ETV Bharat / city

ক’ভিড-19 ৰ সংক্ৰমণক লৈ কঠোৰ টিংখাঙৰ প্ৰশাসন

টিংখাঙত মাস্ক নিপিন্ধা গ্ৰাহকক ব্যৱসায়ীয়ে দিব নোৱাৰিব সামগ্ৰী । মাস্ক নিপিন্ধা লোকক কঠোৰ সকীয়নি আৰক্ষী-প্ৰশাসনৰ । ৰাইজৰ মাজত মাস্ক বিলালে আৰক্ষী বিষয়াই ।

author img

By

Published : Apr 21, 2021, 7:28 PM IST

ক’ভিড-19 ৰ সংক্ৰমণক লৈ কঠোৰ টিংখাঙৰ প্ৰশাসন
ক’ভিড-19 ৰ সংক্ৰমণক লৈ কঠোৰ টিংখাঙৰ প্ৰশাসন

টিংখাং,21 এপ্ৰিল : টিংখাঙত মাস্ক নিপিন্ধা লোকৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন । মাস্ক পৰিধান নকৰা গ্ৰাহকৰ ওচৰত কোনো সামগ্ৰী বিক্ৰী নকৰিবলৈ ব্যৱসায়ীসকলৰ প্ৰতি আহ্বান জনায় প্ৰশাসনে ।

টিংখাঙৰ ব্যৱসায় বাণিজ্যৰ কেন্দ্ৰস্থল ৰাজগড়ত বুধবাৰে উপস্থিত হয় চক্ৰ বিষয়া ভাস্কৰজ্যোতি বৰা আৰু ৰাজগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মাইনা দাসৰ নেতৃত্বাধীন এটা আৰক্ষীৰ দল ৷ দলটোৱে ৰাজগড়ৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰৱেশ কৰি মাস্ক পিন্ধিবলৈ আহ্বান জনোৱাৰ লগতে মাস্ক নিপিন্ধাকৈ অহা গ্ৰাহকক সামগ্ৰী নিদিবলৈ দোকানীসকলক আহ্বান জনায় ।

ক’ভিড-19 সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি ৰাইজক সজাগ হৈ প্ৰশাসনৰ নীতি-নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনাই আৰক্ষীৰ দলটোৱে । অন্যথা আৰক্ষী প্ৰশাসন কঠোৰ হবলৈ বাধ্য হ’ব বুলি সকলো ব্যক্তিকে কঠোৰ সকীয়নি প্ৰদান কৰে । আৰক্ষী বিষয়া মাইনা দাসে ৰাইজৰ মাজত মাস্ক বিতৰণ কৰে । লগতে মাইকযোগে ক’ভিড-19 ৰ সংক্ৰমণৰ প্ৰতি সজাগ হ’বলৈ ৰাইজক আহ্বান জনায় ৷

লগতে পঢ়ক : ধন সময়মতে নিদিয়াক লৈ ক্ষোভিত বেংকৰ গ্ৰাহক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.