মৰাণ, 29 আগষ্ট : মৰাণ সমষ্টিৰ হালধিবাৰী গাঁও পঞ্চায়তৰ এখন দলং। সমষ্টিটোৰ অতি গুৰুত্বপূৰ্ণ শেনছোৱা নাহৰণি পথৰ ওপৰত থকা এই দলংখন এতিয়া শেনছোৱা পুখুৰী, বৰদলনি, শিলপোতাকে ধৰি কুৰিখনৰো অধিক গাঁৱৰ ৰাইজৰ বাবে এতিয়া মৰণফান্দত পৰিণত হৈছে ।
দিখাৰী জানৰ ওপৰত নিৰ্মাণ কৰা দলঙখনৰ এফালৰ সন্মুখভাগ খহি যোৱাত এতিয়া ৰাইজে বিপদ সংকুলভাৱে যাতায়ত কৰিবলগীয়া হৈছে । স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি নিৰ্মাণৰ তিনিমাহৰ পিছতেই দলংখনৰ সন্মুখভাগ খহি পৰে ।
প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত মুঠ 9 কোটি টকাৰে নিৰ্মিত দলঙখনৰ নিৰ্মাণৰ বেলিকা ঠিকাদাৰে চূড়ান্ত অনিয়মৰ আশ্ৰয় লোৱা বুলি ৰাইজে অভিযোগ কৰিছে । ইফালে বিভাগীয় অভিযন্তা-বিষয়াৰ বিৰুদ্ধেও ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে ।
অসম চৰকাৰৰ গড়কাপ্তানী তথা লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এই দলঙখনৰ পুনঃনিৰ্মাণ কৰি ৰাইজক বিপদমুক্ত কৰিবলৈ এতিয়া কুৰিখন গাঁৱৰ ৰাইজে দাবী জনাইছে ।
লগতে পঢ়ক : 'ফ্ৰী লেন্সাৰ' আন্দোলনকাৰীক কেৰেপ নকৰে বিধায়ক জিতু গোস্বামীয়ে