ETV Bharat / city

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীঃ অসমৰ পৰা কৰ্তন অতিৰিক্ত বাহিনী

author img

By

Published : Sep 14, 2019, 8:28 PM IST

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ আগে আগে অসমৰ সুৰক্ষা আৰু নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই ৰাজ্যত নিয়োগ কৰিছিল অৰ্ধসামৰিক বাহিনীৰ অতিৰিক্ত 10,000 জোৱান ৷ শনিবাৰে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অনলাইনযোগে উপলব্ধ হোৱাৰ পিচতে কেন্দ্ৰই এইসমূহ সুৰক্ষাকৰ্মী ৰাজ্যখনৰ পৰা কৰ্তন কৰাৰ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে ৷

অসমৰ পৰা কৰ্তন অতিৰিক্ত বাহিনী

নিউজ ডেস্ক, 14 চেপ্তেম্বৰঃ অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে বিগত 19 আগষ্টত ৰাজ্যত নিয়োজিত কৰিছিল কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ 100টা অতিৰিক্ত কোম্পানী ৷ চি আৰ পিএফ,বিএছএফ,আইটিবিপি আৰু এছএছবিৰ ক্ৰমে 10টা,50টা,16টা আৰু 24টা অতিৰিক্ত কোম্পানীৰ 10 হাজাৰ বিষয়া-জোৱানক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দায়িত্বত নিয়োজিত কৰিছিল ৷

অসমৰ পৰা কৰ্তন অতিৰিক্ত বাহিনী

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ পোৱাৰ পিচতে এইসমূহ অতিৰিক্ত বাহিনীক নিজা নিজা দায়িত্ববাহী স্থানলৈ উভটি আহিবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহ-মন্ত্ৰালয়ে ৷ কেন্দ্ৰীয় গৃহ-মন্ত্ৰালয়ৰ এক শীৰ্ষ সূত্ৰই শনিবাৰে প্ৰকাশ কৰিছে এই কথা ৷ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশ পোৱাৰ পিচত ৰাজ্যখনত কোনো বিক্ষিপ্ত ঘটনা সংঘটিত নোহোৱাৰ বাবেই কেন্দ্ৰই গ্ৰহণ কৰিছে এই সিদ্ধান্ত ৷ কিন্তু এতিয়াও ৰাজ্যত এন আৰ চিক লৈ বিভিন্নজনৰ মাজত সংশয় আৰু সন্দেহ অব্যাহত আছে ৷ এনে পৰিস্থিতিত যদি কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হয় তেতিয়া হ'লে কেন্দ্ৰীয় চৰকাৰে কিদৰে আইন-শৃংখলা নিয়ন্ত্ৰণ কৰিব সেয়া এতিয়াও স্পষ্ট নহয় ৷ পৰৱৰ্তী সময়ত কোনো বিক্ষিপ্ত ঘটনা সংঘটিত হ'লে কেন্দ্ৰীয় চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হ'ব ৷ কিয়নো ইতিমধ্যে ৰাজ্যত পূৰ্বৰে পৰাই থকা চি আৰ পি এফৰ 70-80 টা কোম্পানীৰ প্ৰায় 9,450ৰ পৰা 10,800 জন জোৱানক বিগত আগষ্ট মাহৰ প্ৰথমভাগত কাশ্মীৰৰ ঘাটিলৈ বদলি কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷

Intro:Body:

NRC TROOPS DEPLYOMENT 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.