ETV Bharat / city

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অষ্টাদশ সমাৱৰ্তন সমাৰোহৰ প্ৰস্তুতি - DU_Convocation

সমাৱৰ্তন সমাৰোহত উপস্থিত থাকিব দেশৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু

সংবাদমেলত বিশ্ববিদ্যালয়খনৰ কৰ্তৃপক্ষ
author img

By

Published : Mar 15, 2019, 9:23 PM IST

ডিব্ৰুগড়,15মাৰ্চ: 18 মাৰ্চত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া অষ্টাদশ সমাৱৰ্তন সমাৰোহত উপস্থিত থাকিব দেশৰ উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু । 18 মাৰ্চত বিশ্ববিদ্যালয়খনত অনুষ্ঠিত হ'বলগীয়া সমাৱৰ্তনত উপ ৰাষ্ট্ৰপতিৰ লগতে অসমৰ ৰাজ্যপাল তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আচাৰ্য্য জগদীশ মুখী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যও উপস্থিত থাকিব । ইপিনে এই অষ্টাদশ সমাৱৰ্তন সমাৰোহতে অসমৰ সাহিত্য জগতৰ বৰেণ্য ব্যক্তি, বিশিষ্ট কবি নীলমণি ফুকনক সাহিত্য, শিক্ষা আৰু সমাজ জীৱনলৈ আগবঢ়োৱা বিশিষ্ট অবদানৰ বাবে সন্মানীয় ডি.লিট উপাধি প্ৰদান কৰাৰ লগতে বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী বঁটা প্ৰাপক উদ্ধৱ ভৰালীক ডি.এচ চি সন্মানেৰে সন্মানীত কৰিব বিশ্ববিদ্যালয়খনে । আনহাতে মুঠ 114 গৰাকীক পি এইচ ডি, 78 গৰাকী এম ফিল, 1598 গৰাকী স্নাতকোত্তৰ আৰু 8816 গৰাকীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হ'ব ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অষ্টাদশ সমাৱৰ্তন সমাৰোহৰ প্ৰস্তুতি

উল্লেখ্য যে, দেশৰ অন্যান্য বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত ডিগ্ৰী প্ৰাপকসকলে পৰিধান কৰা ইউৰোপীয়ান আৰ্হিৰ সাজ-পোছাকৰ পৰিবৰ্তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত সকলোৱে পৰিধান কৰিব অসমৰ বিভিন্ন জনগোষ্ঠীয় সমূহৰ পৰম্পৰাগত সাজ-পোছাক । সংবাদ মেলত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক সৰীশ চন্দ্ৰ মহন্ত, উপ পঞ্জীয়ক বিনোদ বড়াৰ লগতে অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে ।

A_Dib_15mrch_vice_president_of India_attend_University Convocation_jesim

Visual on mojo
 4 files on that particular slug

:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অষ্টাদশ সমাবৰ্তন সমাৰোহত উপস্থিত থাকিব দেশৰ উপ ৰাষ্ট্ৰপতি এম.ভেংকায়া নাইডু।উপ ৰাষ্ট্ৰপতিৰ উপস্থিতিত বিশিষ্ট কবি-সাহিত্যিক নীলমণি ফুকনক অসমীয়া সাহিত্য, শিক্ষা আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে সন্মানীয় ডি.লিট উপাধি প্ৰদান কৰা লগতে উদ্ভাৱক উদ্ভৱ ভৰালীক ডি এইচ চি উপাধি প্ৰদান কৰিব।
অহা ১৮মাৰ্চত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'ব লগা সমাৱৰ্তনত উপ ৰাষ্ট্ৰপতি লগতে অসমৰ ৰাজ্যপাল তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আচাৰ্য্য জগদীশ মুখী,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য উপস্থিত থাকিব।এই অষ্টাদশ সমাৱৰ্তন সমাৰোহত অসমৰ সাহিত্য জগতৰ বৰেণ্য ব্যক্তি, বিশিষ্ট কবি নীলমণি ফুকনক সাহিত্য, শিক্ষা আৰু সমাজ জীৱনলৈ আগবঢ়োৱা বিশিষ্ট অবদানৰ বাবে সন্মানীয় ডি.লিট উপাধি প্ৰদান কৰা লগতে বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী বঁটা প্ৰাপক উদ্ধৱ ভৰালীক ডি.এচ চি সন্মানেৰে সন্মানীত কৰিব।আনহাতে মুঠ ১১৪গৰাকীক পি এইচ ডি,৭৮গৰাকী এম ফিল, ১৫৯৮ গৰাকী স্নাতকোত্তৰ আৰু ৮৮১৬ গৰাকীক  ডিগ্ৰী সমূহ প্ৰদান কৰা হ'ব।উল্লেখযোগ্য যে, দেশৰ অন্যান্য বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত ডিগ্ৰী প্ৰাপ্ত সকলে পৰিধান কৰা ইউৰোপীয়ান আৰ্হিৰ সাজ-পোছাকৰ পৰিবৰ্তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত অসমৰ বিভিন্ন জনগোষ্ঠীয় সমুহৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিব সকলোৱে।বড়ো,মিছিং, কছাৰী,মৰাণ,মটক,টাই আহোম আদি জনগোষ্ঠীয় সাজ পৰিধানেৰে জনগোষ্ঠী সমুহৰ মাজত থকা অনৈক্যৰ মাজত ঐক্যক প্ৰতিফলিত কৰিব বুলি সংবাদমেলত পঞ্জীয়কে উল্লেখ কৰে।সংবাদ মেলত পঞ্জীয়ক সৰীশ চন্দ্ৰ মহন্ত,উপ পঞ্জীয়ক বিনোদ বড়া আদি উপস্থিত থাকে।

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.