চিৰাঙৰ দায়িত্বত থকা মন্ত্ৰী উৰ্খা ঔগৌৰা ব্ৰহ্ম (Urkhao Gaura Brahma) ৰ লগত থাকিব মনালিছা গোস্বামী, বজালী, চৰাইদেউ আৰু মাজুলীৰ দায়িত্বত থকা মন্ত্ৰী বিমল বৰা (Bimal Bora)ৰ লগত থাকিব নীৰজ বাৰ্মা । ঠিক তেনেদৰে কাছাৰ, কোকৰাঝাৰ আৰু ওদালগুৰিৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল (Ashok Singhal)ৰ সৈতে থাকিব মনিন্দৰ সিং, তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ দায়িত্বত থকা মন্ত্ৰী অতুল বৰা (Atul Bora)ৰ লগত থাকিব অনন্ত লাল জ্ঞানী, ধেমাজি আৰু লখিমপুৰৰ দায়িত্বত থকা মন্ত্ৰী সঞ্জয় কিষাণ (Sanjay Kisan)ৰ লগত থাকিব বিনোদ ছেচান ।

একেদৰে, ডিমা হাচাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ দায়িত্বত থকা মন্ত্ৰী যোগেন মহন (Jogen Mahan)ৰ লগত থাকিব এ পি দাস যোশী, যোৰহাট আৰু শিৱসাগৰৰ দায়িত্বত থকা মন্ত্ৰী ডাঃ ৰনোজ পেগু (Ranoj Pegu)ৰ লগত থাকিব বি কল্যাণ চক্ৰৱৰ্তী, হাইলাকান্দি, হোজাই আৰু কৰিমগঞ্জৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya)ৰ সৈতে থাকিব ৰাকেশ কুমাৰ, গোলাঘাট আৰু মৰিগাঁৱৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰী কেশৱ মহন্ত (Keshab Mahanta)ৰ লগত থাকিব অনুৰাগ গোয়েল আৰু বিশ্বনাথ, শোণিতপুৰ আৰু নগাৱঁৰ দায়িত্বত থকা মন্ত্ৰী পীযুষ হাজৰিকা (Piyush Hazarika)ৰ লগত থাকিব ৰাজেশ প্ৰসাদ ।

লগতে পঢ়ক : অসম পেট্ৰ’ কেমিকেলছ লিমিটেডৰ স্বৰ্ণ জয়ন্তী উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.