ETV Bharat / city

মাংগলিক নীতি নিয়মেৰে মৰাণত কেন্দ্ৰীয় তৰা চিঙা বিহু উদযাপন

author img

By

Published : Mar 24, 2021, 7:31 AM IST

Updated : Mar 24, 2021, 1:54 PM IST

মাংগলিক নীতি নিয়মেৰে মৰাণত কেন্দ্ৰীয় তৰা চিঙা বিহু উদযাপন ৷ মাংগলিক অনুষ্ঠানৰ উদ্বোধনী কৰে মন্ত্ৰী যোগেন মহনে ৷

মাংগলিক নীতি নিয়মেৰে মৰাণত কেন্দ্ৰীয় তৰা চিঙা বিহু উদযাপন
মাংগলিক নীতি নিয়মেৰে মৰাণত কেন্দ্ৰীয় তৰা চিঙা বিহু উদযাপন

মৰাণ, 24 মাৰ্চ : নিবাৰ্চনৰ প্ৰাকক্ষণত মাংগলিক নীতি নিয়মেৰে উষাপুৰ মহিলা সমাজৰ উদ্যোগত আৰু মৰাণৰ দল-সংগঠন তথা মৰাণবাসী ৰাইজৰ সহযোগত মঙলবাৰে মৰাণৰ পৰিদৰ্শন ভৱনৰ প্ৰাংগণত কেন্দ্ৰীয় তৰা চিঙা বিহু উদযাপন কৰা হয় ৷

উদযাপন সমিতিৰ সভানেত্ৰী অঞ্জলী মহন চেতিয়াই পতাকা উত্তোলন কৰাৰ পাছতে টাই আহোমৰ ধৰ্মীয় নীতি নিয়মেৰে তৰা চিঙা বিহুৰ মাংগলিক কৰ্ম আৰম্ভ হয় ৷ বিহুৰ মাংগলিক কাৰ্য উদ্বোধন কৰে মন্ত্ৰী যোগেন মহনে ৷ ইয়াৰ পাছতে আৰম্ভ হয় তৰাগছ তুলিবলৈ দোলা যাত্ৰা ।

এই বিহুত কেইবাটাও সাংস্কৃতিক দলৰ অংশগ্ৰহনেৰে দোলা যাত্ৰা কৰি মৰাণ অঞ্চল পৰিভ্ৰমণ কৰে ৷ দোলা যাত্ৰাৰে তৰাগছ আনি আসনত স্থাপন কৰা হয় ৷ ইয়াৰ পিছতে এখন মুকলি সভা অনুষ্ঠিত হোৱাৰ লগতে সাংস্কৃতিক জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ৷ উল্লেখ্য যে, তৰা চিঙা বিহু ৰঙালী বিহুৰ মাতৃ স্বৰূপ ৷ এই বিহু আৰম্ভ কৰিছিল চাওলুং চ্যুকাফাই ৷

লগতে পঢ়ক : কংগ্ৰেছৰ 5 টা গেৰাণ্টিৰ বিপৰীতে বিজেপিৰ 10 টা সংকল্প

Last Updated : Mar 24, 2021, 1:54 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.