ETV Bharat / city

আদালতত আত্মসমৰ্পণ মৰাণকাণ্ডৰ দুই অভিযুক্তৰ - মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া

ডিব্ৰুগড় আদালতত আত্মসমৰ্পণ মৰাণকাণ্ডৰ দুই অভিযুক্তৰ ৷ মৰাণ থানাৰ ভিতৰত ভৰাই আৰক্ষীৰ সৈতে লগ লাগি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগত অভিযুক্ত দুই যুৱক(Moran police station) ৷

Two accused of Moran case surrendered at Dibrugarh
মৰাণ কাণ্ডৰ দুই অভিযুক্ত
author img

By

Published : Oct 13, 2022, 10:45 PM IST

ডিব্ৰুগড়, 13 অক্টোবৰ: ডিমৌৰ ১০ জনকৈ যুৱকক মৰাণ থানাৰ ভিতৰত ভৰাই আৰক্ষীৰ সৈতে লগ লাগি গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগত অভিযুক্ত হোৱা দুই যুৱকে বৃহস্পতিবাৰে ডিব্ৰুগড় আদালতত আত্মসমৰ্পণ কৰে । যুৱকদ্বয় ক্ৰমে দুদুল লেখাৰু আৰু মানৱ হাজৰিকা বুলি জানিব পৰা গৈছে ৷ মৰাণ থানাৰ আৰক্ষী চক্ৰ পৰিদৰ্শকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি দুয়োজন অভিযুক্ত যুৱকৰ ওপৰত কেচ নং ১০১/২২ ধাৰা নং ৩৪১/৩৪২/৩২৩/৪২৭/৩৪ আই পি চি আৰোপ কৰা হৈছে ।

ইতিমধ্যে উক্ত ঘটনাটোৰ ওপৰত তদন্ত চলি আছে বুলি উল্লেখ কৰি ঘটনাটোত নাম সাঙোৰ খাই পৰা আৰক্ষী উপ পৰিদৰ্শক ভৱেন দত্তৰ ওপৰতো তদন্ত চলি থকা বুলি চক্ৰ পৰিদৰ্শকগৰাকীয়ে জানিবলৈ দিয়ে । উল্লেখযোগ্য যে, 7 অক্টোবৰত ডিমৌৰ 10 গৰাকী যুৱকে অৰুণাচল প্ৰদেশৰ পৰা ইভেণ্ট মেনেজমেণ্টৰ কাম শেষ কৰি ঘূৰি আহি মৰাণৰ পেচিফিকা ইন ধাবাত আহাৰ গ্ৰহণ কৰিবলৈ সোমায় (Youth allegedly molest OC wife) ৷ সেই একেখন ধাবাতে মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীয়ে (OC Bijay Daimary)পত্নীৰ সৈতে আহাৰ গ্ৰহণ কৰি আছিল ৷

যুৱকৰ দলটোৱে ধাবাতেই ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ পত্নীক অশ্লীল ইংগিত দিয়া বুলি অভিযোগ উত্থাপন হৈছিল ৷ সেই নিশাই ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে যুৱকৰ দলটোক আটক কৰে (Police detained youth gang) ৷ পত্নীক অশ্লীল ইংগিত দিয়াৰ খঙত অগ্নিশৰ্মা হৈ থকা আৰক্ষী বিষয়াগৰাকীয়ে থানাৰ ভিতৰতে যুৱকৰ দলটোক উলংগ কৰি গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ তুলিলে যুৱকৰ দলটোৱে (Moran OC brutally beaten youth gang) ৷

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ লগতে উপ-পৰিদৰ্শক ভৱেন দত্তসহ (SI Bhaben Dutta) দুই যুৱক ক্ৰমে দুদুল লেখাৰু আৰু মানৱ হাজৰিকাই(পিতি) ওৰে নিশা আটাইকে প্ৰহাৰ কৰাৰ অভিযোগ তোলে যুৱকৰ দলটোৱে ৷ ইয়াৰ পাছতেই ৰিজাৰ্ভ ক্ল'জ কৰা হৈছিল মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিজয় দৈমাৰীক (Moran police station OC reserve closed) ৷ আনহাতে আজি পুনৰ ৰিজাৰ্ভ ক্ল'জ কৰা হয় আৰক্ষী উপ-পৰিদৰ্শক ভৱেন দত্তক(Moran police station SI reserve closed) ৷

লগতে পঢ়ক: SI Moran PS reserve closed: মৰাণ থানাৰ এছ আই ভৱেন দত্ত ৰিজাৰ্ভ ক্ল'জ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.